কলকাতা কাণ্ড: “মই ছোৱালীৰ সুৰক্ষাৰ বাবে গাড়ী কিনিছিলো, কিন্তু আচল ৰাক্ষস আছিল চিকিৎসালয়ৰ ভিতৰত”

কন্যাৰ বাবে এখন গাড়ী কিনিছিল যাতে নিৰাপদে চিকিৎসালয়লৈ যাব পাৰে। তেওঁলোকে ভাবিছিল ৰাস্তাত গাড়ীখনে কন্যাক সুৰক্ষা প্ৰদান কৰিব, কিন্তু জনা নাছিল আচল ৰাক্ষস যে চিকিৎসালয়ত আছিল, যিয়ে তেওঁৰ কন্যাক অতি নিৰ্মমভাৱে হত্যা কৰিলে।

কলকাতা কাণ্ড: মই ছোৱালীৰ সুৰক্ষাৰ বাবে গাড়ী কিনিছিলো, কিন্তু আচল ৰাক্ষস আছিল চিকিৎসালয়ৰ ভিতৰত

কলকাতা কাণ্ড

Published: 

19 Aug 2024 15:51 PM

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পাতলত সংঘটিত হোৱা ধৰ্ষণ আৰু হত্যাকাণ্ডই সমগ্ৰ দেশতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। ভুক্তভোগীৰ ন্যায়ৰ দাবীত হাজাৰ হাজাৰলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে। সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি ছাত্ৰ- ছাত্ৰী, নেতা মন্ত্ৰী আদি সকলোৱে এই ঘটনাৰ ওপৰত মন্তব্য প্ৰদান কৰিছে। বৰ্তমান ঘটনাটো চিবিআইয়ে তদন্ত কৰি আছে যদিও ভুক্তভোগী চিকিৎসকগৰাকীৰ পিতৃয় অভিযোগ কৰি কয় যে, এই ঘটনাত সম্পূৰ্ণ বিভাগটো জড়িত হৈ আছে। মমতা বেনাৰ্জী সন্দৰ্ভতো তেওঁ মন্তব্য কৰে।

কনিষ্ঠ চিকিৎসকগৰাকীৰ পিতৃয়ে জনোৱা মতে, এতিয়াও কোনো ফলাফল পোৱা নাই আৰু তদন্ত অব্যাহত আছে। তেওঁ কয়,  আশাৰ বাহিৰে এতিয়া আৰু কি কৰিব পাৰো?  বিভাগ বা মহাবিদ্যালয়ৰ কোনেও সমৰ্থন কৰা নাই। আমি আৰম্ভণিৰে পৰা এই কথা কৈ আহিছো। সমস্যাটো হ’ল সমগ্ৰ বিভাগটো ইয়াৰ লগত জড়িত হৈ আছে। সন্দেহ প্ৰকাশ কৰি পিতৃগৰাকীয়ে কয় যে, মোৰ ছোৱালীৰ মৃতদেহটো প্ৰথমে জ্বলাই দিয়া হৈছিল। কিন্তু তাৰ পূৰ্বৰ পৰা শ্মশানত ৩ টা মৃতদেহ আছিল।

তেওঁ কয় যে, মমতা বেনাৰ্জীৰ ওপৰত সম্পূৰ্ণ আস্থা আছিল, কিন্তু সেই আস্থা এতিয়া হেৰুৱাই পেলাইছো। মুখ্যমন্ত্ৰীয়ে ভুক্তভোগীৰ পৰিয়ালৰ ন্যায়ৰ বাবে একো কৰা নাই বুলি অভিযোগ তুলি কয় যে, মুখ্যমন্ত্ৰীয়ে ৰাজপথলৈ ওলাই আহি ন্যায় পোৱাৰ কথা কয়, কিন্তু সাধাৰণ মানুহে যেতিয়া ন্যায়ৰ দাবী কৰি আছে তেতিয়া তেওঁলোকক বাধা দিয়া হৈছে। এয়া কিয়? ইয়ে আমাক বহু দুখ দিছে।

কনিষ্ঠ চিকিৎসকগৰাকীৰ পিতৃয়ে কয় যে, তেওঁ ভাবিছিল তেওঁৰ কন্যাই কৰ্মস্থলীত সুৰক্ষিত থাকিব। সেয়ে কন্যাৰ বাবে এখন গাড়ী কিনিছিল যাতে নিৰাপদে চিকিৎসালয়লৈ যাব পাৰে। তেওঁলোকে ভাবিছিল ৰাস্তাত গাড়ীখনে কন্যাক সুৰক্ষা প্ৰদান কৰিব, কিন্তু জনা নাছিল আচল ৰাক্ষস যে চিকিৎসালয়ত আছিল, যিয়ে তেওঁৰ কন্যাক অতি নিৰ্মমভাৱে হত্যা কৰিলে।

উল্লেখ্য যে, ৯ আগষ্টত সংঘটিত হোৱা ধৰ্ষণ আৰু হত্যাকাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছে। এগৰাকী কনিষ্ঠ চিকিৎসকক শুই থকা অৱস্থাত চেমিনাৰ হলত অতি বৰ্বৰভাৱে ধৰ্ষণ আৰু হত্যা কৰা হৈছিল।মৃতদেহ উদ্ধাৰৰ সময়ত যুৱতীগৰাকীৰ চাৰিওফালে তেজ পৰি আছিল, শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন আছিল। এই সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সঞ্জয় ৰয় নামৰ এজনক। মেডিকেল কলেজখনৰ প্ৰাক্তন অধ্যক্ষকো এই ঘটনা সন্দৰ্ভত চিবিআইয়ে জেৰা চলাইছে।

এই ঘটনা কনিষ্ঠ চিকিৎসকৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ বহুলোক জড়িত থকা বুলি উত্থাপন হৈ আহিছে। অৱশ্যে এই সন্দৰ্ভত এতিয়াও তথ্য পোহৰলৈ অহা নাই। বিভিন্নজনে অভিযোগ কৰা অনুসৰি মেডিকেল কলেজখনত বহুদিন ধৰি অনৈতিক কাম- কাজ সংঘটিত হৈ আছিল। অৱশ্যে এই সকলোবোৰ অভিযোগ চিবিআইৰ তদন্তৰ পাছতহে স্পষ্ট হ’ব।

বৃদ্ধি পাইছে ভাৰত-পাকিস্তান উত্তেজনা, তাৰ মাজতে আমিৰ খানে ল’লে বিশেষ একচন…
সঘনাই মুখত কিয় ঘাঁ লাগে ? এই সমস্যাৰ পৰা উপশম পোৱাৰ উপায় কি ?
লিভাৰৰ বাবে সুৰাতকৈও অধিক বিপজ্জনক এই ৩টা বস্তু | These 3 things are more dangerous for Liver than alcohol
Barakৰ পৰা BrahMos লৈ, ভাৰতৰ ৫ শক্তিশালী অস্ত্ৰৰ বৈশিষ্ট্য জানক | India Pakistan Tension from Bara to Brahmos Indias Powerful Weapons Operation Sindoor