Tobacco Ban: ২১ বছৰৰ তলৰ লোকে বিক্ৰী কৰিব নোৱাৰিব ধঁপাতজাতীয় সামগ্ৰী! হ’ব পাৰে ৩ বছৰ পৰ্যন্ত জে’ল

এতিয়াৰ পৰা আপুনি ৰাজহুৱা স্থানত ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰিব নোৱাৰিব। ইয়াৰ ভিতৰত ধূমপান আৰু গুটকাও অন্তৰ্ভুক্ত। এই আইনৰ ৪ এ ধাৰাৰ অধীনত হুকা বাৰ খোলা আৰু চলোৱাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

Tobacco Ban: ২১ বছৰৰ তলৰ লোকে বিক্ৰী কৰিব নোৱাৰিব ধঁপাতজাতীয় সামগ্ৰী! হ’ব পাৰে ৩ বছৰ পৰ্যন্ত জেল

প্ৰতীকি ফটো

Updated On: 

01 Jun 2025 | 12:51 PM

শেহতীয়াকৈ দেশৰ এখন ৰাজ্যত ধূমপানৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাজ্যখনত হুকা বাৰৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ধঁপাতজাতীয় সামগ্ৰী ক্ৰয় কৰাৰ বয়সো ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰা হৈছে। নিয়ম উলংঘা কৰিলে কঠোৰ শাস্তি আৰু জৰিমনা বিহা হ’ব। পিছে কোনখন ৰাজ্যত আৰোপ কৰা হৈছে এই নিষেধাজ্ঞা ?

কৰ্ণাটক চৰকাৰে ৩০ মে’ত জাৰি কৰিছিল এই নিৰ্দেশনা।ৰাষ্ট্ৰপতিয়ে চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী (কৰ্ণাটক সংশোধনী) বিধেয়কখন গৃহীত কৰাৰ পিছত এই নিয়ম প্ৰৱৰ্তন কৰা হয়।যাৰ ফলত এতিয়াৰ পৰা আপুনি ৰাজহুৱা স্থানত ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰিব নোৱাৰিব। ইয়াৰ ভিতৰত ধূমপান আৰু গুটকাও অন্তৰ্ভুক্ত।

এই আইনৰ ৪ এ ধাৰাত হুকা বাৰ খোলা আৰু চলোৱাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। যদি কোনো লোকে এই নিয়ম উলংঘা কৰে তেন্তে ১ বছৰৰ পৰা ৩ বছৰৰ কাৰাদণ্ড আৰু ৫০ হাজাৰৰ পৰা ১ লাখ টকালৈকে জৰিমনা বিহা হ’ব পাৰে।অৱশ্যে ৩০টাতকৈ অধিক কোঠা থকা হোটেল বা ৰেষ্টুৰেণ্টত আৰু বিমানবন্দৰৰ ধূমপান কৰা ঠাইত ইয়াৰ অনুমতি দিয়া হৈছে।

আনহাতে এই আইনৰ অধীনত ২১ বছৰৰ তলৰ লোকে চিগাৰেট বা আন কোনো ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব। ইয়াৰ উপৰিও শিক্ষানুষ্ঠানৰ পৰা ১০০ মিটাৰ দূৰত্বত কোনো ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব। লগতে ৰাজহুৱা স্থানত ধূমপান বা ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰি ধৰা পৰিলে ২০০ৰ পৰা ১০০০ টকীয়া জৰিমনা বিহা হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...