হোটেল, ৰেষ্টুৰেন্টৰ মালিকে নিজৰ পৰিচয় প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ উচ্চতম ন্যায়ালয়

প্ৰতিখন খাদ্যৰ দোকানত লগাব লাগিব নামপ্লেট আৰু তাত লিখা থকিব লাগিব দোকানৰ মালিক, অপাৰেটৰ নাম আৰু পৰিচয়। মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ মতে কানৱাৰ যাত্ৰীসকলৰ ধৰ্মীয় আস্থা বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

হোটেল, ৰেষ্টুৰেন্টৰ মালিকে নিজৰ পৰিচয় প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ উচ্চতম ন্যায়ালয়

কানৱাৰ যাত্ৰা উচ্চতম ন্যায়ালয়

Published: 

22 Jul 2024 | 03:53 PM

কানৱাৰ যাত্ৰাৰ নামপ্লেট বিবাদৰ ওপৰত সোমবাৰে শুনানি গ্ৰহণ কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড চৰকাৰৰ নিৰ্দেশ ওপৰত উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰে। ইয়াৰ লগতে মধ্যপ্ৰদেশ চৰকাৰৰ পৰা উত্তৰ বিচাৰে ন্যায়ালয়ে। অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰি ন্যায়ালয়ে কয় যে, দোকানীয়ে নিজৰ পৰিচয় প্ৰকাশ কৰাৰ প্ৰয়োজন নাই। কেৱল খাদ্যৰ প্ৰকাৰৰ কথা উল্লেখ কৰিব লাগিব। খাদ্য নিৰামিষ নে আমিষ সেয়া জনাব লাগিব। ৰাজ্য চৰকাৰসূহে উত্তৰ নিদিয়া পৰ্যন্ত এই নিৰ্দেশনা বাহাল থাকিব।এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হব ২৬ জুলাইত ।

ন্যায়ালয়ে কি কয়,

  • উচ্চতম ন্যায়ালয়ে কয় যে যদি কোনোবা নিৰামিষভোজী হয় তেন্তে তেওঁ কেনেধৰণৰ দোকানৰ পৰা খাইছে নাজানিলে তেওঁক প্ৰতাৰণা কৰা হ’ব নেকি? আবেদনকাৰীৰ অধিবক্তাই কয় যে এই কাম আগতে কেতিয়াও হোৱা নাছিল।
  • আবেদনকাৰীৰ অধিবক্তাই কয় যে আৰক্ষীয়ে বিভাজনৰ সৃষ্টি কৰিছে। সংখ্যালঘুসকলক চিনাক্ত কৰি অৰ্থনৈতিকভাৱে বৰ্জন কৰা হৈছে। ই সমাজক বিভাজন কৰাৰ দৰেই।
  • উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে যে,হোটেল আৰু ধাবাত নাম লিখাৰ নিৰ্দেশ চৰকাৰী নিৰ্দেশ নে প্ৰেছ বিজ্ঞপ্তি ? এই বিষয়ে অভিষেক মনু সিংহৱীয়ে কয় যে  উত্তৰ প্ৰদেশ প্ৰশাসনে দোকানীসকলক নাম আৰু মোবাইল নম্বৰ লিখিবলৈ হেঁচা প্ৰয়োগ কৰিছে ।ৰাজপথৰ বিক্ৰেতাসকলৰ ওপৰতো প্ৰয়োগ কৰিছে।
  • উচ্চতম ন্যায়ালয়ে কয় যে এই আদেশ স্বেচ্ছামূলক, বাধ্যতামূলক নহয়। এই সন্দৰ্ভত আবেদনকাৰীৰ অধিবক্তা  কয় যে হৰিদ্বাৰ আৰক্ষীয়ে ইয়াক কাৰ্যকৰী কৰিছে। আৰক্ষীয়ে সকীয়াই দিছিল যে যদি তেওঁলোকে তেনে নকৰে তেন্তে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। মধ্যপ্ৰদেশতো ইয়াৰ চৰ্চা হৈছে।
  • উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে যে চৰকাৰে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক নিৰ্দেশ দিছে নেকি? অধিবক্তাই কয় যে চৰকাৰে পৰোক্ষভাৱে ইয়াক কাৰ্যকৰী কৰিছে।

উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল এটা এনজিঅই। উল্লেখ্য যে, উত্তৰ প্ৰদেশত মুখ্যমন্ত্ৰী কাৰ্যলায়ৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছিল যে “প্ৰতিখন খাদ্যৰ দোকানত লগাব লাগিব নামপ্লেট আৰু তাত লিখা থকিব লাগিব দোকানৰ মালিক, অপাৰেটৰ নাম আৰু পৰিচয়। মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ মতে কানৱাৰ যাত্ৰীসকলৰ ধৰ্মীয় আস্থা বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে হালাল প্ৰমাণ- পত্ৰ থকা সামগ্ৰী বিক্ৰী কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব”  ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব