মালেগাঁও বিস্ফোৰণ কাণ্ড! প্ৰমাণৰ অভাৱত সাধৱী প্ৰজ্ঞাসহ আটাইকেইজন অভিযুক্তক দোষমুক্ত ঘোষণা আদালতৰ…
মালেগাঁও কাণ্ডত ৰায়দান দিলে নিয়া আদালতে। প্ৰায় ১৭ বছৰ পাছত দোষমুক্ত ঘোষণা হ'ল সাধৱী প্ৰজ্ঞা আৰু আন অভিযুক্ত। এই ঘটনা মালেগাঁৱত হোৱা বোমা বিস্ফোৰণৰ লগত জড়িত।

মালেগাঁও কাণ্ড
প্ৰায় ১৭ বছৰ পূৰ্বে মহাৰাষ্ট্ৰৰ মালেগাঁৱত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাৰ ৰায়দান আদালতৰ। NIA ৰ বিশেষ আদালতে ৰায়দান কৰি আটাইকেইজন অভিযুক্তক দোষমুক্ত ঘোষণা কৰে। ভোপাল বিজেপিৰ প্ৰাক্তন সাংসদ সাধৱী প্ৰজ্ঞা আছিল এই গোচৰৰ মূল অভিযুক্ত। কিন্তু এন আই য়ে সকলো অভিযোগ প্ৰমাণ কৰাত ব্যৰ্থ হয়, যাৰ বাবে তেওঁ আদালতে দোষমুক্ত ঘোষণা কৰে। এই বিস্ফোৰণৰ ঘটনা ২০০৮ চনৰ ২৯ ছেপ্টেম্বৰত সংঘটিত হৈছিল।
ইয়াৰ লগতে আদালতে ভুক্তভোগী পৰিয়ালক ২ লাখ টকা ক্ষতিপূৰণৰ নিৰ্দেশ দিয়ে। লগতে কয় যে, সন্ত্ৰাসবাদৰ কোনো ধৰ্ম বা ৰং নাই। মালেগাঁৱত বোমা বিস্ফোৰণ হোৱা বুলি প্ৰমাণিত হৈছে যদিও বাইক এখনত যে বোমাটে সংৰোপন কৰা হৈছিল সেয়া প্ৰমাণত ব্যৰ্থ হয়। যাৰ বাবে আটাইকেজন দোষমুক্ত ঘোষণা হয়।
এই ঘটনাত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০ জনৰো অধিক লোক আহত হয়। সমগ্ৰ গোচৰটোৰ প্ৰাৰম্ভিক তদন্ত মহাৰাষ্ট্ৰ এ টি এছে কৰিছিল। কিন্তু ২০১১ চনত এন আই এক গোচৰটো গতাই দিয়া হৈছিল, প্ৰায় ৫ বছৰৰ তদন্তৰ অন্তত ২০১৬ চনত এন আই এয়ে অভিযোগনামা দাখিল কৰিছিল।
অভিযুক্ত কোন আছিল
মালেগাঁঁও বিস্ফোৰণৰ গোচৰত NIA-এ মুঠ ৭জন লোকক অভিযুক্ত কৰি তুলিছিল। এই ঘটনাৰ মূল অভিযুক্ত আছিল বিজেপিৰ প্ৰাক্তন সাংসদ সাধৱী প্ৰজ্ঞা। ইয়াৰ লগতে এই গোচৰত অভিযুক্ত আছিল কৰ্ণেল প্ৰসাদ পুৰোহিত, ৰমেশ উপাধ্যায়, অজয় ৰাহিলকাৰ, সুধাকৰ চতুৰ্বেদী, সমীৰ কুলকাৰ্ণী আৰু সুধাকৰ্ধৰ দ্বিবেদী। কিন্তু এই অভিযুক্তকেইজনৰ বিৰুদ্ধে এ আই এ কোনো প্ৰমাণ দাখিল কৰিব নোৱাৰিলে, যাৰ বাবে আটাইকে মুকলি কৰি দিয়া হয়।
মূল অভিযুক্ত
ভোপালৰ প্ৰাক্তন সাংসদ সাধৱী প্ৰজ্ঞা ঠাকুৰ মালেগাওঁ বিস্ফোৰণ গোচৰৰ মূল অভিযুক্ত আছিল। অভিযোগ অনুসৰি, তেওঁ সমগ্ৰ বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল। ২০১৭ চনৰ এপ্ৰিল মাহত বম্বে উচ্চ ন্যায়ালয়ে এই বিস্ফোৰণৰ সাতজন অভিযুক্তৰ জামিন মঞ্জুৰ কৰিছিল। ৫ লাখ টকাৰ ব্যক্তিগত বণ্ডত প্ৰজ্ঞাক জামিন মঞ্জুৰ কৰিছিল আদালতে। এই সমগ্ৰ গোচৰত প্ৰায় ৮ বছৰ কাৰাগাৰত থাকিব লগা হৈছিল ভোপালৰ প্ৰাক্তন সাংসদগৰাকী। এতিয়া ১৭ বছৰৰ পাছত তেওঁ দোষমুক্ত ঘোষণা হ’ল।
ঘটনাটো কি আছিল
মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ মালেগাঁৱত প্ৰায় ১৭ বছৰ পূৰ্বে ২০০৮ চনৰ ২৯ ছেপ্টেম্বৰত এক বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল।এই বিস্ফোৰণত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছিল ১০০ ৰো অধিক। ৰমজানৰ নামাজ পঢ়িবলৈ যোৱাৰ সময়ত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল।
প্ৰথম অৱস্থাত এই গোচৰৰ তদন্ত আৰক্ষীয়ে আৰু পাছত এ টি এছে কৰিছিল। সেই সময়ত পোহৰলৈ আহিছিল যে এল এম এল ফ্ৰিডম (MH15P4572) নম্বৰৰ এখন বাইকত এই বিস্ফোৰণ সংঘটিত হৈছে। কিন্তু বাইকখনত পোৱা নম্বৰটো ভুল আছিল। লগতে চেছিছ নম্বৰ আৰু ইঞ্জিন নম্বৰো নাছিল।
গোচৰৰ তদন্ত কৰি থাকোতে FSL য়ে জানিব পাৰে যে এই বাহনখন সাধৱী প্ৰজ্ঞা ঠাকুৰৰ নামত আছিল। ঘটনাৰ এমাহৰ পাছতে প্ৰজ্ঞাৰ লগতে আন ২জনক গ্ৰেপ্তাৰ কৰা হয়। পৰৱৰ্তী সময়ত প্ৰজ্ঞাক মূল অভিযুক্ত হিচাপে লৈ বাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
এই গোচৰৰ তদন্ত আৰক্ষী, এটিএছ আৰু পাছত নিয়াই কৰে। এই সময়চোৱাত বিভিন্নজনে সাক্ষী প্ৰদান কৰিছিল যদিও ৩৫ জনে আদালতত নিজৰ ভাষ্য সলনি কৰিছিল। একাংশই অভিযোগ কৰিছিল যে তেওঁলোকক ভাবুকি দিয়া হৈছে। প্ৰায় ১৭ বছৰ হ’ল, কিন্তু নিয়াই এই গোচৰৰ উচিত প্ৰমাণ আনি দিব নোৱাৰিলে। যাৰ বাবে আটাইকেইজন অভিযুক্ত দোষমুক্ত ঘোষণা হয়।
অন্য খবৰ পঢ়কঃ দত্তক লোৱা পুত্ৰৰ জঘন্য কাণ্ড! ৰুগীয়া ৮০ ৰো উৰ্ধৰ মাতৃক পেলাই থৈ গল ৰাস্তাত, বিষত ছটফটাই সাৱতিলে মৃত্যুক…