তামিলনাডুত অভিনেতা বিজয়ৰ ৰেলীত অঘটন, পদপিষ্ট হৈ ৩১ জন লোকৰ মৃত্যু

কাৰুৰৰ এখন ৰাজহুৱা সভাত হোৱা এই ঘটনা সন্দৰ্ভত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে এক্সত পোষ্ট কৰি কয় যে, "কাৰুৰৰ পৰা অহা খবৰটো চিন্তনীয়। মই প্ৰাক্তন মন্ত্ৰী ভি চেন্থিলবালাজী, মন্ত্ৰী সুব্ৰমণিয়াম, আৰু জিলা উপায়ুক্তক ভিৰৰ মাজত অজ্ঞান হৈ চিকিৎসালয়ত ভৰ্তি হৈ থকাসকলক তাৎক্ষণিক চিকিৎসা সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিছো।"

তামিলনাডুত অভিনেতা বিজয়ৰ ৰেলীত অঘটন, পদপিষ্ট হৈ ৩১ জন লোকৰ মৃত্যু

তামিলনাডুত পদপিষ্টৰ ঘটনা

Updated On: 

27 Sep 2025 | 10:17 PM

তামিলনাডুৰ কাৰুৰত সংঘটিত হৈছে হৃদয়বিদাৰক ঘটনা। অভিনেতাৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা বিজয়ৰ ৰেলীত পদপিষ্ট হৈ শিশুসহ কমেও ৩১ জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। লগতে বহু সংখ্যক লোক আহত হয়।

স্বাস্থ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, ২৯ জন লোকক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। দাবী কৰা হৈছে যে টিভিকেৰ মুৰব্বী বিজয় তেওঁৰ কাৰুৰ ৰেলীত হোৱা পদপিষ্টৰ ঘটনাত আহত আৰু অজ্ঞান হৈ পৰাৰ পিছতে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে। এই ঘটনাৰ পিছতে ৰাজ্যখনৰ মন্ত্ৰী, প্ৰশাসনিক বিষয়া আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকল কাৰুৰত উপস্থিত হৈছে।

ইফালে, কাৰুৰ দুৰ্ঘটনাৰ পিছতে চিকিৎসক আৰু আৰক্ষীৰ সৈতে সহযোগিতা আগবঢ়াবলৈ জনসাধাৰণক আহ্বান জনাইছে মুখ্যমন্ত্ৰী ষ্টালিনে। কাৰুৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে উপযুক্ত পদক্ষেপ ল’বলৈও তেওঁ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলক নিৰ্দেশ দিয়ে। কাইলৈ ​​অৰ্থাৎ দেওবাৰে মুখ্যমন্ত্ৰী ষ্টালিনে কাৰুৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে।

শনিবাৰে তামিলগা ভেট্ৰি কাঝগম (TVK))ৰ মুৰব্বী তথা অভিনেতা-ৰাজনীতিবিদ বিজয়ৰ নেতৃত্বত অনুষ্ঠিত এক সমাৱেশত পদপিষ্ট দৰে পৰিস্থিতিৰ সৃষ্টি হয় আৰু একাংশ শিশুকে ধৰি কেইবাজনো লোক অজ্ঞান হৈ পৰে। বিজয়ে সমাৱেশত ভাষণ দি থকাৰ সময়তে জনতাৰ ভিৰ অনিয়ন্ত্ৰিত হৈ পৰে। ভিৰৰ বাবে একাংশ শিশুকে ধৰি কেইবাগৰাকীও দলীয় কৰ্মী অচেতন হৈ পৰে।

লোকসকল অজ্ঞান হৈ পৰাত কেইবাজনো দলীয় কৰ্মীয়ে চিঞৰ-বাখৰ কৰিবলৈ ধৰে। বিজয়ে লক্ষ্য কৰি ভাষণ বন্ধ কৰি বিশেষভাৱে প্ৰস্তুত কৰা বাছখনৰ ওপৰৰ পৰা পানীৰ বটল পেলাবলৈ ধৰিলে।

কিন্তু ব্যাপক জনসমাগমৰ বাবে এম্বুলেঞ্চসমূহ সেই ঠাইৰ মাজেৰে পাৰ হৈ ঘটনাস্থলীত উপস্থিত হ’বলৈ সমস্যাৰ সৃষ্টি হয়। তাৰ পিছত অচেতন লোককেইজনক এম্বুলেন্সেৰে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়, আৰু ইয়াৰে একাংশই জীৱন-মৃত্যুৰে যুঁজি থকা বুলি জানিব পৰা গৈছে। বিজয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ আছে বুলি উপলব্ধি কৰি নিজৰ ভাষণ চুটি কৰে।

কাৰুৰৰ এখন ৰাজহুৱা সভাত হোৱা এই ঘটনা সন্দৰ্ভত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে এক্সত পোষ্ট কৰি কয় যে, “কাৰুৰৰ পৰা অহা খবৰটো চিন্তনীয়। মই প্ৰাক্তন মন্ত্ৰী ভি চেন্থিলবালাজী, মন্ত্ৰী সুব্ৰমণিয়াম, আৰু জিলা উপায়ুক্তক ভিৰৰ মাজত অজ্ঞান হৈ চিকিৎসালয়ত ভৰ্তি হৈ থকাসকলক তাৎক্ষণিক চিকিৎসা সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিছো।”

তেওঁ আৰু কয়, “চুবুৰীয়া তিৰুচিৰাপল্লী জিলাৰ মন্ত্ৰী অনবিল মহেশকো যুদ্ধকালীনভাৱে ভিত্তিত প্ৰয়োজনীয় সকলো সাহায্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিছো। ইয়াৰ উপৰিও মই এডিজিপিৰ সৈতে কথা পাতি তাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছো। জনসাধাৰণক চিকিৎসক আৰু আৰক্ষীৰ সৈতে সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছো।”

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...