কলকাতা কাণ্ডঃ অভিযুক্ত সঞ্জয়ে পত্নীৰ লগত কি কি কৰিছিল? শাহুৱেকৰ বিস্ফোৰক মন্তব্য

সঞ্জয় ৰয় ভাল মানুহ নহয়। তেওঁক ফাঁচী বা যি কৰিলেও কৰক। এই ঘটনা সন্দৰ্ভত মোৰ ক'বলগীয়া নাই। কিন্তু এই সমগ্ৰ কাণ্ড অকলে কৰিব পৰা ক্ষমতা সঞ্জয়ৰ নাই। যদি তেওঁ কিবা বেয়া কাম কৰিছে তেন্তে শাস্তি পাব লাগে।

কলকাতা কাণ্ডঃ অভিযুক্ত সঞ্জয়ে পত্নীৰ লগত কি কি কৰিছিল?  শাহুৱেকৰ বিস্ফোৰক মন্তব্য

কলকাতাৰ কাণ্ডত CBIৰ তদন্ত

Updated On: 

20 Aug 2024 09:12 AM

কলকাতাত কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ন্যায় বিচাৰি সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত হৈ আছে। এই গোচৰৰ তদন্তত চিবিআইয়ে অভিযুক্ত সঞ্জয় ৰয়ৰ পলিগ্ৰাফী টেষ্ট কৰিবলৈও সাজু হৈছে। ইতিমধ্যে এই ক্ষেত্ৰত ন্যায়ালয়ৰ পৰা অনুমতি লাভ কৰিছে চিবিআইয়ে। ইয়াৰ পাছতে আজি মঙলবাৰে অভিযুক্ত সঞ্জয় ৰয়ক আদালতত হাজিৰ কৰোৱা হ’ব। যদি সঞ্জয় মান্তি হয় তেন্তে চিবিআইয়ে তেওঁৰ পলিগ্ৰাফী টেষ্ট কৰিব। এই পৰীক্ষাৰ দ্বাৰা চিবিআইয়ে গম পাব যে সঞ্জয়ে ঘটনা সন্দৰ্ভত সঁচা নে মিছা কথা কৈছে।

এই সকলো ঘটনাৰ মাজতে সঞ্জয় সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁৰ শাহুৱেকে। সোমবাৰে সংবাদ সংস্থা এ এন আই (ANI) ৰ সৈতে কথা পাতি তেওঁ কয় যে, সঞ্জয়ৰ ৰয়ৰ লগত তেওঁৰ পৰিয়ালৰ সম্পৰ্ক ভাল নাছিল। সঞ্জয়ে তেওঁৰ কন্যাক বহুত মাৰপিট কৰিছিল আৰু ৩ মাহত গৰ্ভপাতো কৰাইছিল। এই সন্দৰ্ভত তেওঁলোকে আৰক্ষী থানাত সঞ্জয়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। তেওঁ কয়, বিয়াৰ প্ৰথম ৬ মাহ সকলো ঠিকে আছিল। কিন্তু যেতিয়া পত্নী গৰ্ভৱতী হয় তেতিয়া তেওঁক মাৰপিট কৰিবলৈ লয় আৰু গৰ্ভপাত কৰাই দিয়ে। এয়া সঞ্জয়ৰ দ্বিতীয় বিবাহ আছিল। আনকি তেওঁৰ কন্যাৰ অন্তিম সময়চোৱাতো ঔষধৰ বাবে সঞ্জয়ে কোনো খৰচ দিয়া নাছিল।

 

তেওঁ কয় যে, সঞ্জয় ৰয় ভাল মানুহ নহয়। তেওঁক ফাঁচী বা যি কৰিলেও কৰক। এই ঘটনা সন্দৰ্ভত মোৰ ক’বলগীয়া নাই। কিন্তু এই সমগ্ৰ কাণ্ড অকলে কৰিব পৰা ক্ষমতা সঞ্জয়ৰ নাই। যদি তেওঁ কিবা বেয়া কাম কৰিছে তেন্তে শাস্তি পাব লাগে।

উল্লেখ্য যে, ৯ আগষ্টত কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পাতালত এগৰাকী কনিষ্ঠ চিকিৎসকৰ মৃতদেহ উদ্ধাৰৰ পাছতেই সমগ্ৰ দেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এইগৰাকী কনিষ্ঠ চিকিৎসকৰ লগত ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। প্ৰথমে এই গোচৰৰ তদন্ত কলকাতা আৰক্ষীয়ে কৰি আছিল যদিও পাছলৈ ই চিবিআইলৈ হস্তান্তৰ হয়।  মেডিকেল কলেজখনৰ প্ৰাক্তন অধ্যক্ষগৰাকীকো এই তদন্তৰ আওতালৈ আনিছে চিবিআইয়ে। এতিয়ালৈকে ৩৬ ঘন্টা জেৰা চলোৱা হৈছে প্ৰাক্তন অধ্যক্ষগৰাকীক।

আজি এই ঘটনা সন্দৰ্ভত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠে উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰিব। অভিযোগ উত্থাপন হৈ আহিছে যে এই ঘটনাত মেডিকেল কলেজখনৰ সম্পূৰ্ণ বিভাগটো জড়িত হৈ আছে। ভুক্তভোগীৰ পিতৃ- মাতৃয়ে অভিযোগ কৰা অনুসৰি এই ঘটনাৰ তদন্তক লৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওপৰতো তেওঁলোকো আস্থা হেৰুৱাই পেলাইছে। গতিকে আজি উচ্চতম ন্যায়ালয়ত এই ধৰ্ষণ আৰু হত্যাকাণ্ড সন্দৰ্ভত কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।

ইয়াৰোপৰি পশ্চিম বংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিবলৈ দিল্লীত উপস্থিত হৈছে। ৰাজ্যপালগৰাকীয়ে পুৱা প্ৰায় ১০ বজাত গৃহমন্ত্ৰী অমিত শ্বাহক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰিব আৰু তাৰ পাছতেই ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে।

সঘনাই মুখত কিয় ঘাঁ লাগে ? এই সমস্যাৰ পৰা উপশম পোৱাৰ উপায় কি ?
লিভাৰৰ বাবে সুৰাতকৈও অধিক বিপজ্জনক এই ৩টা বস্তু | These 3 things are more dangerous for Liver than alcohol
Barakৰ পৰা BrahMos লৈ, ভাৰতৰ ৫ শক্তিশালী অস্ত্ৰৰ বৈশিষ্ট্য জানক | India Pakistan Tension from Bara to Brahmos Indias Powerful Weapons Operation Sindoor
গৰমৰ দিনত এই পদ্ধতিৰে কৰক আপোনাৰ ছালখন কোমল আৰু উজ্জ্বল!