কলকাতাৰ চিকিৎসকৰ লগত বৰ্বৰ কাণ্ডঃ প্ৰতিবাদৰ আঁৰত চেষ্টা চলিছে নেকি প্ৰমাণ নষ্ট কৰাৰ?

kolkata rape and murder case: মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহে যে মৃতপ্ৰায় অৱস্থাত চিকিৎসকগৰাকীৰ লগত ধৰ্ষণ কাণ্ড সংঘটিত কৰিছিল। ধৰ্ষণৰ পূৰ্বে অভিযুক্তই চিকিৎসকগৰাকীক যথেষ্ঠ প্ৰহাৰ কৰিছিল যাৰ বাবে তেওঁৰ অংগই কাম নকৰা হৈ গৈছিল। 

কলকাতাৰ চিকিৎসকৰ  লগত বৰ্বৰ কাণ্ডঃ প্ৰতিবাদৰ আঁৰত চেষ্টা চলিছে নেকি প্ৰমাণ নষ্ট কৰাৰ?

কলকাতা

Published: 

15 Aug 2024 15:42 PM

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পাতালত বুধবাৰে নিশা সংঘটিত হোৱা হিংসাত্মক ঘটনাত ১৫ জনকৈ আৰক্ষী আহত হয়। আনহাতে চিকিৎসকৰ লগত সংঘটিত হোৱা ধৰ্ষণ, হত্যাকাণ্ডৰ বিৰোধিতা কৰা ৯ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। হিংসাত্মক ঘটনা সংঘটিত কৰা কেইবাজনৰ ফটো জাৰি কৰাৰ লগতে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’ৰ লগতে চিচিটিভি ফুটেজো পৰীক্ষা কৰি আছে আৰক্ষীয়ে। এই সন্দৰ্ভত আৰক্ষীয়ে কয় যে হিংসাত্মক ঘটনা সংঘটিত কৰা প্ৰতিবাদকাৰীসকলৰ চিনাক্ত কৰা হৈছে আৰু শীঘ্ৰেই তেওঁলোকক আটক কৰা হ’ব।

নিশা কি হৈছিল চিকিৎসালয়খনত?

ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বিৰোধিতাৰে নিশা ১১ মান বজাত চিকিৎসালয়ৰ বাহিৰত শান্তিপূৰ্ণ বিক্ষোভ কাৰ্যসূচী চলি আছিল।  তাৰ পাছতে নিশা প্ৰায়  ১২.৪০ বজাত একাংশ প্ৰতিবাদকাৰীয়ে চিকিৎসালয়ৰ ভিতৰত প্ৰৱেশ কৰি জৰুৰীকালীন ৱাৰ্ডত থকা সা- সামগ্ৰী আদি ভাঙি চিঙি নষ্ট কৰে। আনকি জৰুৰীকালীন ৱাৰ্ডত থকা চিকিৎসককো প্ৰহাৰ কৰে । এই ঘটনাৰ লগে লগে জীৱন ৰক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কোঠাটোত নিজকে আৱদ্ধ কৰি ৰাখে। প্ৰতিবাদ ইমানেই হিংসাত্মক হৈ পৰে যে প্ৰতিবাদকাৰীয়ে আৰক্ষী, আৰ এ এফৰ ওপৰত শিলগুটি নিক্ষেপ কৰে।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে। কিন্তু তাৰ পাছতো প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বেৰিকেড ভাঙি পেলাই আৰু সকলো লণ্ড ভণ্ড কৰে। পৰিস্থিতি বিষম হৈ পৰাত নিশা প্ৰায় ২.৩০ মান বজাত ঘটনাস্থলীত আৰক্ষী আয়ুক্ত উপস্থিত হয়।

