১০ বৰ্ষীয় শিশুৰ সৈতে একাধিকবাৰ জঘন্য কাণ্ড চুবুৰীয়া ৱালিদৰঃ কিদৰে পোহৰলৈ আহিল এই কাণ্ড…

মধ্য প্ৰদেশৰ জবলপুৰত এটি ১০ বছৰীয়া নিৰীহ শিশুক ধাৰাবাহিকভাৱে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী চুবুৰীয়া ব্যক্তিৰ বিৰুদ্ধে। অভিযোগ অনুসৰি যোৱা কেইবামাহো ধৰি ৱালিদ কুৰেছি নামৰ ব্যক্তিজনে শিশুটিক ধৰ্ষণ কৰি আহিছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ৱালিদক।

১০ বৰ্ষীয় শিশুৰ সৈতে একাধিকবাৰ জঘন্য কাণ্ড চুবুৰীয়া ৱালিদৰঃ কিদৰে পোহৰলৈ আহিল এই কাণ্ড...

অভিযুক্ত ৱালিদক গ্ৰেপ্তাৰ

Published: 

28 Sep 2024 | 09:48 PM

দেশত সংঘটিত ইটোৰ পিছত সিটোকৈ জঘন্য ধৰ্ষণ কাণ্ডই উদঙাই তুলিছে নাৰী সুৰক্ষাৰ ফোঁপোলা স্বৰূপ। বিগত কিছুদিনৰ ভিতৰত দেশৰ বিভিন্ন প্ৰান্তত শিশুৰ পৰা বৃদ্ধালৈকে দুৰ্বৃত্তৰ অসৎ কামনাৰ বলি হৈছে। এইবাৰ এনে এক জঘন্য কাণ্ড সংঘটিত হৈছে মধ্যপ্ৰদেশত। ৰাজ্যখনৰ জবলপুৰত এটি ১০ বছৰীয়া নিৰীহ শিশুক ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে। জবলপুৰৰ গোহালপুৰ থানা এলেকাৰ আহমেদ নগৰত এই ঘটনা সংঘটিত হৈছে। চুবুৰীয়া এগৰাকী ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত হৈছে শিশুটিক ধাৰাবাহিকভাৱে ধৰ্ষণ কৰাৰ অভিযোগ।

অভিযোগ অনুসৰি যোৱা কেইবামাহো ধৰি ৱালিদ কুৰেছি নামৰ ব্যক্তিজনে শিশুটিক ধৰ্ষণ কৰি আহিছে। শিশুটিৰ ঘৰৰ সমীপতে ৱালিদৰ এখন মাংসৰ দোকান আছে। নিৰীহ শিশুটি প্ৰতিদিনে দোকানখনৰ সমুখেৰে পাৰ হৈ যোৱাৰ সুজোগ লৈ ৱালিদে শিশুটিক প্ৰলোভিত কৰি নিজৰ দোকানলৈ মাতি নিয়ে আৰু দোকানৰ ভিতৰত শিশুটিৰ ওপৰত নিজৰ অসৎ চৰিতাৰ্থ পূৰণ কৰিছিল।

এই সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধাৰাবাহিকভাৱে এনে জঘন্য আতিশয্যৰ বলি হোৱা শিশুটিয়ে বিগত কেইবাদিনো ধৰি অত্যন্ত কষ্টৰে দিন পাৰ কৰিবলগীয়া হৈছিল। তদুপৰি অভিযুক্ত ৱালিদে এই সমগ্ৰ কাণ্ডৰ বিষয়ে কোনো লোকৰ আগত প্ৰকাশ নকৰিবলৈ শিশুটিক ভাবুকি দিয়াৰ বাবে ভীতিগ্ৰস্ত হৈ পৰিছিল শিশুটি। অৱশেষত কালি সাহস গোটাই পিতৃ-মাতৃক ৱালিদৰ এই জঘন্য কাণ্ডৰ বিষয়ে অৱগত কৰে।

সন্তানৰ মুখত এনে জঘন্য ঘটনাৰ বিষয়ে শুনি স্তম্ভিত হৈ পৰে পিতৃ-মাতৃ। ইয়াৰ পিছতে তেওঁলোকে নিজ সন্তানক লগত লৈ স্থানীয় গোহালপুৰ আৰক্ষী থানাত উপস্থিত হয় আৰু অভিযুক্ত ৱালিদ কুৰেছিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। পৰিয়ালটোৰ এই অভিযোগৰ পিছতে আৰক্ষীয়ে শিশুটিৰ চিকিৎসা পৰীক্ষা সম্পন্ন কৰাৰ লগতে অভিযুক্ত বালিদ কুৰেছিক গ্ৰেপ্তাৰ কৰে।

ভুক্তভোগী শিশুটিয়ে আৰক্ষীক জানিবলৈ দিয়া মতে, তেওঁ প্ৰতিদিনে স্কুললৈ যোৱাৰ সময়ত ৱালিদৰ দোকানৰ সমুখেৰে পাৰ হৈ যায় আৰু সেই সময়তে ৱালিদে প্ৰায়ে শিশুটিক প্ৰলোভিত কৰি দোকানৰ ভিতৰলৈ লৈ যায়। তাৰ পিছত দোকানৰ ভিতৰতে ৱালিদে তেওঁক এনে জঘন্য আতিশয্য চলায় বুলি শিশুটিয়ে অভিযোগ কৰে। তদুপৰি এই বিষয়ত মুখ বন্ধ কৰি ৰাখিবলৈ ৱালিদে বাধ্য কৰা কৰা বুলি জানিবলৈ দিয়ে শিশুটিয়ে।

শুকুৰবাৰে সন্ধিয়াও ৱালিদে শিশুটিক এইদৰে দোকানৰ ভিতৰলৈ মাতে। কিন্তু শিশুটিয়ে ৱালিদৰ কথা মানিবলৈ অস্বীকাৰ কৰাত অভিযুক্ত ৱালিদে শিশুটিক বলপূৰ্বকভাৱে দোকানৰ ভিতৰলৈ টানি নিয়ে আৰু উপৰ্যুপৰি ধৰ্ষণ কৰে। ইয়াৰ পিছতে এই জঘন্য অত্যাচাৰ সহিব নোৱাৰি শিশুটিয়ে ঘৰত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বিষয়ে পিতৃ-মাতৃক জনায়।

ইফালে পৰিয়ালটোৰ অভিযোগৰ পিছতে স্থানীয় এগৰাকী আৰক্ষী বিষয়াই সমগ্ৰ বিষয়টো গুৰুত্বসহকাৰে লৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি ৱালিদ কুৰেছিক গ্ৰেপ্তাৰ কৰে বুলি জানিবলৈ দিছে। ধৰ্ষণ আৰু শিশু যৌন নিৰ্যাতন সম্পৰ্কীয় বিধানকে ধৰি ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও গুৰুতৰ ধাৰাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াজনে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...