Nitish Kumar-Tejashwi Yadav: একেখন বিমানতে দিল্লীলৈ নীতিশ-তেজশ্বী, মাজ আকাশতে সলনি হ’ব পাৰে মিত্ৰতাৰ খেল !

Lok Sabha Election 2024 Results: এনডিএৰ বৈঠকত অংশগ্ৰহণ কৰিব বিহাৰৰ মুখ্যমন্ত্ৰী তথা এন ডি এৰ অংশীদাৰ নীতিশ কুমাৰে । আনহাতে ইণ্ডিয়া এলায়েন্সৰ বৈঠকত তেজশ্বী যাদৱে অংশগ্ৰহণ কৰিব। কাকতলীয়াকৈ ক’বলৈ গ’লে, একেখন বিমানতে দুয়োজন নেতাই ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে । এই খবৰ প্ৰকাশ পোৱাৰ পিছতে ৰাজনৈতিক মহলত বিমানতে চৰকাৰ গঠনৰ খেল সলনি হ'ব পাৰে বুলি জল্পনা-কল্পনা আৰম্ভ হৈছে ।

Nitish Kumar-Tejashwi Yadav: একেখন বিমানতে দিল্লীলৈ নীতিশ-তেজশ্বী, মাজ আকাশতে সলনি হব পাৰে মিত্ৰতাৰ খেল !

একেখন বিমানতে আহি আছে নীতিশ-তেজশ্বী

Published: 

05 Jun 2024 | 01:42 PM

চৰকাৰ কোনে গঠন কৰিব সেই কথা এতিয়াও স্পষ্ট হোৱা নাই । এফালে এনডিএ, আনফালে ইণ্ডিয়া এলায়েন্স । আজিৰ দিনটোত অনুষ্ঠিত হ’বলগীয়া দুই মিত্ৰজোঁটৰ বৈঠকে চৰকাৰ কোনে গঠন কৰিব সেয়া স্পষ্ট কৰিব । দিল্লীত অনুষ্ঠিত হ’ব এই বৈঠক ।

এনডিএৰ বৈঠকত অংশগ্ৰহণ কৰিব বিহাৰৰ মুখ্যমন্ত্ৰী তথা এন ডি এৰ অংশীদাৰ নীতিশ কুমাৰে । আনহাতে ইণ্ডিয়া এলায়েন্সৰ বৈঠকত তেজশ্বী যাদৱে অংশগ্ৰহণ কৰিব। কাকতলীয়াকৈ ক’বলৈ গ’লে, একেখন বিমানতে দুয়োজন নেতাই ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে । এই খবৰ প্ৰকাশ পোৱাৰ পিছতে ৰাজনৈতিক মহলত বিমানতে চৰকাৰ গঠনৰ খেল সলনি হ’ব পাৰে বুলি জল্পনা-কল্পনা আৰম্ভ হৈছে ।

লোকসভা নিৰ্বাচনত এইবাৰ কঠোৰ যুঁজ হৈছে দুই মিত্ৰজোঁটৰ মাজত । ২০১৯ চনত য’ত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল, সেই বিজেপিয়ে এইবাৰ ২৫০ পাৰ কৰিব নোৱাৰিলে। ২৪০ তে ৰ’বলগীয়া হ’ল বিজেপি । এন ডি এয়ে লাভ কৰিছে মুঠ ২৯২ খন আসন । সংখ্যাগৰিষ্ঠতা পোৱাৰ পিছতো নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সৈতে চৰকাৰ গঠনৰ ক্ষেত্ৰত সন্দেহৰ সৃষ্টি হৈছে। যদি তেওঁলোকে মিত্ৰতা সলনি কৰে, তেন্তে চৰকাৰ ইণ্ডিয়া এলায়েন্সে গঠন কৰিব পাৰে ।

এন ডি এ আৰু ইণ্ডিয়া এলায়েন্সৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ আজি দিল্লীলৈ ৰাওনা হৈছে নীতিশ কুমাৰ আৰু তেজশ্বী যাদৱ। নীতিশ কুমাৰ এন ডি এ এলায়েন্সত আছে আৰু ইণ্ডিয়া এলায়েন্সৰ অংশীদাৰ তেজশ্বী যাদৱ। কাকতলীয়াকৈ ক’বলৈ গ’লে নীতিশ আৰু তেজশ্বী যাদৱ একেখন বিমানতে দিল্লী লৈ গৈ আছে । গতিকে ৰাজনৈতিক মহলে কল্পনা কৰিছে যে, এই বিমানে বহু কথা সলনি হ’ব পাৰে । তেজশ্বীয়ে ইণ্ডিয়া এলায়েন্সলৈ আনিব পাৰে নীতিশ কুমাৰক !

উল্লেখ্য যে, গঠনৰ সময়ৰ পৰাই ইণ্ডিয়া এলায়েন্সৰ লগত আছিল নীতিশ কুমাৰ । কিন্তু লোকসভা নিৰ্বাচনৰ ঠিক আগতে নীতিশে ইণ্ডিয়া ত্যাগ কৰি তেওঁ পুনৰ এন ডি এ মিত্ৰতাত যোগদান কৰে। নিৰ্বাচনৰ ভোট গণনা ফলাফল প্ৰকাশ পোৱাৰ পিছতে এতিয়া নীতিশ কোনটো মিত্ৰজোঁটৰ লগত থাকিব, তাক লৈ এতিয়া জল্পনা-কল্পনা আৰম্ভ হৈছে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...