অস্বাভাৱিক অশ্লীল ভিডিঅ’ৰ প্ৰতি আসক্ত! মৃতপ্ৰায় অৱস্থাত চিকিৎসকৰ লগত জঘন্য কাণ্ড…

অভিযুক্তই অতি নিৰ্মমভাৱে প্ৰহাৰ কৰি ধৰ্ষণ কৰিছিল। অভিযুক্ত অশ্লীল ভিডিঅ'ৰ প্ৰতি আসক্ত আছিল। ইয়ে তেওঁৰ বিকৃত মানসিকতাৰ পৰিচয় দিয়ে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে।

অস্বাভাৱিক অশ্লীল ভিডিঅৰ প্ৰতি আসক্ত! মৃতপ্ৰায় অৱস্থাত চিকিৎসকৰ লগত জঘন্য কাণ্ড...

কলকাতা কাণ্ড

Published: 

12 Aug 2024 18:33 PM

কলকাতাৰ আৰ জি কৰ হাস্পাতালত কনিষ্ঠ চিকিৎসকৰ লগত হোৱা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাৰ পাছতেই ইয়াক  লৈ সমগ্ৰ দেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এই ঘটনা সন্দৰ্ভত প্ৰতিটো সময়তে ন ন তথ্য পোহৰলৈ আহিছে। ভুক্তভোগীৰ শৰীৰত থকা আঘাতৰ চিনে স্পষ্ট কৰিছে যে ধৰ্ষণৰ লগতে তেওঁক নিৰ্মমভাৱে প্ৰহাৰো কৰা হৈছিল। এই ঘটনাই স্তম্ভিত কৰি তুলিছে সকলোকে। সাধাৰণ ৰাইজৰ পৰা  আৰম্ভ কৰি ৰাজনীতি পৰ্যন্ত এই কাণ্ডই জোকাৰণিৰ সৃষ্টি কৰিছে।

চিকিৎসকৰ মতে, জীৱন-মৃত্যুৰ বাবে যুঁজি থকা অৱস্থাত চিকিৎসকগৰাকীক ধৰ্ষণ কৰিছিল অভিযুক্তই। ধৰ্ষণৰ সময়ত চিকিৎসকগৰাকী প্ৰায় মৃতপ্ৰায় অৱস্থাত আছিল।  চিকিৎসকগৰাকীক ধৰ্ষণৰ আগতে ইমানেই প্ৰহাৰ কৰিছিল যে এক প্ৰকাৰ তেওঁৰ সকলো অংগৰ ক্ৰিয়া বন্ধ হৈ পৰিছিল।চিকিৎসকগৰাকীৰ গুপ্তাংগত যি আঘাত পোৱা গৈছে তাক ‘পেৰিমৰটেম’ বোলা হয়। অৰ্থাৎ জীৱন আৰু মৃত্যুৰ মাজত আঘাত। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে।

পৰ্ণ ভিডিঅ’ত আসক্ত

আৰক্ষীৰ তদন্তত কিছুমান ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চিকিৎসালয়খনত কৰ্মৰত চিভিক ভলান্টিয়াৰ সঞ্জয় ৰয়ক। অভিযুক্তৰ ফোনৰ পৰা লাভ কৰা তথ্য আৰু অভিযুক্তৰ ভাষ্য অনুসৰি জানিব পৰা গৈছে যে তেওঁ পৰ্ণ ভিডিঅ’ৰ প্ৰতি আসক্ত আছিল। তেওঁ অস্বাভাৱিক অশ্লীল ভিডিঅ’ৰ প্ৰতি আসক্ত আছিল। ইয়ে তেওঁৰ বিকৃত মানসিকতাৰ পৰিচয় দিয়ে।

সূত্ৰ অনুসৰি জানিব পৰা মতে ঘটনাৰ দিনা পুৱতি নিশা প্ৰায় ৪ বজাত এই ঘটনা সংঘটিত হয়। সেই সময়ত চেমিনাৰ হলত কম্বল লৈ শুই আছিল চিকিৎসকগৰাকী। তেতিয়াই উক্ত ঠাইত অভিযুত্ত উপস্থিত হয় আৰু ধৰ্ষণ  কাণ্ড সংঘটিত কৰে। চিকিৎসকগৰাকীয়ে ইয়াৰ বিৰোধ কৰাৰ বাবে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰে অভিযুক্তই। তাৰ পাছতে ৯ আগষ্টৰ পুৱা চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।

ভুক্তভোগীৰ বাওঁ গালত আঘাতৰ চিন স্পষ্ট আছে। গালত নখৰ আচোৰ দেখা গৈছে। এই আক্ৰমণৰ পাছত অভিযুক্তই ভুক্তভোগীৰ ডিঙিত ধৰি মুখ, পেট, বুকুত কেইবাবাৰো প্ৰহাৰ কৰিছিল। যাৰ বাবে মহিলা চিকিৎসকগৰাকী অচেতন হৈ পৰে আৰু তাৰ পাছত অভিযুক্তই ধৰ্ষণ কৰে।

উল্লেখ্য যে, এই ঘটনাৰ বাবে আজি দেশৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰা হয়। দিল্লী এইমছেও এই ঘটনাৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এই ঘটনা সন্দৰ্ভত চি বি আইৰ তদন্তৰ দাবী কৰিছে প্ৰতিবাদকাৰীসকলে। তেওঁলোকে কৈছে যে পশ্চিম বংগৰ চৰকাৰৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই, যাৰ বাবে এই ঘটনাত কেন্দ্ৰ চৰকাৰে হস্তক্ষেপ কৰিব লাগে। পৰৱৰ্তী সময়ত এই ঘটনাক  লৈ আৰু বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱণা আছে।

Related Stories
চৰ্দাৰ যেতিয়া সিংহ হয়…..পাকিস্তানৰ সংসদত প্ৰধানমন্ত্ৰী মোদীৰ জয়গান! শ্বাহবাজ শ্বৰীফক কাপুৰুষ, ভয়াতুৰ আখ্যা…
পুনৰ পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশৰ চেষ্টা, BSFৰ গুলীত নিহত ৭ সন্ত্ৰাসবাদী
ইফালে অপাৰেশ্যন সেন্দূৰ, আনফালে মহাকাশত ভাৰতৰ দুই উপগ্ৰহৰ মাজত যুঁজ! ইছৰ’ৱে দিলে ডাঙৰ সংকেত
কামত নাহিল চীনত নিৰ্মিত পাকিস্তানৰ ছুপাৰছ’নিক বেলিষ্টিক মিছাইল ! ধ্বংস কৰিলে ভাৰতৰ সুদৰ্শনে ?
মাত্ৰ ২ দিনতে পাকিস্তানৰ আত্মসমৰ্পণ! শান্তিৰ আহ্বান জনাই ক্ষতিপূৰণৰ বাবে বিচাৰিলে ঋণ…
ভাৰতীয় সেনাই কিদৰে বিফল কৰিছিল পাকিস্তানৰ সকলো প্ৰচেষ্টা, কেনেদৰে আক্ৰমণকাৰীক দিছিল যোগ্য প্ৰত্যুত্তৰ? সকলো জানক
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension