মামা-ভাগিনৰ লুণ্ঠনে ৰাইজক দেখুৱালে ত্ৰিভুৱন, দুগুণ লাভৰ প্ৰলোভনেৰে লুটিলে কোটি কোটি টকা
বিনিয়োগৰ নামত সাধাৰণ মানুহৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰিছে মামা-ভাগিনে। অসংখ্য লোকৰ বাবে মামা-ভাগিনৰ এই যুটি এতিয়া হৈ পৰিছে চৰম বিপৰ্যয়ৰ কাৰণ। দুগুণ লাভৰ আশাত মামা-ভাগিনৰ প্ৰৱঞ্চনাৰ জালত সোমাই পৰিছে শতাধিক লোক।
অধিক লাভৰ লোভ দেখুৱাই প্ৰতাৰণাৰ জাল পেলোৱাৰ ঘটনা দেশত নতুন নহয়। এই ফান্দত ভৰি দি সৰ্বশ্ৰান্ত হোৱাৰ উদাহৰণো আছে অনেক। পিছে শেহতীয়াকৈ পোহৰলৈ অহা এনে এক কাণ্ডই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিনিয়োগৰ নামত সাধাৰণ মানুহৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰিছে মামা-ভাগিনে। অসংখ্য লোকৰ বাবে মামা-ভাগিনৰ এই যুটি এতিয়া হৈ পৰিছে চৰম বিপৰ্যয়ৰ কাৰণ। পোহৰলৈ অহা এই ঘটনা উত্তৰ প্ৰদেশৰ বৰেইলী জিলাৰ। দুগুণ লাভৰ আশাত মামা-ভাগিনৰ প্ৰৱঞ্চনাৰ জালত সোমাই পৰিছে শতাধিক লোক।
এই প্ৰৱঞ্চনাৰ জাল মেলিছে অমৰ জ্যোতি ৰোহিলখণ্ড নিধি লিমিটেড নামৰ এটা কোম্পানীয়ে। অভিযোগ অনুসৰি বদৌণত কোম্পানীটোৱে শ শ লোকৰ পৰা কোটি কোটি টকা লৈ পলায়ন কৰে। কোম্পানীটোৱে লগতে বৰেইলীতো মেলিছে এই প্ৰৱঞ্চনাৰ জাল। এতিয়া কষ্টোপাৰ্জিত ধন হেৰুৱাই ক্ষুব্ধ বিনিয়োগকাৰীসকলে কোম্পানীটোৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ গঢ়ি তুলিছে।
ঘটনাৰ মূল অভিযুক্ত সূৰ্যকান্ত মৌৰ্য আৰু তেওঁৰ ভাতৃ শশীকান্ত মৌৰ্য কেইবামাহো ধৰি পলাতক হৈ আছে। তেওঁলোকৰ সন্ধান দিওঁতালৈ ৫০ হাজাৰ টকাকৈ পুৰস্কাৰ ঘোষণা কৰিছে আৰক্ষীয়ে। ইফালে বাগ ব্ৰীগটানত বাস কৰা তেওঁলোকৰ ভাগিন অনুপ মৌৰ্যও এই গোচৰত সন্দেহৰ আৱৰ্তত আছে আৰু সম্প্ৰতি অনুপো কেইবামাহ ধৰি আত্মগোপন কৰি থকা বুলি জানিব পৰা গৈছে।
দেওবাৰে পলাতক অনুপ নিজৰ ঘৰত থকা বুলি খবৰ বিয়পি পৰে। এই কথা শুনি ক্ষুব্ধ বিনিয়োগকাৰীসকল লগে লগে অনুপৰ ঘৰত উপস্থিত হয় আৰু প্ৰাপ্য ধন বিচাৰি প্ৰতিবাদ কৰে। সমবেত এই লোকসকলে এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰা দেখি অনপৰ পৰিয়ালে ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি ঘৰত সোমাই থাকে। ইয়াৰ পিছতে উত্তেজিত লোকসকলে পোনে পোনে আৰক্ষী থানাত উপস্থিত হয়।
দুগুণ লাভৰ প্ৰতিশ্ৰুতিৰে প্ৰৱঞ্চনা
থানাত উপস্থিত হৈ উত্তেজিত লোকসকলে উল্লেখ কৰা মতে, অনুপে চুবুৰীয়ে চুবুৰীয়ে ঘূৰি মানুহক বিনিয়োগ কৰিবলৈ আহ্বান জনাইছিল আৰু দুগুণ লাভৰ প্ৰতিশ্ৰুতি দিছিল। এই সন্দৰ্ভত এজাহাৰ দাখিল কৰি এগৰাকী ভোক্তভোগীয়ে উল্লেখ কৰা মতে তেওঁৰ চুবুৰীৰ প্ৰায় ১৫০ জন লোকে অনুপৰ কথাত বিশ্বাস কৰি কোম্পানীটোত লাখ লাখ টকা জমা দিছে।
কিন্তু কোম্পানীটোৰ কৰ্মচাৰীসকল নিশাটোৰ ভিতৰতে সেইস্থানৰ পৰা পলায়ন কৰাত সকলোৰে মনত এতিয়া জমা ধনখিনি হেৰুৱাৰ শংকাই দেখা দিছে। ইফালে আন এজন বিনিয়োগকাৰীয়ে নিজৰ টকা ঘূৰাই বিচৰাত অনুপৰ পৰিয়ালে তেওঁক ভাবুকি দিয়া বুলি অভিযোগ কৰিছে। শেহতীয়াকৈ অনুপে সেই ধনেৰে ধন-সম্পত্তি গঢ়ি তোলাৰ লগতে এক কোটি টকাৰ বিলাসী ঘৰ সজা বুলিও অভিযোগ উত্থাপন হৈছে।
থানাত উপস্থিত অনুপ
পৰিস্থিতি ক্ৰমাৎ ভয়াৱহ হোৱা দেখি আৰক্ষীয়ে অনুপৰ ঘৰত উপস্থিত হৈ তেওঁক উত্তেজিত লোকৰ পৰা পৰা উদ্ধাৰ কৰি থানালৈ লৈ আহে। আৰক্ষীৰ আগত অনুপে উল্লেখ কৰা মতে তেওঁ কেৱল মোমায়েল সূৰ্যকান্ত আৰু শশীকান্তৰ বাবে ধন সংগ্ৰহ কৰিছিল আৰু কমিচন কৰ্তন কৰি বাকী থকা ধন তেওঁলোকক দিছিল। তেওঁ লগতে দুয়ো মোমায়েকে সমুদায় ধন লৈ পলায়ন কৰা বুলি উল্লেখ কৰে।
ঘটনা সন্দৰ্ভত এগৰাকী স্থানীয় এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে বদৌন আৰু বৰেইলীৰ বাৰাদাৰী থানা এলেকাত এই কোম্পানীটোৰ বিৰুদ্ধে ইতিমধ্যে ৰিপ’ৰ্ট দাখিল কৰা হৈছে। সমগ্ৰ বিষয়টোৰ ওপৰত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। দোষীক ৰেহাই দিয়া নহ’ব বুলিও আৰক্ষী বিষয়াগৰাকীয়ে লগতে আশ্বাস দিয়ে।