কলকাতাৰ জঘন্য কাণ্ডঃ চিকিৎসকগৰাকীৰ লগত কি কি হৈছিল, সকলো তথ্য পোহৰলৈ

প্ৰতিবেদনত এই কথাও প্ৰকাশ পাইছে যে মানৱৰূপী দানৱটোৱে প্ৰথম চিকিৎসকগৰাকীক হত্যা কৰিছিল আৰু পাছত ধৰ্ষণ কৰিছিল। ধৰ্ষণৰ সময়ত চিকিৎসকগৰাকীৰ অংগবোৰৰ ক্ৰিয়া বন্ধ হৈ পৰিছিল।

কলকাতাৰ জঘন্য কাণ্ডঃ চিকিৎসকগৰাকীৰ লগত কি কি হৈছিল, সকলো তথ্য পোহৰলৈ

কলকাতা কাণ্ড

Published: 

13 Aug 2024 11:46 AM

মানুহৰ মানসিকতা কিমান বিকৃত হ’লে নৃশংসতাৰ সকলো সীমা অতিক্ৰম কৰি ধৰ্ষণ কাণ্ড সংঘটিত কৰে? কিমান নীচ হ’লে শুই থকা এজনী যুৱতীক হত্যা কৰি ধৰ্ষণৰ ঘটনা সংঘটিত কৰিব পাৰে? কলকাতাৰ আৰজি কৰ মেডিকেল কলেজ আৰু হাস্পাতালত এগৰাকী মহিলা চিকিৎসকৰ লগত হোৱা এনে এক বৰ্বৰ হত্যা আৰু ধৰ্ষণ কাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছে। দেশৰ বিভিন্ন প্ৰান্তত ইয়াৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে চিকিৎসকসকলে।

যোৱা ৯ আগষ্টত হাস্পাতালখনৰ চেমিনাৰ হলত এগৰাকী কনিষ্ঠ চিকিৎসকৰ মৃতদেহ উদ্ধাৰ হৈছিল। মৃতদেহটোত অৰ্ধ নগ্ন অৱস্থাত আছিল। শৰীৰৰ বিভিন্ন স্থানত আছিল আঘাতৰ চিন। পৰৱৰ্তী সময়ত মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃতদেহটো উদ্ধাৰৰ সময়ত চিকিৎসকগৰাকীৰ মুখ আৰু নাকেৰে তেজ ওলাই আছিল। কিন্তু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত যি পোহৰলৈ আহিছে সেই ঘটনাই বুকু কঁপাই তুলিব আপোনাৰ।

এই ঘটনাৰ কিছু ঘণ্টাৰ ভিতৰতে কলকাতা আৰক্ষীয়ে SIT গঠন কৰি প্ৰাৰম্ভিক তদন্ততেই চিকিৎসালয়খনত কৰ্মৰত চিভিক ভলান্টিয়াৰ সঞ্জয় ৰায়ক গ্ৰেপ্তাৰ কৰে। এতিয়ালৈকে কৰা তদন্ত আৰু জেৰাৰ ভিত্তিত অনুমান কৰা হৈছে যে পুৱা ৩ বজাৰ পৰা ৬ বজাৰ ভিতৰত এই বৰ্বৰ ঘটনা সংঘটিত হৈছিল।

মৰণোত্তৰ প্ৰতিবেদনৰ তথ্য

মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহিছে যে মৃতদেহটোৰ বিভিন্ন স্থানত আঘাত আছিল। শৰীৰৰ বিভিন্ন স্থানত তেজ ওলাই আছিল। অভিযুক্তই ভুক্তভোগী চিকিৎসকগৰাকীক মুখ, ডিঙি, বুকু আদিক ঘুচিয়াই প্ৰহাৰ কৰিছিল। যাৰ বাবে তেওঁৰ  চকু, মুখৰ পৰা তেজ ওলাইছিল।  প্ৰতিবেদনত এই কথাও প্ৰকাশ পাইছে যে মানৱৰূপী দানৱটোৱে প্ৰথম চিকিৎসকগৰাকীক হত্যা কৰিছিল আৰু পাছত ধৰ্ষণ কৰিছিল। ধৰ্ষণৰ সময়ত চিকিৎসকগৰাকীৰ অংগবোৰৰ ক্ৰিয়া বন্ধ হৈ পৰিছিল।

