প্ৰেম বিবাহ, জাতি বেলেগ! দৰাৰ ভাতৃৰ সৈতে ভয়ংকৰ কাণ্ড কইনাৰ পিতৃৰ, প্ৰথমে লৈ গ’ল জংঘললৈ আৰু পাছত…
এক নৃশংস হত্যাকাণ্ড! এগৰাকী যুৱতীয়ে পৰিয়ালৰ বিপক্ষে গৈ প্ৰেম বিবাহ কৰিছিল। যুৱকজন আছিল অন্য জাতিৰ, যাৰ বাবে ক্ষোভিত হৈ পৰিছিল পৰিয়ালৰ লোক। এনে অৱস্থাত যুৱতীগৰাকীৰ পিতৃয়ে সংঘটিত কৰে ভয়ংকৰ কাণ্ড।

প্ৰতীকী ফটো
বৰ্তমান আধুনিক যুগ! কিন্তু আজিৰ এই সময়তো একাংশই জাতি-ধৰ্মৰ নামত কিছুমান নৃশংস কাণ্ড সংঘটিত কৰে। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। কন্যাই অন্য জাতিৰ যুৱকৰ সৈতে বিয়া পতাৰ বাবে পিতৃয়ে জীৱন্তে জ্বলাই দিলে এজনক। জানিব পৰা মতে, ১২ নৱেম্বৰৰ সন্ধিয়া যুৱতীগৰাকীৰ পিতৃ আৰু ৫জনকৈ লোকে দৰাৰ ভায়েকক অপহৰণ কৰে। তাৰ পাছতে হাত-ভৰি বান্ধি জুই লগাই দিয়ে। এই ঘটনা সংঘটিত হৈছে তেলেংগানাৰ ৰঙাৰেড্ডী জিলাৰ ফাৰুকনগৰত।
ঘটনাৰ বিৱৰণী অনুসৰি, গাঁওখনৰ বাসিন্দা এৰ্যা মল্লেশ নামৰ লোকজনৰ চাৰিজন পুত্ৰ আৰু ২গৰাকী কন্যা সন্তান আছে। তেওঁৰ সৰু পুত্ৰ চন্দ্ৰশেখৰ দশম শ্ৰেণীলৈ অধ্যয়নৰত, যিয়ে অটোৰিক্সা চলায়। এই চন্দ্ৰশেখৰৰ একে গাঁৱৰ বাসিন্দা ভেংকটেশৰ কন্যা (১৯)ৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। যুৱতীগৰাকীয়ে এইবাৰ স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰিছিল। দুয়োৰে পৰিয়াল বেলেগ বেলেগ জাতিৰ আছিল, যাক লৈ প্ৰায়ে তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল।
ইয়াৰ মাজতে যোৱা ছেপ্টেম্বৰ মাহত যুৱক আৰু যুৱতীগৰাকী ঘৰ এৰি মইনাবাদ আৰক্ষী থানাৰ কাষ চাপে। ইফালে যুৱতীগৰাকীৰ পিতৃয়ে চন্দ্ৰশেখৰৰ বিৰুদ্ধে তেওঁৰ কন্যাক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ পাছতে আৰক্ষীয়ে দুয়োটা পৰিয়ালক থানালৈ মাতি আনে আৰু বুজাই পৰাই কন্যাক ঘৰলৈ ঘূৰাই পঠিয়ায়।
ইয়াৰ পাছত দুই যুৱক-যুৱতীয়ে পুনৰ ৫ নৱেম্বৰত বিবাহ পাশত আৱদ্ধ হয়। যুৱতীগৰাকীৰ পিতৃ ভেংকটেশে এই আন্তঃজাতীয় বিবাহ মানি ল’ব পৰা নাছিল। এই বিয়াত চন্দ্ৰশেখৰক তেওঁৰ ভাতৃ ৰাজশেখৰে সহায় কৰা বুলি জানিব পাৰে যুৱতীগৰাকীৰ পৰিয়ালে। ইয়াৰ পাছতে ভেংকটেশে আন ৫ জন লোকৰ সৈতে মিলি ৰাজশেখৰত হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচে।
কৰিছিল পৰিকল্পনা
পৰিকল্পনা অনুসৰি, ১২ নৱেম্বৰৰ সন্ধিয়া ৰাজশেখৰ কৰ্তব্যৰ পৰা উভতি অহাৰ পথত আটাইকেইজনে তেওঁক ৰখাই প্ৰহাৰ কৰে। ইয়াৰ ফলত ৰাজশেখৰ অচেতন হৈ পৰিছে। পাছত অভিযুক্তসকলে ৰাজশেখৰৰ হাত-ভৰি বান্ধি গাড়ী উঠাই ঘন জংঘলৰ মাজলৈ লৈ যায়। পাছত ৰাজশেখৰৰ ওপৰত ঘাঁহ-বন জাপি দি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই দিয়ে।
ঘৰলৈ বহু সময় ৰাজশেখৰ উভতি নহা দেখি পৰিয়ালৰ লোক চিন্তিত হয় আৰু পাছত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে তদন্ত কৰি ১৩ নৱেম্বৰত ৰাজশেখৰৰ জ্বলি যোৱা মৃতদেহ উদ্ধাৰ কৰে। এই সমগ্ৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আটাইকেইজন অভিযুক্ত বৰ্তমান পলাতক অৱস্থাত আছে। ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীৰ তদন্ত অব্যাহত আছে।
অন্য খবৰ পঢ়কঃ ৪ দিন আগত কৰিছিল মাৰপিট! পত্নীয়ে ঘৰৰ ভিতৰত আৱদ্ধ কৰিলে স্বামীক আৰু পাছত এক ভয়ংকৰ কাণ্ড…