বাংলাদেশত আৱদ্ধ হাজাৰ হাজাৰ কাশ্মীৰী ছাত্ৰ-ছাত্ৰী ! নিৰাপদে উদ্ধাৰ কৰিবলৈ বৈদেশিক মন্ত্ৰীক কাতৰ আহ্বান পৰিয়ালৰ

Kashmiri Students Stranded in Bangladesh : বাংলাদেশত ৩৫০০ৰো অধিক কাশ্মীৰী ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন পাঠ্যক্ৰমত অধ্যয়ন কৰি আছে। লগতে সমগ্ৰ জম্মু-কাশ্মীৰৰ পৰা ৮০০০ৰো অধিক ছাত্ৰ-ছাত্ৰী বাংলাদেশত আছে। কিন্তু এই ঘটনাৰ বাবে পিতৃ-মাতৃয়ে তাত থকা নিজৰ সন্তানক লৈ চিন্তিত হৈ পৰিছে। অভিভাৱক সকলে ভাৰত চৰকাৰক কাশ্মীৰৰ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে।

বাংলাদেশত আৱদ্ধ হাজাৰ হাজাৰ কাশ্মীৰী ছাত্ৰ-ছাত্ৰী ! নিৰাপদে উদ্ধাৰ কৰিবলৈ বৈদেশিক মন্ত্ৰীক কাতৰ আহ্বান পৰিয়ালৰ

বাংলাদেশৰ প্ৰতিবাদ(প্ৰতীকী ফটো)

Published: 

20 Jul 2024 21:12 PM

জ্বলি আছে বাংলাদেশৰ সংৰক্ষণ বিৰোধী জুই ! মনকৰিবলগীয়া বাংলাদেশৰ এই পৰিস্থিতিৰ মাজতে জম্মু-কাশ্মীৰৰ বহু ছাত্ৰ-ছাত্ৰীয়ে সাংঘাতিক ধৰণে বিপদৰ সন্মুখীন হৈছে । প্ৰকাশিত খবৰ বাংলাদেশলৈ পঢ়িবলৈ যোৱা বহু ছাত্ৰ-ছাত্ৰী ভাৰতলৈ ঘূৰি আহিছে যদিও এতিয়াও বহু ছাত্ৰ-ছাত্ৰী সেই দেশতে আছে ।

এনে পৰিস্থিতিত জম্মু-কাশ্মিৰৰ বহু পৰিয়ালে তেওঁলোকৰ সন্তান সকলক বাংলাদেশৰ পৰা নিৰাপদে উদ্ধাৰ কৰিবৰ বাবে বৈদেশিক মন্ত্ৰীক অনুৰোধ জনাইছে । প্ৰকাশিত খবৰ অনুসৰি বাংলাদেশৰ সংৰক্ষণ বিৰোধী প্ৰতিবাদত এতিয়ালৈকে ১০৫ জন লোক প্ৰাণ হেৰুৱাইছে । এই খবৰে সাংঘাতিক ধৰণে অশান্তি দিছে জম্মু-কাশ্মীৰৰ অভিভাৱক সকল।

জম্মু-কাশ্মীৰৰ বহু ছাত্ৰ-ছাত্ৰী ভাৰতলৈ উভতি আহিছে যদিও বহু ছাত্ৰ-ছাত্ৰী এতিয়াও বাংলাদেশতে আছে । এই ছাত্ৰ-ছাত্ৰী সকলৰ মাজৰ অধিকাংশই চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী বুলি জানিব পৰা গৈছে ।

আন্তঃৰাষ্ট্ৰীয় শান্তি আন্দোলনৰ সভাপতি ফৈয়াজ ভাটে কয় যে, বাংলাদেশৰ জম্মু-কাশ্মীৰৰ ছাত্ৰ-ছাত্ৰীৰ পৰা বহু সংখ্যক ফোন আহি আছে। তেওঁ কয় যে, দেশখনৰ পৰিস্থিতি অতি ভয়াৱহ আৰু বহু ছাত্ৰ-ছাত্ৰীৰ ইণ্টাৰনেট সংযোগ নাই । কাশ্মীৰত থকা পিতৃ-মাতৃৰ সৈতে কথা পাতিব পৰা নাই ছাত্ৰ-ছাত্ৰী সকলে । লগতে বিদেশ মন্ত্ৰী জয়শংকৰক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিমানৰ ব্যৱস্থা কৰিবলৈ তেওঁ আহ্বান জনায়।

প্ৰকাশিত খবৰ অনুসৰি,বাংলাদেশত ৩৫০০ৰো অধিক কাশ্মীৰী ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন পাঠ্যক্ৰমত অধ্যয়ন কৰি আছে। লগতে সমগ্ৰ জম্মু-কাশ্মীৰৰ পৰা ৮০০০ৰো অধিক ছাত্ৰ-ছাত্ৰী বাংলাদেশত আছে। কিন্তু এই ঘটনাৰ বাবে পিতৃ-মাতৃয়ে তাত থকা নিজৰ সন্তানক লৈ চিন্তিত হৈ পৰিছে। অভিভাৱক সকলে ভাৰত চৰকাৰক কাশ্মীৰৰ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে।

জম্মু কাশ্মীৰ ছাত্ৰ সন্থাই কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰৰ  লগতে ভাৰতীৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনাইছে । এজন ছাত্ৰৰ অভিভাৱক তৌছিফ আহমেদে কয় যে, কঠিন পৰিস্থিতিত তাত আবদ্ধ হৈ থকা সকলো ছাত্ৰ-ছাত্ৰীক চৰকাৰে উদ্ধাৰ কৰাটো অতি প্ৰয়োজন।

মগজুৰ বাবে অতি উপকাৰী এইসমূহ শাক-পাচলি, বৃদ্ধি পাব স্মৃতিশক্তি-একাগ্ৰতা
ঘৰৰ ভিতৰত মানি প্লাণ্ট ৰাখিলে সচাঁকৈ টকা আহে নেকি? কি হয় জানক...
এচিডিটিৰ সমস্যা হোৱাৰ ৪ টা প্ৰধান কাৰণ, কেনেকৈ উপশম পাব ?
বৃক্কৰ পাথৰ হোৱাৰ আঁৰত লুকাই থকা শীৰ্ষ ৫টা কাৰণ
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...