পদ্ম সন্মানেৰে সন্মানিত আমেৰিকান মহিলাঃ কিয় পদ্মশ্ৰীৰে স্বীকৃতি চেলি হোলকাৰলৈ!

শনিবাৰে নিশা ঘোষণা কৰা হ’ল দেশৰ সন্মানীয় অসামৰিক বঁটা পদ্ম সন্মান বিজয়ীসকলৰ নাম। এইবাৰ এগৰাকী আমেৰিকান মহিলাকো পদ্ম সন্মানেৰে সন্মানিত কৰা হৈছে। এই মহিলাগৰাকীৰ নাম চেলি হোলকাৰ। আমেৰিকাত জন্মগ্ৰহণ কৰিলেও এই উদ্যোগী মহিলাগৰাকীয়ে ভাৰতত নিজ কৰ্মৰে উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে।

পদ্ম সন্মানেৰে সন্মানিত আমেৰিকান মহিলাঃ কিয় পদ্মশ্ৰীৰে স্বীকৃতি চেলি হোলকাৰলৈ!

চেলি হোলকাৰ

Published: 

26 Jan 2025 | 02:36 PM

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত শনিবাৰে নিশা ঘোষণা কৰা হ’ল দেশৰ সন্মানীয় অসামৰিক বঁটা পদ্ম সন্মান বিজয়ীসকলৰ নাম। সমাজ সেৱা, কলা, ব্যৱসায়, বিজ্ঞান, শিক্ষা ইত্যাদি বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানক স্বীকৃতি প্ৰদান কৰি পদ্ম সন্মানেৰে সন্মানিত কৰা হয়। এইবাৰ কেন্দ্ৰীয় চৰকাৰে মুঠ ১৩৯ গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে ৭ গৰাকীক পদ্ম বিভূষণ, ১৯ গৰাকীক পদ্মভূষণ আৰু ১১৩ গৰাকীলৈ পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে। লক্ষণীয়ভাৱে এইবাৰ এগৰাকী আমেৰিকান মহিলাকো পদ্ম সন্মানেৰে সন্মানিত কৰা হৈছে।

এই মহিলাগৰাকীৰ নাম চেলি হোলকাৰ। আমেৰিকাত জন্মগ্ৰহণ কৰিলেও এই উদ্যোগী মহিলাগৰাকীয়ে ভাৰতত নিজ কৰ্মৰে উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। উল্লেখ্য যে বৰ্তমানৰ ৮২ বছৰীয়া চেলি হোলকাৰৰ জন্ম হৈছিল আমেৰিকাত। কিন্তু ভাৰতত তেওঁ নিজ কৰ্মৰে এক অনন্য স্থান দখল কৰি আহিছে। বিখ্যাত মহেশ্বৰী হস্ততাঁত শিল্পৰ নৱজাগৰণত তেওঁ সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল।

উল্লেখ্য যে মধ্য প্ৰদেশৰ মহেশ্বৰলৈ অহাৰ পিছত চেলিয়ে পৰম্পৰাগত বয়ন শিল্পৰ বিকাশৰ বাবে কাম কৰিছিল। ৰাণী অহিল্যবাই হোলকাৰৰ পৰা অনুপ্ৰাণিত হৈ মহেশ্বৰী বয়ন শিল্পলৈ কেৱল ভাৰততে নহয়, বিশ্বজুৰিও স্বীকৃতি কঢ়িয়াই আনিছিল। অশেষ কষ্টৰে চেলি হোলকাৰে বিলুপ্তিৰ পথত থকা মহেশ্বৰী শাৰী আৰু হস্ততাঁত শিল্পক পুনৰ সজীৱ কৰি তুলিলে। তেওঁৰ প্ৰচেষ্টাতে পুনৰ প্ৰাণ পাই উঠে মহেশ্বৰী বয়ন শিল্পই।

পৰম্পৰাগত ডিজাইনত আধুনিকতাৰ সংযোজন ঘটাই চেলি হোলকাৰে এই শিল্পক সন্নিৱিষ্ট বিশ্বব্যাপী পৰিচিত কৰি তোলে। তেওঁৰ কঠোৰ পৰিশ্ৰমৰ বাবে হাজাৰ হাজাৰ লোকে কৰ্মসংস্থাপন লাভ কৰিছিল। ইয়াৰ উপৰিও চেলি হোলকাৰে মহেশ্বৰত এখন হস্ততাঁত বিদ্যালয়ো স্থাপন কৰিছিল। ইয়াত পৰম্পৰাগত বয়ন কৌশলৰ প্ৰশিক্ষণ দিয়া হৈছে। চেলিৰ এই প্ৰচেষ্টাত ২৫০ জনতকৈ অধিক মহিলাই কৰ্মসংস্থাপন লাভ কৰিলে।

তদুপৰি তেওঁৰ এই প্ৰচেষ্টাৰ বাবে ১১০ খনতকৈও অধিক তাঁতশাল স্থাপন কৰা হ’ল আৰু আনকি ৪৫ বছৰৰ ওপৰৰ মহিলাসকলকো কৰ্মসংস্থাপন দিয়া হ’ল। চেলিয়ে কেৱল এই শিল্পকলা সংৰক্ষণ কৰাই নহয়, ইয়াক এক সফল ব্যৱসায়লৈও ৰূপান্তৰিত কৰিছিল। এই শিল্পক তেওঁ আন্তঃৰাষ্ট্ৰীয় বজাৰত স্বীকৃতি দিছিল। ইয়াৰ বাবেই কেৱল মধ্যপ্ৰদেশতে নহয় সমগ্ৰ বিশ্বতে মহেশ্বৰীৰ হস্ততাঁতে অনন্য স্বীকৃতি লাভ কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব