মহাকুম্ভৰ ভিৰত পদপিষ্ট হৈ ২০জনৰ মৃত্যু! প্ৰায় ৩০জনৰো অধিক ভক্তক হাস্পাতালত ভৰ্তি

Mahakumbh: মহাকুম্ভৰ অমৃত স্নানৰ মাজতে আহে এক বেয়া খবৰ। মহাকুম্ভৰ ভিৰত পদপিষ্ট হৈ মৃত্যু হয় প্ৰায় ২০জন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।

মহাকুম্ভৰ ভিৰত পদপিষ্ট হৈ ২০জনৰ মৃত্যু! প্ৰায় ৩০জনৰো অধিক ভক্তক হাস্পাতালত ভৰ্তি

মহাকুম্ভ

Updated On: 

29 Jan 2025 12:26 PM

মৌনি অমাৱস্যাৰ পবিত্ৰ ক্ষণত মহাকুম্ভত পদপিষ্ট হৈ বৰ্তমান সময়লৈকে প্ৰায় ২০জন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ বিপৰীতে আহত হৈছে প্ৰায় ৩০জন। অৱশ্যে এতিয়ালৈকে প্ৰশাসনৰ তৰফৰ পৰা এই ঘটনা সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। এই ঘটনাৰ পাছতে আজিৰ দিনটোৰ বাবে উক্ত স্থানত আখৰাৰ স্নান বাতিল কৰা হৈছে। লগতে উত্তৰ প্ৰদেশ চৰকাৰে ভক্তসকলক আজি সংগমত নাহিবলৈ বাধা প্ৰদান কৰিছে।

শোকাবহ দুৰ্ঘটনাৰ পাছতেই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ভক্তসকলক কোনো উৰা বাতৰিৰ দ্বাৰা প্ৰভাৱিত নহ’বলৈ আহ্বান জনায়। লগতে ভক্তসকল যি গংগা ঘাটৰ ওচৰত  আছে তাতে তেওঁলোকক স্নান কৰিবলৈ আহ্বান জনায়। ইয়াৰোপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ঘটনাৰ সবিশেষ তথ্য জানিবলৈ মুখ্যমন্ত্ৰীৰ সৈতে কেইবাবাৰো ফোনযোগে কথা পাতিছে।

তথ্য অনুসৰি অমৃত স্নান আৰম্ভ হোৱাৰ পূৰ্বে  মহাকুম্ভত বিপুল জনসমাগম হয়। যাৰ বাবে ভক্তসকলে খোজ কঢ়াত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হয়। ইয়াৰ মাজতে গভীৰ নিশা প্ৰায় ১.৩০বজাত সংগমৰ ওচৰত এটা বেৰিকেড ভাঙি যায় যাৰ বাবে চাৰিওফালে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনাৰ ফলত একাংশই উশাহ ল’বলৈ কষ্ট অনুভৱ কৰে আৰু ঠেলা-হেঁচা লাগে। পৰৱৰ্তী সময়ত পদপিষ্ট হৈ বহুলোকৰ মৃত্যু আৰু কেইবাজন আহত হয়।

ঘটনাৰ পাছতে প্ৰশাসনে কোনোমতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আহত ৩০ৰ পৰা ৩৫জন লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ভক্তসকলে দাবী কৰা অনুসৰি বিভিন্ন ৰাস্তা প্ৰশাসনে বন্ধ কৰি থৈছে যাৰ বাবে খোলা ৰাস্তাসমূহত যথেষ্ঠ ভিৰ হৈ এনে ঘটনা সংঘটিত হয়।

উল্লেখ্য যে, ইয়াৰ মাজতো মহাকুম্ভৰ অন্য ঘাটসমূহত অমৃত স্নান অব্যাহত আছে আৰু ভক্তই শান্তিপূৰ্ণভাৱে স্নান কৰিছে। ইয়াৰোপৰি ভিৰৰ ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনে পীপা দলং খুলি দিয়ে। মহাকুম্ভৰ বাবে এই দলংখন যোৱা কেইদিনমান ধৰি বন্ধ আছিল যদিও আজি এই দলংখন খুলি দিয়া হয়। যাৰ বাবে ভিৰ কমি লাহে লাহে লোকসকল চহৰলৈ গতি কৰিছে।

জানিব পৰা মতে, ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ বাৰকৈ আদিত্যনাথলৈ ফোন কৰি ভক্তসকলক সকলো প্ৰকাৰৰ সহায় কৰিবলৈ নিৰ্দেশ প্ৰদান দিছে। ইয়াৰ বিপৰীতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে, বিজেপিৰ ৰাষ্ট্ৰয় অধ্যক্ষ জে পি নাড্ডাকে ধৰি বিভিন্নজনে ঘটনা সন্দৰ্ভত খবৰ লয়।

উল্লেখ্য যে, ১৩ জানুৱাৰীৰ পৰা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ। এই সময়চোৱাত দেশ বিদেশৰ কোটি কোটি ভক্তই ত্ৰিবেণী সংগমত উপস্থিত হৈ অমৃত স্নান কৰিছে। তথ্য অনুসৰি  এতিয়ালৈকে প্ৰায় ১০ কোটি ভক্তই স্নান কৰিছে। ইয়াৰোপৰি আজি মৌনি অমাৱস্যা উপলক্ষে বৰ্তমানলৈকে প্ৰায় ৫.৫ কোটি ভক্ত মহাকুম্ভত উপস্থিত হৈছে। তাৰ মাজতে এই শোকাবহ ঘটনা সংঘটিত হয়।

Related Stories
চৰ্দাৰ যেতিয়া সিংহ হয়…..পাকিস্তানৰ সংসদত প্ৰধানমন্ত্ৰী মোদীৰ জয়গান! শ্বাহবাজ শ্বৰীফক কাপুৰুষ, ভয়াতুৰ আখ্যা…
পুনৰ পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশৰ চেষ্টা, BSFৰ গুলীত নিহত ৭ সন্ত্ৰাসবাদী
ইফালে অপাৰেশ্যন সেন্দূৰ, আনফালে মহাকাশত ভাৰতৰ দুই উপগ্ৰহৰ মাজত যুঁজ! ইছৰ’ৱে দিলে ডাঙৰ সংকেত
কামত নাহিল চীনত নিৰ্মিত পাকিস্তানৰ ছুপাৰছ’নিক বেলিষ্টিক মিছাইল ! ধ্বংস কৰিলে ভাৰতৰ সুদৰ্শনে ?
মাত্ৰ ২ দিনতে পাকিস্তানৰ আত্মসমৰ্পণ! শান্তিৰ আহ্বান জনাই ক্ষতিপূৰণৰ বাবে বিচাৰিলে ঋণ…
ভাৰতীয় সেনাই কিদৰে বিফল কৰিছিল পাকিস্তানৰ সকলো প্ৰচেষ্টা, কেনেদৰে আক্ৰমণকাৰীক দিছিল যোগ্য প্ৰত্যুত্তৰ? সকলো জানক
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension