লোকবন্ধু হাস্পাতালত ভয়ংকৰ অগ্নিকাণ্ড, ভৰ্তি আছিল ২৫০ ৰো অধিক ৰোগী…

লোকবন্ধু হাস্পাতালত ভয়ংকৰ অগ্নিকাণ্ড। জানিব পৰা মতে, ঘটনাৰ সময়ত হাস্পাতালখনত ২৫০ ৰো অধিক ৰোগী ভৰ্তি হৈ আছিল। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।

লোকবন্ধু হাস্পাতালত ভয়ংকৰ অগ্নিকাণ্ড, ভৰ্তি আছিল ২৫০ ৰো অধিক ৰোগী...

হাস্পাতাল

Published: 

15 Apr 2025 09:51 AM

সোমবাৰে নিশা উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ লোকবন্ধু হাস্পাতলত সংঘটিত অগ্নিকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। ঘটনা সংঘটিত হোৱাৰ লগে লগে হাস্পাতালখনত ভৰ্তি হৈ থকা ৰোগীসকলক উদ্ধাৰৰ চেষ্টা কৰে। আৰক্ষী, উদ্ধাৰকাৰী দলে সকলো ৰোগীক উদ্ধাৰ কৰে যদিও ঘটনাৰ ফলত এজন ৰোগীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে হাস্পাতালখনত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে অগ্নিনিৰ্বাপক বাহিনীৰ দল।

অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ লগে লগে হাস্পাতালখনৰ বিদ্যুত কৰ্তন কৰা হয়। তেনে অৱস্থাত টৰ্চ চলাই উদ্ধাৰকাৰী দলসমূহে উদ্ধাৰ অভিযান চলায়। এই জুইয়ে হাস্পাতালখনৰ আই চি ইউকে ধৰি মুঠ ৩ টা বাৰ্ডক প্ৰভাৱিত কৰে। ইতিমধ্যে হাস্পাতালৰ ৰোগীসকলক অন্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। জুইৰ শিখা আৰু ধোঁৱাৰ পৰা হাত সাৰিবলৈ স্থানীয় ৰাইজৰ মাজতো হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় আৰু ঘৰৰ পৰা ৰাজপথলৈ ওলাই আহে লোকসকল। স্থানীয় লোকসকলৰ মাজত যথেষ্ঠ উদ্বেগৰ সৃষ্টি হয় যদিও অগ্নিকাণ্ড নিৰ্বাপনৰ পাছত তেওঁলোকে স্বস্তিৰ নিশ্বাস পেলায়।

জানিব পৰা মতে, সোমবাৰ (১৪ এপ্ৰিল)য়ে নিশা ৯ মান বজাত হাস্পাতালখনৰ দ্বিতীয় মহলাত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। ছৰ্ট শ্বাৰ্কিটৰ ফলত হোৱা এই অগ্নি মূহুৰ্তৰ ভিতৰতে ৩টাকৈ বাৰ্ড আগুৰি ধৰে। জানিব পৰা মতে হাস্পাতালখনৰ পৰা ২০০ ৰো অধিক ৰোগীক সুৰক্ষিতভাৱে বাহিৰ কৰা হয়।

পৰৱৰ্তী সময়ত এই ৰোগীসকলক কেজিএমইউৰ লগতে অন্যান্য চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। কিছুমান ৰোগীত অসামৰিক চিকিৎসালয়তো ভৰ্তি কৰোৱা হয়। এই সন্দৰ্ভত অসামৰিক চিকিৎসালয়ৰ পৰিচালক ৰাজেশ শ্ৰীবাস্তৱে কয় যে, প্ৰায় ২৪ গৰাকী ৰোগীক ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোক সুস্থিৰ অৱস্থাত আছে। বৰ্তমান তেওঁলোকৰ চিকিৎসা চলি আছে। ইয়াৰোপিৰ আদবাটতে মৃত্যু হোৱা ৰোগীজনৰ মৃতদেহ মৰ্গত ৰখা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত তেওঁৰ মৃত্যুৰ কাৰণ জানিব পৰা যাব।

ডাঃ বিপিন মিশ্ৰই কয়,‘ তেওঁলোকৰ হাস্পাতালত পাঁচজন ৰোগীক ভৰ্তি কৰা হৈছে। বৰ্তমান প্ৰতিগৰাকী ৰোগীৰ অৱস্থা সুস্থিৰ। সকলো বিভাগৰ চিকিৎসকে কাম কৰি আছে।

জানিব পৰা মতে, মাজনিশা ১ মান বজাত অগ্নি নিৰ্বাপিত হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। হাস্পাতালখনত মুঠ কিমান ৰোগী আছিল নিশ্চিত তথ্য অহা নাই যদিও একাংশই আনুমানিক ২৫০ ৰ অধিক ৰোগী থকা বুলি সন্দেহ কৰিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্য়াহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension