মুম্বাইত চলন্ত ৰে’লৰ পৰা পৰি ৮ গৰাকীকৈ যাত্ৰীৰ মৃত্যু, কেইবাজনো আহত…
মহাৰাষ্ট্ৰৰ থানেত এখন স্থানীয় ৰে’লত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত স্থানীয় ৰে'লৰ পৰা পৰি ৮ জন যাত্ৰীৰ মৃত্যু হয়। ঘটনাস্থলীত উপস্থিত হৈছে ৰে'ল প্ৰশাসন আৰু আৰক্ষী। আৰম্ভ কৰা হৈছে দুৰ্ঘটনাটোৰ তদন্ত । এই দুৰ্ঘটনাটোৱে ক্ষতিগ্ৰস্ত কৰিছে মুম্বাইৰ স্থানীয় ৰে’ল সেৱা।

মুম্বাইত ৰে'লৰ পৰা পৰি ৮ গৰাকীকৈ যাত্ৰীৰ মৃত্যু
এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনাই জোঁকাৰি গৈছে মুম্বাই চহৰ। মহাৰাষ্ট্ৰৰ থানেত স্থানীয় ৰে’লৰ পৰা পৰি মৃত্যু হয় ৮ জন যাত্ৰীৰ। একে সময়তে এজনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। আজি পুৱা ৯ বজাত দিভা আৰু মুম্ব্ৰা ষ্টেচনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা। ৰে’লখনত অতিমাত্ৰা ভিৰ হোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। সেই সময়ত ট্ৰেইনত ভৰি দিবলৈও ঠাই নাছিল।
দুৱাৰত ওলমি বিপজ্জনকভাৱে যাত্ৰা কৰিছিল যাত্ৰীসকলে। এই সময়তে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাস্থলীত উপস্থিত হৈছে ৰে’ল প্ৰশাসন আৰু আৰক্ষী। আৰম্ভ কৰা হৈছে দুৰ্ঘটনাটোৰ তদন্ত । দুৰ্ঘটনাটোৰ বিষয়ে তথ্য প্ৰদান কৰি কেন্দ্ৰীয় ৰে’লৱে কয়, থানেৰ মুম্ব্ৰা ৰেলৱে ষ্টেচনত চি এছ এম টি অভিমুখে যোৱা ৰে’লৰ পৰা একাংশ যাত্ৰী পৰি যায়। দুৰ্ঘটনাটোৰ কাৰণ ৰে’লখনত অত্যধিক ভিৰৰ বাবে হোৱা বুলি সন্দেহ কৰা হৈছে। সেই স্থানত উপস্থিত হৈ দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ৰে’লৱে প্ৰশাসন আৰু আৰক্ষীয়ে।
কেন্দ্ৰীয় ৰে ‘লৱেই জনোৱা মতে, ইতিমধ্যে দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ হৈছে। এই ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে স্থানীয় ৰে ‘ল সেৱাসূমহ। একে সময়তে কেন্দ্ৰীয় ৰে’লৱেৰ চিপিআৰঅ’ স্বপ্নিল ধনৰাজ নীলাই কয়, “কাছাৰালৈ যোৱা স্থানীয় ৰে’লৰ গাৰ্ডে প্ৰথমে দিয়া তথ্য অনুসৰি ডাউন থ্ৰু ট্ৰেকত ছয়জন যাত্ৰী পৰি আছিল, কিন্তু এম্বুলেন্সখন সেই স্থানত উপস্থিত হোৱাৰ লগে লগে আমি গম পালোঁ যে আঠজন যাত্ৰী আছে।”
এই দুৰ্ঘটনাটোৱে মুম্বাইৰ স্থানীয় ৰে’লৰ সেৱাতো প্ৰভাৱ পেলাইছে। কোৱা হৈছে যে কাছাৰালৈ যোৱা স্থানীয় আৰু পুষ্পক এক্সপ্ৰেছ তেতিয়াই পাৰ হৈ গৈছিল। এই এক্সপ্ৰেছৰ পৰাও কিছু যাত্ৰী পৰি গৈছে। আনহাতে, শিৱসেনা শিণ্ডে গোটৰ সাংসদ নৰেশ ম্হাস্কে কয়, “এই ঘটনা কেনেকৈ সংঘটিত হৈছিল আৰু ইয়াৰ কাৰণ কি আছিল সেই বিষয়ে জানিবলৈ তদন্ত অব্যাহত আছে। এইটো এটা অতি দুৰ্ভাগ্যজনক ঘটনা। চৰকাৰে সদায় ৰে’লৰ সংখ্যা বৃদ্ধি কৰিবলৈ চেষ্টা কৰে যদিও যাত্ৰীসকলৰ সুৰক্ষাও চৰকাৰৰ দায়িত্ব।”
কি ক’লে বিজেপিৰ বিধায়ক সঞ্জয় কেলকৰে
আনহাতে, এই দুৰ্ঘটনা সন্দৰ্ভত বিজেপিৰ বিধায়ক সঞ্জয় কেলকৰে কয়, “এই ঘটনাটো অতি দুৰ্ভাগ্যজনক আৰু দুখজনক। এই যাত্ৰীসকল কেনেকৈ পৰিল সেয়া তদন্ত কৰাটো প্ৰয়োজনীয়। ৰে’লৰ ডবাত অত্যধিক ভিৰ আছিল নেকি? বৰ্তমান প্ৰশাসন আৰু ৰে’ল মন্ত্ৰালয়ে যাত্ৰীসকলক সুৰক্ষা, সুবিধা আৰু সেৱা প্ৰদানৰ কাম সম্পূৰ্ণ শক্তিৰে কৰি আছে। যদি কোনো প্ৰশাসনিক ক্ৰুটি আছে তেন্তে সেয়া শুধৰণি কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।”
মুম্বাইৰ স্থানীয় ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত তদন্ত হ’ব লাগে বুলি দাবী জনাইছে এম এন এছ আৰু বিজেপিয়ে। আনহাতে, দুৰ্ঘটনাত যাত্ৰীসকলৰ মৃত্যুৰ পিছত ৰে’লৱেই দুটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা চলিব অটোমেটিক দুৱাৰ থকা স্থানীয় ৰে’ল। লগতে পুৰণি স্থানীয় ৰে’লসমূহতো অটোমেটিক দুৱাৰ স্থাপন কৰা হ’ব।