Wayanad Landslides Updates : পৰিস্থিতি অতি ভয়াৱহ ! উদ্ধাৰ অভিযান অব্যাহত থকাৰ সময়তে মৃত্যুৰ সংখ্যা ১০৯ জনলৈ বৃদ্ধি

Wayanad Landslides Updates : শেহেতীয়াকৈ প্ৰকাশিত খবৰ অনুসৰি, এই ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৯ জনলৈ বৃদ্ধি পাইছে । এতিয়া বহুলোক ভূমিস্খলনৰ ফলত নিৰুদ্দেশ হৈ থকাৰ বুলি সন্দেহ কৰা হৈছে । যাৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে । ইফালে ভূমিস্খলনৰ এই ভয়াৱহতাৰ পাছত ৰাজ্যখনত দুদিনীয়াকৈ ৰাজ্যিক শোক প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেৰালা চৰকাৰে।

Wayanad Landslides Updates : পৰিস্থিতি অতি ভয়াৱহ ! উদ্ধাৰ অভিযান অব্যাহত থকাৰ সময়তে মৃত্যুৰ সংখ্যা ১০৯ জনলৈ বৃদ্ধি

কেৰেলাত ভূমিস্খলনৰ ফলত ধ্বংসলীলা

Updated On: 

30 Jul 2024 21:53 PM

মঙলবাৰে কেৰালাৰ ৱায়ানাডত ধাৰাসাৰ বৰষুণৰ ফলত বহু ঠাইত ভূমিস্খলন সংঘটিত হয়। এই দুৰ্যোগত সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হৈছে ৱায়ানাড । শেহেতীয়াকৈ প্ৰকাশিত খবৰ অনুসৰি, এই ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৯ জনলৈ বৃদ্ধি পাইছে । এতিয়া বহুলোক ভূমিস্খলনৰ ফলত নিৰুদ্দেশ হৈ থকাৰ বুলি সন্দেহ কৰা হৈছে । যাৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে । ইফালে ভূমিস্খলনৰ এই ভয়াৱহতাৰ পাছত ৰাজ্যখনত দুদিনীয়াকৈ ৰাজ্যিক শোক প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেৰালা চৰকাৰে।

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে কয় যে, ভূমিস্খলনত মৃত্যু হোৱা ৩৪ জন লোকৰ মৃতদেহ চিনাক্ত কৰা হৈছে। ইয়াৰে ১৮টা মৃতদেহ মৃতকৰ পৰিয়ালক গতাই দিয়া হৈছে। ৰাজ্যখনৰ পোথুকলৰ চলিয়াৰ নদীৰ পৰা ১৬টা মৃতদেহ উদ্ধাৰ হোৱা বুলি মুখ্যমন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে ৷ তেওঁ কয় যে, এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে । ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীয়ে কেৰালাৰ মুখ্যমন্ত্ৰী পি বিজয়নৰ সৈতে এই দুৰ্ঘটনা সন্দৰ্ভত ইতিমধ্যেই বাৰ্তালাপ কৰিছে ।

ৱায়ানাডৰ শেহতীয়া আপডেট

  • বেয়া বতৰৰ মাজতে ভাৰতীয় সেনা, নৌসেনা আৰু এন ডি আৰ এফৰ উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।
  • উদ্ধাৰকাৰী দলে নদী আৰু বোকাৰ পৰা সংকটজনক অৱস্থাত বহু লোকক উদ্ধাৰ কৰিছে। গতিকে এই দুৰ্যোগত নিহত হোৱা লোকৰ সঠিক সংখ্যা এতিয়াও জানিব পৰা নাই ।
  • মৃতকৰ ভিতৰত বহু মহিলা আৰু শিশুও আছে । মৃতদেহ চিনাক্তকৰণ আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে বিভিন্ন চিকিৎসালয়ৰ লৈ যোৱা হৈছে।
  • ৰাজ্যৰ সকলো ৰাজহুৱা কাৰ্যসূচী আৰু অনুষ্ঠান স্থগিত ৰখা হৈছে। শোকৰ সময়ছোৱাত জাতীয় পতাকা অৰ্ধনমিত কৰি ৰখা হৈছে ।
  • ভূমিস্খলনৰ ঘটনাত মানুহৰ মৃত্যুক লৈ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মৃতকৰ পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য আৰু আহতসকলক ৫০ হাজাৰকৈ সাহায্য ঘোষণা কৰা হয়।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী বিজয়নৰ সৈতেও কথা পাতি ৱায়ানাদৰ পৰিস্থিতিৰ বুজ লয় আৰু সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে।
  • এই দুৰ্যোগৰ ফলত বহু অঞ্চলত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ।
  • কেৰালা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই কয় যে, এন ডি আৰ এফৰ ৩টা দলে কাম কৰি আছে। কেৰালাৰ মুখ্য সচিব ড০ ভি ভেনুৱে কয় যে, পৰিস্থিতি এতিয়াও অতি ভয়াৱহ হৈ আছে।…
তেতেলীৰ গুটিয়ে বৃদ্ধি কৰে যৌন ক্ষমতা, আন উপকাৰিতাৰ বিষয়ে জানক
কৰ’না ভেকচিনৰ লগত হৃদৰোগৰ সম্পৰ্ক আছে নেকি? জানক কি কয় বিশেষজ্ঞসকলে...
এইসমূহ স্বাস্থ্য সমস্যাৰ পৰা সহজে উপশম পাবলৈ খাওক নহৰু...
অত্যধিক সুৰা সেৱন কৰে নেকি ? আওকাণ নকৰিব, ফেটি লিভাৰৰ Grade-3 লক্ষণসমূহ জানক...