Nitish Kumar-Tejashwi Yadav: একেখন বিমানতে দিল্লীলৈ নীতিশ-তেজশ্বী, মাজ আকাশতে সলনি হ’ব পাৰে মিত্ৰতাৰ খেল !

Lok Sabha Election 2024 Results: এনডিএৰ বৈঠকত অংশগ্ৰহণ কৰিব বিহাৰৰ মুখ্যমন্ত্ৰী তথা এন ডি এৰ অংশীদাৰ নীতিশ কুমাৰে । আনহাতে ইণ্ডিয়া এলায়েন্সৰ বৈঠকত তেজশ্বী যাদৱে অংশগ্ৰহণ কৰিব। কাকতলীয়াকৈ ক’বলৈ গ’লে, একেখন বিমানতে দুয়োজন নেতাই ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে । এই খবৰ প্ৰকাশ পোৱাৰ পিছতে ৰাজনৈতিক মহলত বিমানতে চৰকাৰ গঠনৰ খেল সলনি হ'ব পাৰে বুলি জল্পনা-কল্পনা আৰম্ভ হৈছে ।

Nitish Kumar-Tejashwi Yadav: একেখন বিমানতে দিল্লীলৈ নীতিশ-তেজশ্বী, মাজ আকাশতে সলনি হব পাৰে মিত্ৰতাৰ খেল !

একেখন বিমানতে আহি আছে নীতিশ-তেজশ্বী

Published: 

05 Jun 2024 13:42 PM

চৰকাৰ কোনে গঠন কৰিব সেই কথা এতিয়াও স্পষ্ট হোৱা নাই । এফালে এনডিএ, আনফালে ইণ্ডিয়া এলায়েন্স । আজিৰ দিনটোত অনুষ্ঠিত হ’বলগীয়া দুই মিত্ৰজোঁটৰ বৈঠকে চৰকাৰ কোনে গঠন কৰিব সেয়া স্পষ্ট কৰিব । দিল্লীত অনুষ্ঠিত হ’ব এই বৈঠক ।

এনডিএৰ বৈঠকত অংশগ্ৰহণ কৰিব বিহাৰৰ মুখ্যমন্ত্ৰী তথা এন ডি এৰ অংশীদাৰ নীতিশ কুমাৰে । আনহাতে ইণ্ডিয়া এলায়েন্সৰ বৈঠকত তেজশ্বী যাদৱে অংশগ্ৰহণ কৰিব। কাকতলীয়াকৈ ক’বলৈ গ’লে, একেখন বিমানতে দুয়োজন নেতাই ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে । এই খবৰ প্ৰকাশ পোৱাৰ পিছতে ৰাজনৈতিক মহলত বিমানতে চৰকাৰ গঠনৰ খেল সলনি হ’ব পাৰে বুলি জল্পনা-কল্পনা আৰম্ভ হৈছে ।

লোকসভা নিৰ্বাচনত এইবাৰ কঠোৰ যুঁজ হৈছে দুই মিত্ৰজোঁটৰ মাজত । ২০১৯ চনত য’ত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল, সেই বিজেপিয়ে এইবাৰ ২৫০ পাৰ কৰিব নোৱাৰিলে। ২৪০ তে ৰ’বলগীয়া হ’ল বিজেপি । এন ডি এয়ে লাভ কৰিছে মুঠ ২৯২ খন আসন । সংখ্যাগৰিষ্ঠতা পোৱাৰ পিছতো নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সৈতে চৰকাৰ গঠনৰ ক্ষেত্ৰত সন্দেহৰ সৃষ্টি হৈছে। যদি তেওঁলোকে মিত্ৰতা সলনি কৰে, তেন্তে চৰকাৰ ইণ্ডিয়া এলায়েন্সে গঠন কৰিব পাৰে ।

এন ডি এ আৰু ইণ্ডিয়া এলায়েন্সৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ আজি দিল্লীলৈ ৰাওনা হৈছে নীতিশ কুমাৰ আৰু তেজশ্বী যাদৱ। নীতিশ কুমাৰ এন ডি এ এলায়েন্সত আছে আৰু ইণ্ডিয়া এলায়েন্সৰ অংশীদাৰ তেজশ্বী যাদৱ। কাকতলীয়াকৈ ক’বলৈ গ’লে নীতিশ আৰু তেজশ্বী যাদৱ একেখন বিমানতে দিল্লী লৈ গৈ আছে । গতিকে ৰাজনৈতিক মহলে কল্পনা কৰিছে যে, এই বিমানে বহু কথা সলনি হ’ব পাৰে । তেজশ্বীয়ে ইণ্ডিয়া এলায়েন্সলৈ আনিব পাৰে নীতিশ কুমাৰক !

উল্লেখ্য যে, গঠনৰ সময়ৰ পৰাই ইণ্ডিয়া এলায়েন্সৰ লগত আছিল নীতিশ কুমাৰ । কিন্তু লোকসভা নিৰ্বাচনৰ ঠিক আগতে নীতিশে ইণ্ডিয়া ত্যাগ কৰি তেওঁ পুনৰ এন ডি এ মিত্ৰতাত যোগদান কৰে। নিৰ্বাচনৰ ভোট গণনা ফলাফল প্ৰকাশ পোৱাৰ পিছতে এতিয়া নীতিশ কোনটো মিত্ৰজোঁটৰ লগত থাকিব, তাক লৈ এতিয়া জল্পনা-কল্পনা আৰম্ভ হৈছে ।

কি কি কাৰণত বেয়া কলেষ্টেৰল বৃদ্ধি পাব পাৰে ? কেনেকৈ কৰিব নিয়ন্ত্ৰণ ?
শনি দেৱৰ কোপদৃষ্টি আঁতৰিব, প্ৰতি শনিবাৰে কৰক এইকেইটা কাম!
শীতকালত চুলি বেছিকৈ সৰে নেকি? এই পদ্ধতিৰে দূৰ কৰক চুলিৰ সকলো সমস্যা!
মাহেকীয়া পলমকৈ হোৱা PCOS ৰ লক্ষণ নেকি? জানক বিশেষজ্ঞৰ পৰা
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...