Manipur : পুনৰ চাৰি উগ্ৰপন্থীক আটক ! কেনেকুৱা মণিপুৰৰ শেহতীয়া পৰিস্থিতি…?

যোৱা ১০ দিন ধৰি মণিপুৰৰ পৰিস্থিতি অস্থিৰ হৈ আছিল যদিও পৰিস্থিতি কিছু স্বাভাৱিক হোৱা দেখা গৈছে। যোৱা শুকুৰবাৰৰ পৰা শিক্ষানুষ্ঠান পুনৰ আৰম্ভ হৈছে । নিৰাপত্তা বাহিনীয়েও স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

Manipur : পুনৰ চাৰি উগ্ৰপন্থীক আটক ! কেনেকুৱা মণিপুৰৰ শেহতীয়া পৰিস্থিতি...?

মণিপুৰ

Updated On: 

30 Nov 2024 | 01:25 PM

মণিপুৰৰ শেহতীয়া অস্থিৰ পৰিস্থিতিৰ মাজতে ৰাজ্যখনত দুটা নিষিদ্ধ সংগঠনৰ চাৰিজন উগ্ৰপন্থীক আটক কৰাৰ খবৰ লাভ কৰা গৈছে । অস্ত্ৰ-শস্ত্ৰ মজুত ৰখা আৰু ধন দাবীৰে জড়িত থকাৰ অভিযোগত এই চাৰি সন্দেহযুক্ত উগ্ৰপন্থীক আটক কৰিছে মণিপুৰ আৰক্ষীয়ে । এক বিবৃতিৰ জৰিয়তে এই কথা সদৰী কৰিছে মণিপুৰ আৰক্ষীয়ে ।

মনকৰিবলগীয়া যে, যোৱা ১০ দিন ধৰি মণিপুৰৰ পৰিস্থিতি অস্থিৰ হৈ আছিল যদিও পৰিস্থিতি কিছু স্বাভাৱিক হোৱা দেখা গৈছে। যোৱা শুকুৰবাৰৰ পৰা শিক্ষানুষ্ঠান পুনৰ আৰম্ভ হৈছে । নিৰাপত্তা বাহিনীয়েও স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

চাৰি উগ্ৰপন্থীক গ্ৰেপ্তাৰ

সূত্ৰ খবৰ অনুসৰি,কাংগলেইপাক কমিউনিষ্ট পাৰ্টি (পিপলছ ৱাৰ গ্ৰুপ) সংগঠনৰ তিনিজন সদস্যক আগ্নেয়াস্ত্ৰ মজুত ৰখা আৰু মানুহৰ পৰা ধন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে । গ্ৰেপ্তাৰ কৰা লোক কেইজন ইম্ফল পশ্চিম জিলাৰ চংথাম শ্যামচন্দ্ৰ সিং (২৩) আৰু ইম্ফল পূব জিলাৰ মাইবাম সূৰজ খান (৩২) আৰু বঘিমায়ুম সাহিদ খান (৩০) বুলি চিনাক্ত কৰা হৈছে।

একেদৰে গ্ৰেপ্তাৰ কৰা এই লোক কেইজনৰ পৰা তিনিটা ৫.৫৬ mm ইনছাছৰ লাইভ কাৰ্টিজ,.৩২ গোলাবাৰুদৰ খালী কেচ লগতে তিনিটা মোবাইল ফোন জব্দ কৰিছে আৰক্ষীয়ে । একেদৰে নিষিদ্ধ ইউনাইটেড নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট (নিংগন মাচা গোট)ৰ এজন সদস্যক অবৈধভাৱে আগ্নেয়াস্ত্ৰ মজুত ৰখাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয়। ধৃত লোকজন থৌবাল জিলাৰ সাংগোমশ্বুমফাম ৱাৰিছ (২৫) বুলি জানিব পৰা গৈছে । তেওঁৰ পৰা .৩২ পিষ্টল আৰু গোলাবাৰুদ জব্দ কৰা হৈছে বুলিও জানিব পৰা গৈছে ।

