মহুৱাৰ বিয়াৰ ছবি ভাইৰেল, টিভি৯ ক মহুৱাই ক’লে “No Fake”
TV9 এ ছবিখনৰ বিষয়ে সোধাত মহুৱাই উত্তৰ দিলে "No Fake" অৰ্থাৎ ই এখন ভুৱা ছবি । অৱশ্যে কোৱা বাহুল্য যে মহুৱাৰ ছবিখন ইতিমধ্যে ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈ আছে।

মহুৱা মৈত্ৰৰ বিয়াৰ ফটো ভাইৰেল
পুনৰ শিৰোনামত পশ্চিম বংগৰ তৃণমূল সাংসদ মহুৱা মৈত্ৰ । সংসদত কোনো বিতৰ্কত নহয়, এইবাৰ ‘বিবাহ’ৰ এখন ছবিক কেন্দ্ৰ কৰি চলিছে চৰ্চা। বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছিল কৃষ্ণনগৰৰ তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰৰ এখন ছবি । মহুৱাক পাতল বগা আৰু গোলাপী ৰঙৰ পোছাক পৰিধান কৰি বিজেডিৰ প্ৰাক্তন সাংসদ পিনাকী মিশ্ৰৰ সৈতে হাতে হাত ধৰি খোজ কাঢ়ি থকা দেখা গৈছে । চৰ্চা চলা মতে বহিঃৰাষ্ট্ৰত গোপন অনুষ্ঠানত মহুৱা মৈত্ৰৰ বিয়া হৈছে । অৱশ্যে ছবিখনৰ প্ৰামাণ্যতা মহুৱাই মানি লোৱা নাছিল ।
TV9 এ ছবিখনৰ বিষয়ে সোধাত মহুৱাই উত্তৰ দিলে “No Fake” অৰ্থাৎ ই এখন ভুৱা ছবি । অৱশ্যে কোৱা বাহুল্য যে মহুৱাৰ ছবিখন ইতিমধ্যে ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈ আছে।
পুৰীৰ প্ৰাক্তন সাংসদ তথা বিজেডিৰ জ্যেষ্ঠ নেতা পিনাকী মিশ্ৰৰ সৈতে মহুৱাৰ সম্পৰ্কক লৈ দীৰ্ঘদিন ধৰি চৰ্চা চলি আহিছে । এতিয়া ছবিখন পোহৰলৈ অহাৰ লগে লগে জল্পনা-কল্পনা বাঢ়িছে । মহুৱাৰ সাজ-পোছাক দেখাত নৱবিবাহিতৰ দৰে! কিন্তু সাংসদগৰাকীয়ে বিয়াখনৰ সত্যতা বা বিয়াৰ ছবিখনৰ সত্যতা স্বীকাৰ নকৰিলে ।
মন কৰিবলগীয়া যে মহুৱাই বাৰে বাৰে বিভিন্ন বিষয়ত শিৰোনাম দখল কৰি আহিছে । লোকসভাত তেওঁৰ মন্তব্যৰ বাবেও বিতৰ্কও সৃষ্টি হৈছে । অৱশ্যে প্রাক্তন সাংসদগৰাকীৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে তেওঁ কেতিয়াও মুকলিকৈ কোৱা নাই । ইফালে যদিও মহুৱাই বিষয়টোক ‘ভুৱা’ বুলি অভিহিত কৰিছে, তথাপিও তৃণমূলৰ আন এগৰাকী সাংসদ জুন মালিয়াই মহুৱাৰ বিবাহৰ কথা স্বীকাৰ কৰিছে । লগতে শুভেচ্ছা জ্ঞাপন কৰে । টিভি৯ৰ এটা প্ৰশ্নৰ উত্তৰত জুনে কয়, “তেওঁ ইতিমধ্যে ইংগিত দিছিল । আজি মই তেওঁলোকৰ বাবে অতি সুখী ।”
যদি এই বিয়া সঁচা হয় তেন্তে মহুৱা মৈত্ৰৰ এয়া দ্বিতীয় বিবাহ । ইয়াৰ পূৰ্বে লাৰ্ছ ব্ৰ’ৰছন নামৰ ডেনিছ বেংকাৰ এজনৰ সৈতে তেওঁৰ বিবাহ হৈছিল । পিছত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয় । কেইবছৰমান আগতে সংসদত ঘোচ লৈ প্ৰশ্ন কৰাৰ অভিযোগত চৰ্চালৈ আহিছিল মহুৱা মৈত্ৰ । সেই সময়তে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা জয় অনন্ত দেহদ্ৰাইৰ সৈতে মহুৱা সম্পৰ্কত থকাৰ কথা পোহৰলৈ আহিছিল । জে অনন্তই যেতিয়া তেওঁৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰিছিল, তেতিয়া মহুৱাই আনকি তেওঁক ‘জিল্টেড এক্স’ বুলিও অভিহিত কৰিছিল । আনহাতে, পিনাকী মিশ্ৰৰো এইখন দ্বিতীয় বিবাহ । পূৰ্বৰ পত্নীৰ ফালৰ এজন পুত্ৰ আৰু এগৰাকী কন্যাও আছে মিশ্ৰৰ ।