আপোন গাঁওখন এতিয়া আগৰ দৰে নাই, চৌদিশে বোকা আৰু পানী…! | kerala Wayanad Landslides Photos : Many Deaths Villages Destroyed Assam news - Assam Tv9

আপোন গাঁওখন এতিয়া আগৰ দৰে নাই, চৌদিশে বোকা আৰু পানী…! ৱায়ানাডৰ ভূমিস্খলনৰ ভয়াবহ ছবিবোৰ চাওক

Updated On: 

31 Jul 2024 11:59 AM

Wayanad Landslides Photos : ধাৰাসাৰ বৰষুণত ফলত সংঘটিত হোৱা আটাইতকৈ ভয়াবহ আৰু ডাঙৰ ভূমিস্খলন হৈছে-কেৰালাৰ ৱায়ানাদত সংঘটিত হোৱা ভূমিস্খলন । এই ভূমিস্খলন শ শ লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে । ইফালে উদ্ধাৰ অভিযানও অব্যাহত আছে । চাৰিওফালে হাহাকাৰ পৰিস্থিতি । এই ভূমিস্খলনৰ ভয়াবহ ছবিবোৰ চাওক...

1 / 9পানী আৰু বোকা মাজৰ পৰা মানুহৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে  । চাৰিওফালে হাহাকাৰ পৰিস্থিতি ।

পানী আৰু বোকা মাজৰ পৰা মানুহৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । চাৰিওফালে হাহাকাৰ পৰিস্থিতি ।

2 / 9

বেয়া বতৰৰ মাজতে ৱায়ানাডত সেনা, নৌসেনা আৰু এন ডি আৰ এফৰ উদ্ধাৰকাৰী দলে নিৰুদ্দেশ হোৱা লোকক উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে।

3 / 9

মানুহবোৰ শুৱা পাতিতে থকাৰ সময়তে সংঘটিত হোৱা এই দুৰ্যোগত বহুতৰে ঘৰ ধ্বংস হৈ গৈছে । চাৰিওফালে পানী আৰু বোকা ।

4 / 9

এই দুৰ্যোগত মহিলা-শিশুকে ধৰি শ শ লোকৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। ধ্বংসাৱশেষত উদ্ধাৰ হোৱা মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বিভিন্ন চিকিৎসালয়ৰ মৰ্গলৈ লৈ যোৱা হৈছে।

5 / 9

ৱায়ানাডৰ ভূমিস্খলনৰ পৰা অহা ছবিবোৰত ধ্বংসলীলাৰ দৃশ্য স্পষ্টকৈ দেখা গৈছে। এখন বাহন ধ্বংসাৱশেষলৈ পৰিণত হোৱা দেখা পোৱা এই ছবিখনে ৱায়ানাডৰ ভূমিস্খলনৰ ভয়াৱহতাক প্ৰতিফলিত কৰিছে ।

6 / 9

২০২৪ চনৰ ৩০ জুলাইত ৱায়ানাডৰ জনসাধাৰণৰ ৰাতিপুৱাটো অতি বেদনাদায়ক আছিল । বহুতে চকু মেলিবলৈও সুযোগ নাপালে।

7 / 9

বহু লোক এতিয়াও নিৰুদ্দেশ হৈ আছে । বহু লোক ধ্বংসাৱশেষত আবদ্ধ হৈ আছে বুলি সন্দেহ কৰা হৈছে ।

8 / 9

ছবিখনত নদীৰ প্ৰবল সোঁতত মানুহৰ লগতে বহু ঘৰ-বাহন উটুৱাই লৈ যোৱা দেখা গৈছে । চৌদিশে পানী আৰু বোকা । এই ছবিবোৰত ধ্বংসলীলা স্পষ্টকৈ দেখা গৈছে ।

9 / 9

ধাৰাসাৰ বৰষুণৰ মাজতে এন ডি আৰ এফৰ তিনিটা দলে মানুহৰ উদ্ধাৰৰ বাবে কাম কৰি আছে। উদ্ধাৰ কৰা লোকসকলক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে।

এই ৫ টা লক্ষণে আপোনাক কিডনী সংক্ৰমণৰ ইংগিত দিব পাৰে...
এই ৫ টা সহজ অভ্যাসে আপোনাৰ চুগাৰ নিয়ন্ত্ৰণত ৰাখিব...
বাৰীৰ নেমুটি আপোনাৰ স্বাস্থ্যৰ বাবে হৈ পৰে মহৌষধ, জানেনে এনে উপকাৰিতাৰ কথা
জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে ইশ্বৰে দিয়ে এই ৫ সংকেত! জানক...
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...
অখিল গগৈ কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...