হিংসাত্মক ঘটনাৰ জড়িত ৭ জনক গ্ৰেপ্তাৰ

ইফালে, মণিপুৰ আৰক্ষীয়ে কাকচিং থানাত হিংসাত্মক আক্ৰমণৰ লগত জড়িত ৭ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। যোৱা ২৭ নৱেম্বৰত সংঘটিত এই ঘটনাত কৰ্তব্যৰত অৱস্থাত দুজন আৰক্ষী জোৱান আহত হৈছিল । আটকাধীন লোক কেইজন হ’ল নাওৰেম জোতিশ সিং (৩০), ক্ষেত্ৰীমায়ুম ৰাজীৱ সিং (৫০), প্ৰবীণ লেইছাংথেম (৩১), পুখ্ৰাম্বম গোপেন (৩২), নাওৰেম সীতালজিৎ সিং (৩৩), ৱায়েংবাম জনছন সিং (৩১), আৰু ক্ষেত্ৰিমায়ুম অশোকুমাৰ ( ৩০)। একেদৰে শেহতীয়াকৈ সংঘটিত হিংসাত্মক কাৰ্যকলাপৰ বিষয়টোত তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই ।

বিদ্যালয়-মহাবিদ্যালয়ৰ পাঠদন আৰম্ভ

সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে জিৰিবামৰ পৰা ছয়জন পণবন্দীক হত্যা কৰাৰ পিছত হিংসাত্মক পৰিস্থিতিৰ বাবে ১০ দিনতকৈ অধিক সময় বন্ধ হৈ থকা মণিপুৰৰ বিদ্যালয়-মহাবিদ্যালয়ত শুকুৰবাৰৰ পৰা পুনৰ পাঠদান আৰম্ভ হৈছে । শিক্ষা সঞ্চালকালয়ে জাৰি কৰা জাননিত কোৱা হৈছে যে, জিলাসমূহৰ সকলো চৰকাৰী, চৰকাৰী সাহায্যপ্ৰাপ্ত, ব্যক্তিগত আৰু কেন্দ্ৰীয় বিদ্যালয়ত স্বাভাৱিক পাঠদান পুনৰ আৰম্ভ হৈছে ।

সূত্ৰ খৰব অনুসৰি, ১০ দিন বন্ধ থকাৰ পাছত বিদ্যালয়-মহাবিদ্যালয়সমূহ পুনৰ মুকলি কৰা হৈছে । ইয়াৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলেও অতি আগ্ৰহেৰে বিদ্যালয়ৰ পাঠদানত অংশগ্ৰহণ কৰিছে । উচ্চ আৰু কাৰিকৰী শিক্ষা বিভাগে ঘোষণা কৰে যে ২৯ নৱেম্বৰৰ পৰা চৰকাৰী সাহায্যপ্ৰাপ্ত মহাবিদ্যালয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়সমূহ মুকলি কৰা হ’ব। যোৱা ১৬ নৱেম্বৰৰ পৰাই হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰক্ষিতত ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছিল।

৯ জিলাত এতিয়াও ইণ্টাৰনেট সেৱা বন্ধ

মণিপুৰ চৰকাৰে শুকুৰবাৰে ৯ খন জিলাত ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ সময়সীমা দুদিনৰ বাবে বৃদ্ধি কৰিছে । গৃহ বিভাগৰ নিৰ্দেশনাত কোৱা হৈছে ৯ খন জিলাৰ অহা ১ ডিচেম্বৰলৈকে ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ থাকিব । ৰাজ্যখনৰ চৰকাৰে আইন-শৃংখলাৰ পৰিস্থিতি পুনৰীক্ষণ কৰাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

যুগ্ম জীৱনৰ আৰম্ভণি কিন্তু পত্নীৰ সৈতে সুখী নহয়, তেন্তে ডাৰ্ক চকলেটে কৰিব আপোনাক সহায়!
নহৰুৱে দূৰ কৰিব আপোনাৰ সংসাৰৰ সমস্যা! জানি হ'ব আচৰিত
শীতকালত কল খোৱা মানেই সমস্যা ভয়াৱহ! এইসকল লোকে সম্বৰণ কৰক কলৰ লোভ
শৰীৰত ইউৰিক এচিড বৃদ্ধি পালে প্ৰথমে দেখা দিয়ে এইবোৰ লক্ষণে? জানক
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি