ঘূৰাই বিচাৰিছিল সন্তানক! পিছে বামসীৰ সৈতে ভয়ংকৰ কাণ্ড পত্নীৰ পৰিয়ালৰ লোকৰ…
সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। এজন লোকক অতি নৃশংসভাৱে হত্যা কৰা হয়। জানিব পৰা মতে, লোকজনে নিজ সন্তানক আনিবলৈ শহুৰেকৰ ঘৰলৈ গৈছিল। তেতিয়াই ডাঙৰ কাণ্ড সংঘটিত হয়।

স্বামী-স্ত্ৰী
এটা সময়ত নাৰীৰ ওপৰত হোৱা অত্যাচাৰ সাধাৰণ কথা আছিল! কিন্তু আজিকালি পুৰুষৰ ওপৰতো সমানে অত্যাচাৰ চলে। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে য’ত এজন লোকক শহুৰেকৰ পৰিয়ালৰ লোকে অতি নৃশংসভাৱে হত্যা কৰে। জানিব পৰা মতে, লোকজনৰ পত্নীয়ে তেওঁৰ পৰা পৃথকে বাস কৰিছিল আৰু সন্তান কেইটাও পত্নীৰ লগতে আছিল। কিন্তু সন্তানক লগ কৰিবলৈ যাওঁতেই সংঘটিত হয় নৃশংস হত্যাকাণ্ডৰ ঘটনা।
এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম জিলাৰ চাংগুটুৰু মণ্ডলৰ বাণী নগৰত। মৃত লোকজন বামসী কুমাৰ বুলি চিনাক্ত হৈছে। তেওঁ হায়দৰাবাদত এৰ’নটিকেল ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিল। তথ্য অনুসৰি, ৬ বছৰ পূৰ্বে বামসীয়ে মহিলাগৰাকীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দুটা সন্তান আছে।
প্ৰথম অৱস্থাত সকলো ঠিকেই আছিল যদিও পাছলৈ তেওঁলোকৰ মাজত কাজিয়া আৰম্ভ হয়। পৰিস্থিতি ইমানেই বেয়া হয় যে মহিলাগৰাকী সন্তান দুটা লৈ প্ৰায় ৬ মাহ আগত মাকৰ ঘৰলৈ গুচি যায়। ইফালে বামসীয়ে সন্তান দুটাক নিজৰ লগত ৰাখিব বিচাৰিছিল। সেয়ে তেওঁ পত্নীৰ ঘৰলৈ যায়। কিন্তু তাতেই পত্নীৰ সৈতে তেওঁৰ কাজিয়া লাগে। যাৰ পৰিণতিত বামসীক শহুৰেকৰ পৰিয়ালৰ লোকে মৰিয়াই মৰিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে।
পৰৱৰ্তী সময়ত আহত অৱস্থাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু দেওবাৰে চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বামছীৰ পৰিয়ালে ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে। ইফালে ইতিমধ্যে বামছীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে। আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব পাৰে।
অন্য খবৰ পঢ়কঃ BCCI ৰ ডাঙৰ ঘোষণাঃ বিশ্ব চেম্পিয়ন ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে কিমান টকা লাভ কৰিব? জানক…