যুৱতীৰ সৈতে জঘন্য কাণ্ড! মমতা বেনাৰ্জীয়ে ক’লে, মহিলাসকল নিশা বাহিৰলৈ ওলাব নালাগে আৰু…
পশ্চিম বংগত দুৰ্গাপুৰত এগৰাকী ছাত্ৰীৰ সৈতে জঘন্য ঘটনা সংঘটিত হয়। যাক লৈ ৰাজ্যখনৰ ৰাজনীতি উত্তপ্ত হৈ আছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়াৰ বিপৰীতে আজৱ মন্তব্য কৰিছে।

মমতা বেনাৰ্জী
পশ্চিম বংগত যেন সুৰক্ষিত নহয় নাৰী! শেহতীয়াকৈ পোহৰলৈ অহা কিছুমান ঘটনাৰ পাছত এই কথাখিনিয়ে যেন বহুতৰ মনত পাকঘূৰণি খাই ফুৰিছে। ৰাজ্যখনৰ দুৰ্গাপুৰত চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ সৈতে দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হয়। যাৰ বাবে এতিয়া ৰাজ্যখনৰ ৰাজনীতি উত্তাল হৈ আছে। ইয়াৰ মাজতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিতৰ্কমূলক মন্তব্য কৰে।
তেওঁ কয় যে, এই ঘটনা সঁচাকৈ ভয়ংকৰ। মই জনাত যুৱতীগৰাকী ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰী। এই ঘটনা বনাঞ্চলত সংঘটিত হৈছে। গতিকে দায়ী কোন? তেওঁ নিশা ১২.৩০ বজাত কেনেকৈ কেম্পাছৰ পৰা ওলাই বনাঞ্চললৈ যায়। এই ক্ষেত্ৰত সংশ্লিষ্ট ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়খনে ব্যৱস্থা ল’ব লাগে। বিশেষকৈ মহিলা নিশা বেছিকৈ বাহিৰত থাকিব নালাগে। তেওঁলোকে নিজৰ সুৰক্ষা নিশ্চিত কৰা প্ৰয়োজন। ইয়াৰ পাছতে তেওঁ ঘটনা সন্দৰ্ভত আৰক্ষীক কঠোৰ তদন্ত কৰিবলৈ কয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে, যুৱতীসকলক নিশা (মহাবিদ্যালয়ৰ পৰা) বাহিৰলৈ ওলাই যাবলৈ দিয়া ঠিক নহয়। তেওঁলোকে নিজক ৰক্ষা কৰিব লাগিব। তেওঁলোকে নিজৰ সুৰক্ষা কৰিব লাগিব। এয়া বনাঞ্চল ক্ষেত্ৰ। আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। কাকো এৰি দিয়া নহয়। দোষীক উপযুক্ত শাস্তি দিয়া হ’ব। তিনিজন ইতিমধ্যেই গ্ৰেপ্তাৰ হৈছে বুলি কয় বেনাৰ্জীয়ে।
#WATCH | Kolkata, WB: On the alleged gangrape of an MBBS student in Durgapur, CM Mamata Banerjee says, "This is a private college. Three weeks ago, three girls were raped on the beach in Odisha. What action is being taken by the Odisha government?… The girl was studying in a… pic.twitter.com/ugQrQwNeW7
— ANI (@ANI) October 12, 2025
ইয়াৰ পাছতে মমতা বেনাৰ্জীয়ে কয় যে, এইখন এখন ব্যক্তিগত মহাবিদ্যালয়ৰ ঘটনা। তিনি সপ্তাহ পূৰ্বে ওড়িশাত তিনিগৰাকী যুৱতীৰ ধৰ্ষণ হৈছিল। ওড়িশা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে? তেওঁ কয় যে, আন ৰাজ্যত হোৱা এনে কামসমূহো নিন্দনীয়। মণিপুৰ, উত্তৰ প্ৰদেশ, বিহাৰ, ওড়িশা আদিতো এনে ঘটনা সংঘটিত হয়। গতিকে তাৰ চৰকাৰেও ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
অন্য খবৰ পঢ়কঃ দুই সন্তানৰ পিতৃয়ে কোঠালৈ মাতি নিলে ১৫ বছৰীয়া কিশোৰীক! পাছত এক ভয়ংকৰ কাণ্ড…