Wayanad Landslides Updates : ৱায়ানাডৰ ট্ৰেজেডীত মৃত্যুৰ সংখ্যা ১২৩ জনলৈ বৃদ্ধি, অব্যাহত উদ্ধাৰ অভিযান

ৱায়ানাডৰ ট্ৰেজেডীত মৃত্যুৰ সংখ্যা ১২৩ জনলৈ বৃদ্ধি হোৱাৰ বিপৰীতে আহত হৈছে ১২৮ জন লোক । এতিয়াও শ শ লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে । ইয়াৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

Wayanad Landslides Updates : ৱায়ানাডৰ ট্ৰেজেডীত মৃত্যুৰ সংখ্যা ১২৩ জনলৈ বৃদ্ধি, অব্যাহত উদ্ধাৰ অভিযান

ৱায়ানাডত অব্যাহত আছে উদ্ধাৰ অভিযান

Updated On: 

31 Jul 2024 | 08:51 AM

কেৰালাৰ ৱায়ানাডৰ ট্ৰেজেডীত মৃত্যুৰ সংখ্যা ১২৩ জনলৈ বৃদ্ধি হোৱাৰ বিপৰীতে আহত হৈছে ১২৮ জন লোক । এতিয়াও শ শ লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে । ইয়াৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, ধাৰাসাৰ বৰষুণৰ ফলত কেৰালাৰ ৱায়ানাদত ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছিল । ইয়াৰ পাছতে হাহাকাৰ পৰিস্থিতিয়ে আগুৰি ধৰিছিল ৱায়ানাদ জিলাৰ বহু ঠাই । সকলো ফালে বোকা আৰু পানী । ধ্বংসাৱশেষৰ তলত শ শ মৃতদেহ !

উল্লেখ্য যে,অশুভ বতৰৰ মাজতে সেনা, নৌসেনা আৰু এন ডি আৰ এফ বাহিনীয়ে এতিয়াও ভূমিস্খলন সংঘটিত হোৱা ৱায়ানাডৰ বিভিন্ন অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে  । কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে কয় যে, জিলাখনত স্থাপন কৰা ৪৫টা সাহায্য শিবিৰলৈ ৩ হাজাৰৰো অধিক লোকক স্থানান্তৰ কৰা হৈছে। বিজয়নে জনোৱা মতে, প্ৰথমটো ভূমিস্খলন নিশা ২ বজাত সংঘটিত হয় । তাৰ পিছত দ্বিতীয়টো ভূমিস্খলন পুৱা ৪:১০ বজাত সংঘটিত হয়। তেওঁ কয় যে, আৱদ্ধ হৈ থকা লোক সকলক বিচাৰি উলিয়াবৰ বাবে ড্ৰ’ন আৰু ডগ স্কোয়াডৰ সহায় লোৱা হৈছে । অঞ্চলটোত বৰষুণৰ বাবে পৰিস্থিতি ইমানেই বেয়া যে, উদ্ধাৰকাৰী দলবোৰে মৃতদেহ উলিয়াই অনাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক্স হেণ্ডেলত পোষ্ট কৰি কয় যে, সকলো সম্ভৱপৰ প্ৰচেষ্টা অব্যাহত আছে। ত্ৰিবেন্দ্ৰম, বেংগালুৰু আৰু দিল্লীৰ পৰা অতিৰিক্ত সৈন্য, মেচিন, ডগ স্কোয়াড আৰু অন্যান্য অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী বিমানেৰে লৈ যোৱা হৈছে। ইয়াৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ সৈতে কথা পাতি ভূমিস্খলন প্ৰভাৱিত ৱায়ানাডত সেনাই চলাই থকা উদ্ধাৰ আৰু সাহায্য অভিযানৰ বুজ লয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...