মুণ্ড লৈ গ’ল নিজৰ লগত! নিশাৰ অন্ধকাৰত ৩ সন্তানৰ পিতৃৰ সৈতে ভয়ংকৰ কাণ্ড…
এক ভয়ংকৰ ঘটনাই জোকাৰি গৈছে এটা অঞ্চল। ভতিজীৰ ঘৰলৈ ফুৰিবলৈ যোৱা যুৱকক অতি নৃশংসভাৱে হত্যা কৰা হয়। যুৱকজনৰ মূৰটো শৰীৰৰ পৰা পৃথক আছিল। অভিযুক্তৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

এক ভয়ংকৰ কাণ্ড
পুনৰ এক হত্যাকাণ্ডই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ভতিজীৰ ঘৰলৈ ফুৰিবলৈ যোৱা যুৱকৰ সৈতে নৃশংস হত্যাকাণ্ড সংঘটিত হয়। জানিব পৰা মতে, অভিযুক্তই প্ৰথমে যুৱকজনৰ ডিঙি কাটি শৰীৰৰ পৰা পৃথক কৰি দিয়ে আৰু পাছত মৃতদেহটো নলাত পেলাই দিয়ে। ইয়াৰ পাছত অভিযুক্তই মূৰটো নিজৰ লগত লৈ যায়। পৰৱৰ্তী দিনা স্থানীয় লোকে মৃতদেহটো দেখি আৰক্ষীক খবৰ দিয়ে। তথ্য় লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ৰায়বৰেলীত।
কেনেকৈ চিনাক্ত হ’ল
আৰক্ষীৰ যেতিয়া ঘটনাৰ তদন্ত আৰম্ভ কৰে তেতিয়া যুৱকজনৰ আধাৰকাৰ্ডখন লাভ কৰে। আধাৰকাৰ্ড অনুসৰি, যুৱকজন বেনি মাধৱৰ পুত্ৰ বিজয় বুলি চিনাক্ত হয়। তেওঁ প্ৰতাপগড়ৰ কোতবলী অঞ্চলৰ বাসিন্দা। পৰৱৰ্তী সময়ত আত্মীয়ইও যুৱকজনৰ চিনাক্ত কৰে।
মৃতকৰ ভতিজীয়ে আৰক্ষীক জনাই যে, তেওঁৰ মোমায়েক বুধবাৰ (৭ জানুৱাৰী)য়ে দুপৰীয়া ঘৰৰ পৰা ওলাইছিল। পাছত নিশা ১০.৩০ মান বজাত ফোন আহিছিল যে তেওঁ দেৱ শ্বৰীফৰ দৰগাহলৈ যাব। সেই ফোনৰ পাছত তেওঁৰ আৰু কোনো খবৰ নাছিল। ইয়াৰ মাজতে বৃহস্পতিবাৰে এই যুৱকজনৰ মৃতদেহ এটা নলাত উদ্ধাৰ হয়।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কয় যে, এটা নলাৰ পৰা বিজয়ৰ মৃতদেহ উদ্ধাৰ হৈছে। ইতিমধ্যে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে। বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ কাম চলি আছে। মৃতকৰ মূৰটোৰ সন্ধান চলাই থকা হৈছে। প্ৰাথমিক তদন্ত অনুসৰি, মৃতকে তান্ত্ৰিকৰ কাম কৰিছিল, গতিকে সেই দিশটোৰো তদন্ত চলি আছে। কোনে কি কাৰণে এই কাণ্ড সংঘটিত কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
জানিব পৰা মতে, প্ৰমাণ ধ্বসং কৰিবলৈ মৃতদেহটো ঘটনাস্থলীৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ দূৰলৈ টানি লৈ যায়। মৃতকৰ আছে পত্নী আৰু কনমানি ৩ সন্তান। এই কাণ্ডই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে অভিযুক্তক বিচাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
অন্য খবৰ পঢ়কঃ টেটুৰ দ্বাৰা চিনাক্ত! পুত্ৰ জন্মৰ এদিন পাছতে পিতৃৰ সৈতে ভয়ংকৰ কাণ্ড…