৮ মাহ পূৰ্বে হৈছিল পত্নীৰ মৃত্যু, ২ সন্তানৰ লগত নৃশংস কাণ্ড পিতৃৰ…

এক ভয়ংকৰ ঘটনা। পত্নীৰ মৃত্যুৰ পাছত দুখ সহ্য কৰিব নোৱাৰি চৰম পন্থা গ্ৰহণ কৰে এজন লোকে। লগতে সন্তানৰ লগত সংঘটিত কৰে জঘন্য কাণ্ড। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

৮ মাহ পূৰ্বে হৈছিল পত্নীৰ মৃত্যু, ২ সন্তানৰ লগত নৃশংস কাণ্ড পিতৃৰ...

উদয় আৰু সন্তান

Published: 

11 Apr 2025 12:57 PM

এক ভয়ংকৰ ঘটনা। য’ত এজন লোকে পত্নীৰ মৃত্যুৰ পাছত প্ৰথমে দুই সন্তানক হত্যা কৰে আৰু পাছত নিজে চৰম পন্থা গ্ৰহণ কৰে। মৃত্যুৰ পূৰ্বে লোকজনে ৭ পৃষ্ঠাৰ এখন চুইচাইড নোট লিখি থৈ যায়। ইয়াৰ লগতে তেওঁ দেৱালত পত্নীৰ নাম লিখে। এই ঘটনাই সৰ্বত্ৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ দাবণগেৰেৰ এছ পি এছ নগৰত। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

ঘটনাৰ বিৱৰণী অনুসৰি, ৩৫ বছৰীয়া উদয়ে প্ৰথমে নিজৰ ৪ বছৰীয়া কন্যা সিন্ধুশ্ৰী আৰু তিনি বছৰীয়া পুত্ৰ শ্ৰীজয়ক হত্যা কৰে। ইয়াৰ পাছতে নিজে আত্মহত্যা কৰে। জানিব পৰা মতে কেইমাহমান আগতে উদয়ৰ পত্নীৰ শাৰীৰিক অসুস্থতাৰ বাবে মৃত্যু হৈছিল। তাৰ পাছতে উদয় হতাশাত থাকিবলৈ লৈছিল আৰু দিনক দিনে তেওঁৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটিছিল। ইয়াৰ পাছতে ১০ এপ্ৰিলত তেওঁ নিজ সন্তানক হত্যা কৰি আত্মহত্যা কৰে। ইয়াৰ পূৰ্বে ৭ পৃষ্ঠাৰ চুইচাইড নোট এখন লিখি থৈ যায় উদয়ে।

কেৱল এয়াই নহয়, চৰম পন্থা বাছি লোৱাৰ আগতে উদয়ে দেৱালত তেজেৰে নিজৰ পত্নীৰ নাম লিখিছিল। লগতে লিখিছিল- মই তোমাক ভাল পাওঁ হেমা। উদয় হাবেৰী জিলাৰ ৰানেবেন্নুৰ তালুকৰ চালানাৰেৰ বাসিন্দা আছিল। হেমাও সেই অঞ্চলৰে আছিল। কিছু বছৰ পূৰ্বে দুয়োৰে মাজত প্ৰেম হৈছিল আৰু পাছত দুয়ো বিবাহ পাশত আৱদ্ধ হৈছিল। দুয়োৰে দুটিকৈ সন্তান আছিল। কিন্তু প্ৰায় ৮ মাহ পূৰ্বে হৃদৰোগত আক্ৰান্ত হৈ উদয়ৰ পত্নীয়ে মৃত্যুক সাৱতি লয়। ইয়াৰ পাছতে উদয় ডিপ্ৰেছনত ভুগে আৰু দিনক দিনে তেওঁৰ মানসিক অৱস্থাৰ অৱনতি ঘটিবলৈ ধৰে।

তেওঁ নিজৰ দুখৰ পৰা পৰিত্ৰাণ পোৱা নাছিল। যাৰ বাবে আত্মহত্যাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু তেওঁৰ মৃত্যুৰ পাছত সন্তান কেইটিৰ কি হব বুলি চিন্তাত পৰে তেওঁ।  এনেবোৰ কাৰণতে উদয়ে প্ৰথমে তেওঁৰ সন্তানক আৰু পাছত নিজে আত্মহত্যা কৰে। মৃত্যুৰ পূৰ্বে উদয়ে দেৱালত তেজেৰে পত্নীক আই লাভ ইউ লিখি থৈ যায়।  এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৃতদেহসমূহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছে চুইচাইড নোট। য’ত উদয়ে তেওঁৰ মৃত্যুৰ কাৰণ লিখি থৈ যায়। এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

ধনী হ'ব বিচাৰে নেকি? ঘৰৰ পৰা আজিয়ে আঁতৰ কৰক এই ৬ বিধ বস্তু...
পাত কচুৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি? জানিলে কেতিয়াও নকৰে উলাই
খালী পেটত ফল খালে হ'ব পাৰে এই সমস্যা, জানক...
এই ৬ বিধ খাদ্যই কম কৰে হৃদৰোগৰ সম্ভাৱনা, জানক...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা