কেৰালাৰ প্ৰথমগৰাকী আদিবাসী এয়াৰ হোষ্টেছ গোপিকা গোবিন্দ…

সফলতাৰ আন এটা নাম গোপিকা গোবিন্দ। এই যুৱতীগৰাকীয়ে বহু চেষ্টাৰ অন্তত এয়াৰ হোষ্টেচ হ'বলৈ সক্ষম হয়। গোপিকা গোবিন্দ এনে এগৰাকী যুৱতী যিয়ে সকলো বাধা নেওচি সফলতাৰ শিখৰলৈ গতি কৰে।

কেৰালাৰ প্ৰথমগৰাকী আদিবাসী এয়াৰ হোষ্টেছ গোপিকা গোবিন্দ...

গোপিকা গোবিন্দ

Published: 

13 Apr 2025 | 12:48 PM

মানুহৰ লক্ষ্য স্থিৰ হ’লে কোনো শক্তিয়ে সেই লক্ষ্যত উপনীতি হোৱাত বাধা প্ৰদান কৰিব নোৱাৰে। চেষ্টা আৰু অধ্যাৱসায়ৰ ফলত ব্যক্তিয়ে যিকোনো লক্ষ্যত উপনীত হ’ব পাৰে। যাৰ বাবে এনে ব্যক্তি সমাজ বা বিভিন্নজনৰ বাবে প্ৰেৰণৰ উৎস হৈ পৰে। কেৰালাৰ গোপিকা গোবিন্দ এনে এটা নাম যি বিভিন্নজনৰ বাবে প্ৰেৰণা। সৰুৰ পৰা সপোন দেখা গোপিকাই অৱশেষত নিজৰ সপোন পূৰণ কৰিবলৈ সক্ষম হয়। গোপিকা গোবিন্দ কেৰালাৰ প্ৰথমগৰাকী আদিবাসী বিমান পৰিচাৰিকা বা এয়াৰ হোষ্টেছ।

গোপিকা গোবিন্দ কেৰালাৰ প্ৰথম জনজাতীয় বিমান পৰিচাৰিকা হৈ ইতিহাসৰ সৃষ্টি কৰিবলৈ সক্ষম হয়। এয়া কেৱল তেওঁৰ কৃতিত্বই নহয় কেৰালাৰ বাবেও গৌৰৱৰ বিষয়। জানিব পৰা মতে কেৰালাৰ আলাকোড়ৰ সমীপৰ কাবুনকুড়ীৰ এছ টি কলনীত জন্মগ্ৰহণ কৰিছিল গোপিকাই। তেওঁৰ পিতৃ পি গোবিন্দন আৰু মাতৃ ভি.জি. য়ে দৈনিক মজুৰি শ্ৰমিক হিচাপে কাম কৰিছিল। কৰিম্বা জনজাতি সম্প্ৰদায়ৰ এগৰাকী যুৱতী গোপিকা।

গোপিকাই সৰুকালৰে পৰা বহু আৰ্থিক সমস্যাৰ সন্মুখীন হৈ আহিছিল। তথাপিও গোবিকাই নিজৰ সপোন পাহৰি যোৱা নাছিল আৰু সেই সপোন পূৰণ কৰাৰ বাবে দিনে-নিশাই কষ্ট কৰিছিল। তেওঁ ৰাসায়ন বিজ্ঞানত বিএছচি কৰিছিল । গোপিকাই জনাই যে, পৰিয়ালটোৰ আৰ্থিক অৱস্থাৰ বাবে এটা সময়ত তেওঁ নিজৰ সপোন ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।  কিন্তু এদিন এখন বাতৰি কাকতত এয়াৰ হোষ্টেছৰ ইউনিফৰ্ম পিন্ধা কেবিন ক্ৰু সদস্যৰ ছবিখন দেখি তেওঁৰ সপোনে পুনৰ পোখা মেলিছিল।  ইয়াৰ পিছত গোপিকাই এয়াৰ হোষ্টেছ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

গোপিকাই ৱায়ানাদৰ কল্পেটাৰ ড্ৰিম স্কাই এভিয়েশন ট্ৰেইনিং একাডেমীত এবছৰীয়া ডিপ্লমা পাঠ্যক্ৰমত নামভৰ্তি কৰে। প্ৰথম প্ৰয়াসত গোপিকাই নিৰ্বাচিত হ’ব  পৰা নাছিল যদিও আশা এৰি দিয়া নাছিল। দ্বিতীয় প্ৰচেষ্টাত তেওঁ সফলতা লাভ কৰে। তিনিমাহৰ প্ৰশিক্ষণৰ অন্তত কান্নুৰৰ পৰা উপসাগৰীয় দেশলৈ প্ৰথমখন বিমানত উঠে গোপিকাই। প্ৰবল ইচ্ছাশক্তিৰে যিকোনো সপোন পূৰণ কৰাটো সম্ভৱ বুলি গোপিকাই দেখুৱাই দিয়ে। গোপিকা আজি একাংশ লোকৰ বাবে প্ৰেৰণা হৈ পৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...