বন্ধ দুৱাৰ, গেছ লিক…প্ৰেমিকৰ সৈতে ভয়ংকৰ কাণ্ড ফৰেনছিকৰ ছাত্ৰীৰ, হতবাক আৰক্ষী…

UPSC ৰ প্ৰস্তুতি চলাই থকা এজন যুৱকৰ সৈতে সংঘটিত হয় ভয়ংকৰ কাণ্ড। প্ৰেমিকাই প্ৰাক্তন প্ৰেমিকৰ সৈতে মিলি অতি নৃশংসভাৱে হত্যা কৰে তেওঁক। এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বন্ধ দুৱাৰ, গেছ লিক...প্ৰেমিকৰ সৈতে ভয়ংকৰ কাণ্ড ফৰেনছিকৰ ছাত্ৰীৰ, হতবাক আৰক্ষী...

প্ৰেমিকৰ সৈতে ভয়ংকৰ কাণ্ড

Updated On: 

29 Oct 2025 | 03:50 PM

ইউ পি এছ চিৰ বাবে প্ৰস্তুতি চলাই থকা ৰামকেশ মীনাক অতি নৃশংসভাৱে হত্যা কৰে প্ৰেমিকা আৰু তেওঁৰ প্ৰাক্তন প্ৰেমিকে। এইগৰাকী প্ৰেমিকাৰ সৈতে ৰামকেশ লিভ ইনত আছিল। কিন্তু সেই প্ৰেমিকাই ৰামকেশৰ ডিঙি চেপি হত্যা কৰে আৰু পাছত প্ৰমাণ নষ্ট কৰিবলৈ ফ্লেটটো জুই লগাই দিয়ে। ৬ অক্টোবৰত দিল্লীৰ গান্ধী বিহাৰত এই ঘটনা সংঘটিত হৈছে।

ৰামকেশৰ হত্যাকাণ্ডৰ গোচৰৰ তদন্ত কৰি ফৰেনছিক বিশেষজ্ঞ আৰু আৰক্ষী আচৰিত হৈ পৰিছে। কিয়নো প্ৰথম অৱস্থাত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি অনুমান কৰা হৈছিল। কিন্তু যেতিয়া সত্য পোহৰলৈ আহে তেতিয়া আচৰিত হৈ পৰে সকলো। জানিব পৰা মতে, মৃতকৰ প্ৰেমিকাই দিল্লীত ফৰেনছিক অধ্যয়ন কৰি আছিল। যাৰ বাবে তেওঁ প্ৰমাণ নষ্ট কৰিব জানিছিল। ক্ৰাইম ছিৰিজ ভাল পাইছিল তেওঁ। যাৰ বাবে নিঁখুতভাৱে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ চেষ্টা কৰিছিল।

শুই থকা সময়ত হত্যা

তথ্য অনুসৰি ঘটনাৰ দিনা অমৃতা, সন্দীপ আৰু সুমিতে গান্ধী বিহাৰৰ এটা ফ্লেটৰ চতুৰ্থ মহলাত প্ৰৱেশ কৰে। সেই সময়ত শুই থকা ৰামকেশত অমৃতাই ডিঙি চেপি হত্যা কৰে। পাছত তেওঁলোকে ৰামকেশৰ শৰীৰত তেল আৰু মদ ঢালি জুই লগাই দিয়ে। তেওঁলোকে এই কাণ্ড গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱা বুলি দেখুৱাব বিচাৰিছিল। সন্দীপ গেছ চিলিণ্ডাৰ বিতৰক আছিল। গতিকে তেওঁ জানিছিল গেছ লিক হোৱাৰ পাছত বিস্ফোৰণ হ’বলৈ কিমান সময় লাগে। পাছত তেওঁলোকে গেছ লিক কৰি, ভেন্টিলেটৰেৰে ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি দিয়ে। কিছু সময় পাছত চিলিণ্ডাৰ বিস্ফোৰণ হয়।

এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। প্ৰথম অৱস্থাত আৰক্ষীয়ে হত্যাৰ কোনো প্ৰমাণ পোৱা নাছিল। কিন্তু ফৰেনছিকৰ দলৰ কিছু সন্দেহ কৰিছিল। পাছত আৰক্ষীয়ে তদন্ত কৰি চিচিটিভি ফুটেজ উদ্ধাৰ কৰে। য’ত তিনিজন লোক কোঠাৰ পৰা ওলাই যোৱাৰ দৃশ্য আৱদ্ধ হৈছিল। সন্দেহৰ ভিত্তিত আৰক্ষীয়ে প্ৰথমে অমৃতাক গ্ৰেপ্তাৰ কৰে আৰু পাছত সমগ্ৰ কাণ্ড পোহৰলৈ আহে।

কি আছে হাৰ্ড ডিস্কত

অমৃতাৰ পৰা আৰক্ষীয়ে হাৰ্ড ডিক্স, ট্ৰলী বেগ, মৃতকৰ কাপোৰ, মোবাইল ফোন আদি উদ্ধাৰ কৰিছে। সেই হাৰ্ড ডিক্সখনত অমৃতাৰ লগতে প্ৰায় ১৫ গৰাকী মহিলাৰ ব্যক্তিগত ভিডিঅ’ আছিল। অমৃতাৰ মতে, মৃত যুৱকজনে তেওঁক ব্লেকমেইল কৰি আছিল, যাৰ বাবে এই কাণ্ড সংঘটিত কৰে। যোৱা ১৮ অক্টোবৰত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

 

অন্য খবৰ পঢ়কঃ চৰ্চাত মৌন ৰায়ৰ ৰেষ্টুৰেন্ট! খাদ্যৰ দাম শুনি চকু কপালত উঠিব আপোনাৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব