Liquor Shop Schemes: সুৰাপায়ীৰ বাবে সুখবৰ! এটা সুৰাৰ বটল কিনিলে পাব আন এটা ফ্ৰী!

Liquor Shop Schemes: এই ঘটনাক লৈ ৰাজনৈতিক চৰ্চা বাঢ়িছে। দিল্লীৰ বিৰোধী নেতা আতিশী মাৰ্লেনাই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কয়, 'মই বিজেপিক সুধিব বিচাৰো, ৰাজ্যত মদ্যপায়ী সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে নেকি?'

Liquor Shop Schemes: সুৰাপায়ীৰ বাবে সুখবৰ! এটা সুৰাৰ বটল কিনিলে পাব আন এটা ফ্ৰী!

সুৰাপায়ীৰ বাবে সুখবৰ! এটা সুৰাৰ বটল কিনিলে পাব আন এটা ফ্ৰী!

Published: 

28 Mar 2025 | 02:36 PM

এটা কিনিলে পাব এটা ফ্ৰী! আপুনি দোকান-পোহাৰ আৰু শ্বপিং মলত এনে অফাৰ দিয়া দেখিছে বা সামগ্ৰী ক্ৰয় কৰিছে। কিন্তু সুৰাৰ দোকানত এনে অফাৰ চলিলে কি হ’ব? এই আঁচনি কিছুমানৰ বাবে সুবিধাজনক, যদিও আন কিছুমানৰ বাবে ই এক ৰাজনৈতিক আহিলা।

জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ কেইবাখনো চহৰত এইদৰে  সুৰা বিক্ৰী কৰা হৈছে। যাৰ বাবে মদ্যপান কৰা লোকসকলে হেতাওপৰা লগাইছে সুৰাৰ দোকানত। ভিৰ ইমানেই বেছি যে ইয়াক আৰক্ষী-প্ৰশাসনে নিয়ন্ত্ৰণ কৰিব পৰা নাই। এফালে প্ৰখৰ ৰ’দ, আনফালে গৰম, কিন্তু তাৰ মাজতে সুৰাৰ দোকানৰ চাৰিওফালে দীঘলীয়া শাৰী।

কিন্তু এনে বিনামূলীয়া সুৰা বিতৰণৰ কাৰণ কি? জানিব পৰা মতে, ২০২৪-২৫ বিত্তীয় বৰ্ষৰ শেষ হ’বলৈ কেইটামান দিন বাকী আছে। তাৰ পূৰ্বে ষ্টক শেষ কৰিব লাগিব। গতিকে ‘ষ্টক ক্লিয়াৰেন্স চেল’ আৰম্ভ হৈছে। এই বিত্তীয় বৰ্ষৰ অন্ত পৰিব ৩১ মাৰ্চত।

তাৰ পিছত আৰম্ভ হ’ব নতুন বিত্তীয় বৰ্ষ। যোগী চৰকাৰে আগতীয়াকৈ ঘোষণা কৰিছে যে নতুন বিত্তীয় বৰ্ষত সমগ্ৰ ৰাজ্যতে নতুন আবকাৰী নীতি প্ৰৱৰ্তন কৰিব। সেয়ে সুৰাৰ বিপণীসমূহে ষ্ট’ৰত মজুত থকা পুৰণি সুৰা শেষ কৰিবলৈ এই পন্থা অৱলম্বন কৰিছে।

মন কৰিবলগীয়া যে এই ঘটনাই ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰিছে। দিল্লীৰ বিৰোধী নেতা আতিশী মাৰ্লেনাই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ প্ৰশ্ন কৰে যে, “মই ছ’চিয়েল মিডিয়া চাই দেখিলোঁ যে সুৰাৰ দোকানবোৰৰ চাৰিওফালে ইমানেই ভিৰ হৈছে, যাক আৰক্ষীয়েও নিয়ন্ত্ৰণ কৰিবলৈ সংগ্ৰাম কৰিছে। মই বিজেপিক সুধিব বিচাৰো, তেওঁলোকে ৰাজ্যত সুৰাপায়ী সৃষ্টি কৰিবলৈ বিচাৰিছে নেকি?”

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...