এই কাণ্ডক লৈ বিৰোধিয়ে মমতা বেনাৰ্জীয়ৰ চৰকাৰক তীব্ৰ কটাক্ষ কৰি আছে। ইয়াৰ মাজতে কলকাতা উচ্চ ন্যায়ালয়ে ধৰ্ষণ কাণ্ডৰ তদন্ত কৰাৰ দায়িত্ব চি বি আইত অৰ্পন কৰে। চিবিআইৰ তদন্তৰ ওপৰত সম্পূৰ্ণ নজৰ ৰাখিছে মমতাই। তেওঁ কৈছে, ৰবিবাৰৰ ভিতৰত চিবিআইয়ে এই গোচৰৰ সৈতে জড়িত থকা দোষীসকলক শাস্তি দিব। লগতে কয়. এতিয়া গোচৰৰ তদন্ত চলি থকাৰ বাব একো ককৰা নাই। কিন্তু দেওবাৰলৈ চিবিআইয়ে তদন্ত কৰিলে তেওঁ বিষয়টো চাব।

উল্লেখ্য যে, যোৱা ৯ আগষ্টত হাস্পাতালখনৰ চেমিনাৰ হলত এগৰাকী কনিষ্ঠ চিকিৎসকৰ মৃতদেহ উদ্ধাৰ হৈছিল। মৃতদেহটোত অৰ্ধ নগ্ন অৱস্থাত আছিল। শৰীৰৰ বিভিন্ন স্থানত আছিল আঘাতৰ চিন। পৰৱৰ্তী সময়ত মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহে যে মৃতপ্ৰায় অৱস্থাত চিকিৎসকগৰাকীৰ লগত ধৰ্ষণ কাণ্ড সংঘটিত কৰিছিল। ধৰ্ষণৰ পূৰ্বে অভিযুক্তই চিকিৎসকগৰাকীক যথেষ্ঠ প্ৰহাৰ কৰিছিল যাৰ বাবে তেওঁৰ অংগই কাম নকৰা হৈ গৈছিল।

এই ঘটনাৰ পাছতেই চিকিৎসকলৰ মাজত তীব্ৰ ক্ষোভে বিৰাজ কৰিছে। ন্যায় বিচাৰি দেশৰ বিভিন্ন প্ৰান্তত চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। বুধবাৰে নিশা চলি থকা প্ৰতিবাদৰ মাজতে হিংসাত্মক কাৰ্যকালাপ সংঘটিত হয়। প্ৰায় ৫০০০ লোকে আহি হাস্পাতালখনত আক্ৰণম চলাই যদিও ঘটনাৰ প্ৰায়  ৫ ঘন্টা পাছতহে আৰক্ষীয়ে এজাহাৰ দাখিল কৰে। গতিকে প্ৰশ্ন উত্থাপন হৈছে, এই হিংসাত্মক ঘটনাৰ আঁৰত কোনোৱে প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰিছে নেকি?

Related Stories
ইফালে অপাৰেশ্যন সেন্দূৰ, আনফালে মহাকাশত ভাৰতৰ দুই উপগ্ৰহৰ মাজত আকৰ্ষণীয় যুঁজ! ইছৰ’ৱে অৰ্জন কৰিলে বিৰল কৃতিত্ব
কামত নাহিল চীনত নিৰ্মিত পাকিস্তানৰ ছুপাৰছ’নিক বেলিষ্টিক মিছাইল ! ধ্বংস কৰিলে ভাৰতৰ সুদৰ্শনে ?
মাত্ৰ ২ দিনতে পাকিস্তানৰ আত্মসমৰ্পণ! শান্তিৰ আহ্বান জনাই ক্ষতিপূৰণৰ বাবে বিচাৰিলে ঋণ…
ভাৰতীয় সেনাই কিদৰে বিফল কৰিছিল পাকিস্তানৰ সকলো প্ৰচেষ্টা, কেনেদৰে আক্ৰমণকাৰীক দিছিল যোগ্য প্ৰত্যুত্তৰ? সকলো জানক
এইবাৰ পাকিস্তানত হ’ব জলবিস্ফোৰণ! ভাৰতে খুলি দিলে চেনাব নদীৰ বান্ধ…
সীমান্ত-সাগৰৰ পৰা দেশৰ ভিতৰলৈ… মাত্ৰ ৩৫ মিনিটতে শেষ হৈ গ’ল সকলো! ভাৰতৰ পৰিকল্পনা দেখি নিৰ্বাক পাকিস্তান
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?