আপোন গাঁওখন এতিয়া আগৰ দৰে নাই, চৌদিশে বোকা আৰু পানী…! | kerala Wayanad Landslides Photos : Many Deaths Villages Destroyed Assam news - Assam Tv9

আপোন গাঁওখন এতিয়া আগৰ দৰে নাই, চৌদিশে বোকা আৰু পানী…! ৱায়ানাডৰ ভূমিস্খলনৰ ভয়াবহ ছবিবোৰ চাওক

Updated On: 

31 Jul 2024 | 11:59 AM

Wayanad Landslides Photos : ধাৰাসাৰ বৰষুণত ফলত সংঘটিত হোৱা আটাইতকৈ ভয়াবহ আৰু ডাঙৰ ভূমিস্খলন হৈছে-কেৰালাৰ ৱায়ানাদত সংঘটিত হোৱা ভূমিস্খলন । এই ভূমিস্খলন শ শ লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে । ইফালে উদ্ধাৰ অভিযানও অব্যাহত আছে । চাৰিওফালে হাহাকাৰ পৰিস্থিতি । এই ভূমিস্খলনৰ ভয়াবহ ছবিবোৰ চাওক...

1 / 9পানী আৰু বোকা মাজৰ পৰা মানুহৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে  । চাৰিওফালে হাহাকাৰ পৰিস্থিতি ।

পানী আৰু বোকা মাজৰ পৰা মানুহৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । চাৰিওফালে হাহাকাৰ পৰিস্থিতি ।

2 / 9

বেয়া বতৰৰ মাজতে ৱায়ানাডত সেনা, নৌসেনা আৰু এন ডি আৰ এফৰ উদ্ধাৰকাৰী দলে নিৰুদ্দেশ হোৱা লোকক উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে।

3 / 9

মানুহবোৰ শুৱা পাতিতে থকাৰ সময়তে সংঘটিত হোৱা এই দুৰ্যোগত বহুতৰে ঘৰ ধ্বংস হৈ গৈছে । চাৰিওফালে পানী আৰু বোকা ।

4 / 9

এই দুৰ্যোগত মহিলা-শিশুকে ধৰি শ শ লোকৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। ধ্বংসাৱশেষত উদ্ধাৰ হোৱা মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বিভিন্ন চিকিৎসালয়ৰ মৰ্গলৈ লৈ যোৱা হৈছে।

5 / 9

ৱায়ানাডৰ ভূমিস্খলনৰ পৰা অহা ছবিবোৰত ধ্বংসলীলাৰ দৃশ্য স্পষ্টকৈ দেখা গৈছে। এখন বাহন ধ্বংসাৱশেষলৈ পৰিণত হোৱা দেখা পোৱা এই ছবিখনে ৱায়ানাডৰ ভূমিস্খলনৰ ভয়াৱহতাক প্ৰতিফলিত কৰিছে ।

6 / 9

২০২৪ চনৰ ৩০ জুলাইত ৱায়ানাডৰ জনসাধাৰণৰ ৰাতিপুৱাটো অতি বেদনাদায়ক আছিল । বহুতে চকু মেলিবলৈও সুযোগ নাপালে।

7 / 9

বহু লোক এতিয়াও নিৰুদ্দেশ হৈ আছে । বহু লোক ধ্বংসাৱশেষত আবদ্ধ হৈ আছে বুলি সন্দেহ কৰা হৈছে ।

8 / 9

ছবিখনত নদীৰ প্ৰবল সোঁতত মানুহৰ লগতে বহু ঘৰ-বাহন উটুৱাই লৈ যোৱা দেখা গৈছে । চৌদিশে পানী আৰু বোকা । এই ছবিবোৰত ধ্বংসলীলা স্পষ্টকৈ দেখা গৈছে ।

9 / 9

ধাৰাসাৰ বৰষুণৰ মাজতে এন ডি আৰ এফৰ তিনিটা দলে মানুহৰ উদ্ধাৰৰ বাবে কাম কৰি আছে। উদ্ধাৰ কৰা লোকসকলক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...