ভয়ংকৰ! নিজৰ গুপ্তাংগ কাটি এজনে অৰ্পন কৰিলে শিৱক, চাওক VIDEO

এক ভয়ংকৰ ঘটনা। এজনলোকে নিজৰ গুপ্তাংগ কাটি অৰ্পন কৰিলে ভগৱান শিৱক। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে লোকজন।

ভয়ংকৰ! নিজৰ গুপ্তাংগ কাটি এজনে অৰ্পন কৰিলে শিৱক, চাওক VIDEO

উত্তৰ প্ৰদেশৰ ঘটনা

Updated On: 

29 Jan 2025 | 03:45 PM

এটা ভয়ংকৰ ঘটনা, পুৱা শোৱাৰ পৰা উঠি নিত্যকৰ্ম কৰিবলৈ যোৱাৰ পৰিৱৰ্তে লোকজন গৈছিল মন্দিৰলৈ । লগত আছিল তেওঁৰ ১৫ বছৰীয়া পুত্ৰ । মন্দিৰত উপস্থিত হৈ তেওঁ সংঘটিত কৰিলে এক ভয়ংকৰ কাণ্ড । লোকজনে নিজৰ যৌনাংগ কাটি অৰ্পন কৰিলে ভগৱান শিৱক । এই ভয়ংকৰ ঘটনা পোহৰলৈ অহাৰ লগে লগেই গাঁওখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ লগে লগে স্থানীয় ৰাইজে মন্দিৰ প্ৰাংগনত উপস্থিত হয় হৰ হৰ মহাদেহ ধ্বনি দিয়ে। কিন্তু কিয় সেই লোকজনে কাটিলে নিজৰ যৌনাংগ ?

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ সীতাপুৰত। ঘটনাৰ বিৱৰণী অনুসৰি,  বিহাৰীলাল নামৰ ৫০ বছৰীয়া লোকজনে চোকা অস্ত্ৰৰে কাটি পেলায় নিজৰ গোপন অংগ । তাৰ পাছত তেওঁ নিজৰ পুত্ৰৰ হাতত সেই কটা অংগ তুলি দি মন্দিৰত অৰ্পণ কৰিবলৈ পঠায় । পিতৃৰ কথা মতেই কিশোৰটিয়ে জাগেশ্বৰ মহাদেৱ মন্দিৰত পুৰুষাংগ দান কৰে।

 

ইফালে পৰিয়ালৰ সদস্যই প্ৰত্যক্ষ কৰে যে তেজেৰে লুতুৰি পুতুৰি হৈ পৰি আছে বিহাৰীলাল। লগে লগে পৰিয়ালৰলোকৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় আৰু বিহাৰীলালক হাস্পাতাললৈ লৈ যায়। কিন্তু বিহাৰীলালে তেওঁক হাস্পাতাললৈ নিয়াৰ পৰিৱৰ্তে মন্দিৰলৈ নিয়াৰ কথা কয়। পৰৱৰ্তী সময়ত হাস্পাতালত ভৰ্তি কৰোৱা হয় বিহাৰীলালক। কিন্তু এই ঘটনাৰ পাছতে বিহাৰীলালৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু চিকিৎসকে পৰিয়ালক জনাই যে বিহাৰীলালে নিজৰ গুপ্তাংগ কাটি পেলাইছে।

বিহাৰীলালৰ পৰিয়ালৰ লোকে জনোৱা মতে, মানসিক স্থিতি সবল নহয় বিহাৰীলালৰ । ইয়াৰোপৰি তেওঁ বহু অন্ধবিশ্বাসী । কোনো অন্ধ বিশ্বাসৰ বলি হৈয়েই তেওঁ গুপ্তাংগ কাটি পেলোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰলোকে । বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বিহাৰীলাল ।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...