এবাৰ দুবাৰ নহয়, ২৫ বাৰকৈ নাম সলনি কৰি বিয়া পাতিলে ফিৰোজে, লক্ষ্য মাত্ৰ এটাই…

এই ব্যক্তিজনৰ প্ৰকৃত নাম ফিৰোজ শেইখ। কিন্তু আনোৱাৰ, ৰেহমান, ৰহিম, সুৰেশ বা ৰমেশ আদি বহুতো নামেৰে তেওঁক জনা যায়। বিভিন্ন সময়ত তেওঁ নাম সলনি কৰি যুৱতীক বিয়া পাতে

এবাৰ দুবাৰ নহয়, ২৫ বাৰকৈ নাম সলনি কৰি বিয়া পাতিলে ফিৰোজে, লক্ষ্য মাত্ৰ এটাই...

ফিৰোজ

Published: 

29 Jul 2024 10:01 AM

এবাৰ- দুবাৰ নহয়, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ২৫ বাৰকৈ বিবাহ- পাশত আৱদ্ধ হোৱা এজন ব্যক্তিক। কিন্তু এই বিয়া মাত্ৰ কেইদিনমানৰ বাবেহে  কৰে অভিযুক্তই । বিয়াৰ পাছত দৰাই কইনাৰ সকলো আ- অলংকৰা, টকা- পইচা আদি লৈ উধাও হয়। ইয়াৰ বাবে ইতিমধ্যে অভিযুক্তই ৬ বাৰকৈ জেললৈও যাবলগীয়া হৈছে। তথাপিও তেওঁ ঠিক নহ’ল। জেলৰ পৰা ওলোৱাৰ পাছত তেওঁ চহৰ সলনি কৰে আৰু নতুন যুৱতীক বিয়া কৰে। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পালঘৰত। নালাচোপোৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লোকজনক।

এই ব্যক্তিজনৰ প্ৰকৃত নাম ফিৰোজ শেইখ। কিন্তু আনোৱাৰ, ৰেহমান, ৰহিম, সুৰেশ বা ৰমেশ আদি বহুতো নামেৰে তেওঁক জনা যায়। বিভিন্ন সময়ত তেওঁ নাম সলনি কৰি যুৱতীক বিয়া পাতে। ফিৰোজে এতিয়ালৈকে ২৫ গৰাকীকৈ মহিলাক বিয়া পাতিছে। তেওঁৰ উদ্দেশ্য আছিল মাত্ৰ এটাই, সেয়া হল- বিয়াৰ পাছত লুট- পাত কৰি পলাই যোৱা।  ফিৰোজে যাক বিয়া পাতিছিল সেইবোৰৰ বেছিভাগেই বিধৱা বা বিবাব- বিচ্ছেদ হোৱা।

আৰক্ষীৰ মতে, অভিযুক্ত ফিৰোজে বৈবাহিক ৱেবছাইট Shaadi.com ত কেইবাটাও প্ৰফাইল খুলি ৰাখিছে। ইয়াৰ জৰিয়তে তেওঁ বিধৱা, বিবাহ- বিচ্ছেদ হোৱা বা বেছি বয়স হোৱা যুৱতীৰ লগত সংযোগ স্থাপন কৰিছিল। প্ৰথমে বন্ধুত্ব, পাছত প্ৰেম আৰু পাছত বিবাহ কৰাই ফিৰোজ শেইখে। বিয়া পতাৰ কেইদিনমান ভালদৰে কটাই ফিৰোজে, কিন্তু তাৰ পাছতে পৰিকল্পনা অনুসৰি সোণৰ আ- অলংকাৰ, টকা- পইচা আদি সকলো লৈ উধাও হয়।

বহু মহিলাই ফিৰোজৰ বিৰুদ্ধে কোনো গোচৰ ৰুজুও নকৰে। সন্মান বা লাজৰ বাবে তেওঁলোকে আৰক্ষীৰ ওচৰত যাব নিবিচাৰে।কিন্তু ফিৰোজৰ প্ৰতাৰণাত বলি হোৱা এগৰাকী মহিলাই নলাসোপাৰাত গোচৰ ৰুজু কৰে। এই মহিলাগৰাকীৰ লগতো তেওঁ একে কামেই সংঘটিত কৰিছিল।

অভিযুক্তক আটক কৰিবলৈ আৰক্ষীয়ে এক পৰিকল্পনা প্ৰস্তুত কৰে। সেই অনুসৰি আৰক্ষীয়ে ছোৱালীৰ নামত ভুৱা একাউন্ট খুলি ফিৰোজৰ সৈতে যোগাযোগ স্থাপন কৰে। আৰক্ষীৰ এই  পৰিকল্পনা সফল হয় আৰু জালত পৰে ফিৰোজ।  তাৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ফিৰোজক। ইতিমধ্যে অভিযুক্তই সকলো কথা স্বীকাৰ কৰিছে।

আৰক্ষীয়ে ফিৰোজৰ পৰা  প্ৰায় ৩ লাখ টকা নগদ ধন, যুৱতীৰ এটিএম, পাছবুক আদি সামগ্ৰী জব্দ কৰিছে। আৰক্ষীৰ মতে ফিৰোদে কেৱল মহাৰাষ্ট্ৰতে নহয় আন ৰাজ্যতো একেধৰণ ঘটনা সংঘটিত কৰিছে। পালঘৰ আৰক্ষীয়ে সকলো মহিলাক আহ্বান জনাইছে যে যদি shaadi.com ৰ দৰে চাইটত এনে ব্যক্তিক পায় তেন্তে প্ৰথমে ব্যক্তি আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে জানিবলৈ চেষ্টা কৰক। যদি কিবা সন্দেহ ওপজে তেন্তে আৰক্ষীক যোগাযোগ কৰক।

দেহৰ গাঁঠিৰ বিষৰ সমস্যাত সকাহ দিব পাৰে এই ৭বিধ খাদ্যই, চাই লওক এতিয়াই
শক্তিশালী হ'বলৈ খাওক নহৰু, দুই ফুটা নহৰুৱে দূৰ কৰিব সকলো সমস্যা!
বয়সৰ চাপ হ্ৰাস কৰে ফুলকবিয়ে! জানক কি কি ৰোগৰ বাবে উপকাৰী এইবিধ পাচলি
মগজুৰ বাবে অতি উপকাৰী এইসমূহ শাক-পাচলি, বৃদ্ধি পাব স্মৃতিশক্তি-একাগ্ৰতা
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...