ইয়াৰ পাছতেই অভিযুক্ত নিজৰ ঘৰলৈ গৈ শুইছিল। পাছত প্ৰমাণ নষ্ট কৰিবলৈ কাপোৰ ধুই দিছিল। কেৱল ইমানেই নহয়, ঘৰত গৈ তেওঁ পৰ্ণ ভিডিঅ’ চাইছিল। আৰক্ষীয়ে অভিযুক্তৰ পৰা এটা ফোন উদ্ধাৰ কৰিছে য’ত কিছুমান বিস্ফোৰক তথ্য পোহৰলৈ আহে।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে অভিযুক্তই ৪ বাৰকৈ বিবাহ- পাশত আৱদ্ধ হৈছে। ইয়াৰে এজনী পত্নীৰ মৃত্যু হৈছে আৰু বাকী ৩গৰাকীয়ে এৰি গৈছে। অভিযুক্ত সুৰা আৰু পৰ্ণ ভিডিঅ’ চোৱাৰ প্ৰতি আসক্ত আছিল। অভিযুক্তই বিশেষকৈ অস্বাভাৱিক অশ্লীল ভিডিঅ’ চাইছিল। যিয়ে তেওঁ বিকৃত মানসিকতাৰ পৰিচয় দিয়ে।

এই ঘটনাই এতিয়া সমগ্ৰ দেশত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এসপ্তাহৰ ভিতৰত অভিযুক্তৰ ক্ষিপ্ৰ বিচাৰ আৰু শাস্তি প্ৰদানৰ বাবে সংসদত বিধেয়ক উত্থাপন কৰিব বুলি মন্তব্য কৰিছে টিএমচিৰ নেতা অভিষেক বেনাৰ্জীয়ে। তেওঁ কয় যে ধৰ্ষণকাৰী সমাজত জীয়াই থকাৰ যোগ্য নহয়। তেওঁলোকক হয়তো এনকাউণ্টাৰত হত্যা কৰিব লাগে নহয় ফাঁচী দিব লাগে।

Related Stories
চৰ্দাৰ যেতিয়া সিংহ হয়…..পাকিস্তানৰ সংসদত প্ৰধানমন্ত্ৰী মোদীৰ জয়গান! শ্বাহবাজ শ্বৰীফক কাপুৰুষ, ভয়াতুৰ আখ্যা…
পুনৰ পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশৰ চেষ্টা, BSFৰ গুলীত নিহত ৭ সন্ত্ৰাসবাদী
ইফালে অপাৰেশ্যন সেন্দূৰ, আনফালে মহাকাশত ভাৰতৰ দুই উপগ্ৰহৰ মাজত যুঁজ! ইছৰ’ৱে দিলে ডাঙৰ সংকেত
কামত নাহিল চীনত নিৰ্মিত পাকিস্তানৰ ছুপাৰছ’নিক বেলিষ্টিক মিছাইল ! ধ্বংস কৰিলে ভাৰতৰ সুদৰ্শনে ?
মাত্ৰ ২ দিনতে পাকিস্তানৰ আত্মসমৰ্পণ! শান্তিৰ আহ্বান জনাই ক্ষতিপূৰণৰ বাবে বিচাৰিলে ঋণ…
ভাৰতীয় সেনাই কিদৰে বিফল কৰিছিল পাকিস্তানৰ সকলো প্ৰচেষ্টা, কেনেদৰে আক্ৰমণকাৰীক দিছিল যোগ্য প্ৰত্যুত্তৰ? সকলো জানক
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension