দেশৰ আটাইতকৈ পুৰণি ৰে’লখনৰ নাম জানেনে? আজিও চলাচল কৰা এই ৰে’লৰ সৈতে নেতাজীৰ আছে বিশেষ সংযোগ…

সময়ৰ অগ্ৰগতিৰ সমান্তৰালকৈ নতুন নতুন সুবিধা তথা আধুনিক প্ৰযুক্তিৰে দেশবাসীৰ কাষ চাপিছে ৰে’লসেৱা। এতিয়া দেশীয় নিৰ্মিত বন্দে ভাৰতৰ পৰা আগন্তুক বুলেট ট্ৰেইনলৈকে ৰে’লৱে সন্দৰ্ভত ব্যাপক চৰ্চা দেখা যায়। পিছে দেশৰ আটাইতকৈ পুৰণি ৰে’লখনৰ বিষয়ে জানেনে আপুনি?

দেশৰ আটাইতকৈ পুৰণি ৰে’লখনৰ নাম জানেনে? আজিও চলাচল কৰা এই ৰে’লৰ সৈতে নেতাজীৰ আছে বিশেষ সংযোগ...

দেশৰ আটাইতকৈ পুৰণি ৰে’লখনৰ বিষয়ে জানেনে?

Updated On: 

23 Apr 2025 01:04 AM

বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ ৰে’ল নেটৱৰ্কৰ অধিকাৰী ভাৰত। দেশজুৰি ৭০ হাজাৰ কিলোমিটাৰ এলেকাত ৰে’লপথ বিস্তৃত হৈ আছে। এনেদৰে দেশত ৰে’ল পৰিবহণ ব্যৱস্থা সাধাৰণ জনতাৰ বাবে আটাইতকৈ সহজলভ্য আৰু সুগম পৰিবহণ ব্যৱস্থা হিচাপে পৰিগণিত হৈ আহিছে। উল্লেখ্য যে ১৮৫৩ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এই ৰে’ল ব্যৱস্থা ভাৰতবৰ্ষত আৰম্ভ কৰিছিল। ভাৰতৰ প্ৰথমখন ৰে’ল তেতিয়াৰ বাৰি বাণ্ডাৰ অৰ্থাৎ আজিৰ মুম্বাইৰ পৰা থানেলৈ চলিছিল। সেই আৰম্ভণিৰ সময়ৰ পৰা বৰ্তমানলৈকে ভাৰতীয় ৰে’লৱেৰ গুণগত মানৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন হৈছে।

সময়ৰ অগ্ৰগতিৰ সমান্তৰালকৈ নতুন নতুন সুবিধা তথা আধুনিক প্ৰযুক্তিৰে দেশবাসীৰ কাষ চাপিছে ৰে’লসেৱা। এতিয়া দেশীয় নিৰ্মিত বন্দে ভাৰতৰ পৰা আগন্তুক বুলেট ট্ৰেইনলৈকে ৰে’লৱে সন্দৰ্ভত ব্যাপক চৰ্চা দেখা যায়। পিছে দেশৰ আটাইতকৈ পুৰণি ৰে’লখনৰ বিষয়ে জানেনে আপুনি? দেশৰ ৰে’লসেৱা প্ৰচলনৰ সময়ৰ পৰা আৰম্ভ হোৱা এই ৰে’লখনৰ যাত্ৰা আজিও আছে অব্যাহত, এক নিৰ্দিষ্ট পথত বাধাহীনভাৱে আগবাঢ়ি গৈছে এই ৰে’লখন।

দেশৰ আটাইতকৈ পুৰণি এই ৰে’লখন হৈছে কলকাজী এক্সপ্ৰেছ। যোৱা কেইটামান দশক ধৰি হাওৰাৰ পৰা কলকালৈ চলাচল কৰিছে এই প্ৰাচীন ৰে’লখন। উল্লেখযোগ্য যে এই ৰেলখন নেতাজী সুভাষ চন্দ্ৰ বসুৰ সৈতেও বিশেষভাৱে জড়িত। সেইবাবেই এই ৰে’লখনৰ আন এটা নাম হৈছে নেতাজী এক্সপ্ৰেছ। বৃটিছ যুগৰ পৰাই যাত্ৰী পৰিবহণৰ মাধ্যম হিচাপে পৰিগণিত হৈ আহিছে কলকাজী এক্সপ্ৰেছ।

১৮৬৬ চনৰ ১ জানুৱাৰীত প্ৰথমবাৰৰ বাবে কলকাজী এক্সপ্ৰেছৰ চলাচল আৰম্ভ হৈছিল।তেতিয়াৰ পৰা ১৫০ বছৰ ধৰি এই ৰেলখন অবিৰতভাৱে চলি আছে। পূৰ্বে এই ৰে’লখন কেৱল হাওৰাৰ পৰা দিল্লীলৈহে চলিছিল। কিন্তু পিছলৈ ৰে’লখনৰ পথ দিল্লীৰ পৰা হাৰিয়ানাৰ কলকালৈ সম্প্ৰসাৰিত কৰা হয়। ১৯৪১ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৱে পলায়নৰ সময়ত ঝাৰখণ্ডৰ পৰা এই কলকাজী এক্সপ্ৰেছতে যাত্ৰা কৰিছিল বুলি কথিত আছে।

Related Stories
কোনে বন্ধ কৰিছিল আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ইন্ধনৰ চুইচ? ২ পাইলটৰ মাজত হোৱা কথা-বতৰাক লৈ চৰ্চা…
সম্পত্তিৰ লোভ আৰু ১০ লাখ টকাৰ ভাড়াতীয়া শ্বুটাৰ! পত্নীৰ ষড়যন্ত্ৰৰ বলি হৈ চিৰদিনলৈ চকু মুদিলে পতিয়ে
চাংপোৰ ওপৰত চীনে গোপনে নিৰ্মাণ কৰিছে বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ…শংকা প্ৰকাশ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ
চৰাইৰ খুন্দাৰ বাবে সংঘটিত হৈছিল নেকি আহমেদাবাদ দুৰ্ঘটনা! প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য
হুৰমূৰকৈ বাগৰি পৰিল চাৰি মহলীয়া অট্টালিকা, আৱদ্ধ ১২ জন লোকঃ অব্যাহত উদ্ধাৰ অভিযান
আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত পোহৰলৈ ন-ন তথ্যঃ বিমান কোম্পানীৰ বিৰুদ্ধে লোৱা হ’ব নেকি ব্যৱস্থা!
জণ্ডিচৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? ইয়াৰ কাৰণ ক'লে চিকিৎসকে...
কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে কাজি নেমু কিমান উপকাৰী? জানক
পেটৰ আলচাৰে পিছলৈ গুৰুতৰ ৰূপ ল’ব পাৰে, ইয়াৰ প্ৰতিৰোধৰ উপায় জানক
শাওন মাহত ভুলতো নকৰিব এইসমূহ কাম, মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত হ’ব আপুনি!