IIT Baba Abhay Singh: কানাডাত চাকৰি, কোটি টকাৰ পেকেজ! IITত অধ্যয়ণ কৰা অভয় সিং কেনেকৈ হ’ল অভিযন্তা বাবা?

অভয় সিঙে কয় যে মই আইআইটি মুম্বাইৰ পৰা ওলাই আহি ফেশ্বন ডিজাইনাৰত এটা পাঠ্যক্ৰম কৰাৰ পাছত মোৰ ওচৰত এটা চাকৰিৰ লগতে সংসাৰ কৰাৰো বিকল্প আছিল। তথাপিও যেন কিবা এটাৰ অভাৱ আছিল। পাছত সময় যোৱাৰ লগে লগে সকলো ইচ্ছাও শেষ হৈ আহিল।

IIT Baba Abhay Singh: কানাডাত চাকৰি, কোটি টকাৰ পেকেজ! IITত অধ্যয়ণ কৰা অভয় সিং কেনেকৈ হল অভিযন্তা বাবা?

অভয় সিং

Updated On: 

15 Jan 2025 | 06:58 PM

মহাকুম্ভ উপলক্ষে প্ৰয়াগৰাজত উপস্থিত হৈছে বহুতো সাধু-সন্যাসী। তেওঁলোকৰ মাজত এনে কিছুমান সাধু আছে যিয়ে তেওঁলোকৰ সামাজিক জীৱন ত্যাগ কৰি আধ্যাত্মিকতা বিচাৰিবলৈ আৰম্ভ কৰিছে। বাবা অভয় সিঙে কয় যে তেওঁ কানাডাত কাম কৰি আছিল। তেওঁ তিনি লাখ টকা দৰমহা পাইছিল। কিন্তু তেওঁ সেই চাকৰি এৰি আধ্যাত্মিকতাৰ সন্ধানত বাহিৰলৈ ওলাই আহিছিল।

ভাল জীৱন যাপন কৰিবলৈ কোনোবাই যদি চিকিৎসক, আকৌ কোনোবাই অভিযন্তা হয়। উদ্দেশ্য হ’ল টকা উপাৰ্জন কৰা যাতে আপুনি এটা ভাল ধৰণে স্বাভাৱিক জীৱন-যাপন কৰিব পাৰে। কিন্তু এনে কিছুমান লোক আছে যিয়ে আধ্যাত্মিকতাৰ সন্ধানত লাখ কোটি টকাৰ চাকৰি এৰি দিছে।

অভয় সিঙে কয় যে, মই কানাডাত কাম কৰি আছিলো। সেই সময়ত, তেওঁৰ দৰমহা আছিল প্ৰতি মাহে তিনি লাখ। তাৰ পিছত দৰমহা বৃদ্ধি হৈছিল। পাছত তেওঁ সেই চাকৰি এৰি তাতকৈ উন্নত দৰমহাত ভাৰতলৈ চাকৰি কৰিব আহিছিল।

অভয় সিঙে কয় যে মই আইআইটি মুম্বাইৰ পৰা ওলাই আহি ফেশ্বন ডিজাইনাৰত এটা পাঠ্যক্ৰম কৰাৰ পাছত মোৰ ওচৰত এটা চাকৰিৰ লগতে সংসাৰ কৰাৰো বিকল্প আছিল। তথাপিও যেন কিবা এটাৰ অভাৱ আছিল। পাছত সময় যোৱাৰ লগে লগে সকলো ইচ্ছাও শেষ হৈ আহিল।

বাবা অভয় সিঙে লগতে কয় যে, মই হাৰিয়ানাত দশম লৈকে পঢ়িছিলো আৰু তাৰ পিছত মই আইআইটিৰ দৰে এটা সন্মানীয় প্ৰতিষ্ঠানৰ পৰা অধ্যয়ন কৰিছিলো। এনে লাগিছিল যে এৰোনটিক্স ইঞ্জিনিয়াৰেই সকলো। কিন্তু তাৰ পাছত অনুভৱ কৰিছিলো যি বিজ্ঞান পঢ়িছিলো সেয়া একোৱে নহয়। তেওঁ কয় যে তেওঁ এতিয়া অধ্যয়ন কৰি থকা আধ্যাত্মিকতা হৈছে প্ৰকৃত বিজ্ঞান।

সিঙে আকৌ কয় যে তেওঁৰ পিছফালে এটা পৰিয়াল আছে। তেওঁৰ পিতৃ পেছাত এজন উকীল। তেওঁৰ এগৰাকী ভগ্নী আছে যি কানাডাত বাস কৰে। তেওঁ কয় যে এই সামাজিক বন্ধনবোৰ ভঙাটো বহুত কঠিন আছিল। কিন্তু তেওঁ এতিয়া আৰু ঘৰলৈ নাযায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...