শিৱ ভক্তিত মগ্ন ভক্ত! ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ বন্ধ চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান…

সেই নিৰ্দেশ অনুসৰি জিলাখনৰ বিদ্যালয়সমূহ বন্ধ থাকিব। ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ এসপ্তাহৰ বাবে বন্ধ থাকিব প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠদান।

শিৱ ভক্তিত মগ্ন ভক্ত!  ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ বন্ধ চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান...

কানৱাৰ যাত্ৰা

Published: 

24 Jul 2024 | 10:22 AM

এতিয়া চলি আছে শাওণৰ মাহ। এই মাহটোতেই ভগৱান শিৱক পূজা কৰিলে সকলো ধৰণৰ মনৰ কামনা পূৰ্ণ হোৱা বুলি কয়। যাৰ বাবে বিভিন্নজনে শাওণৰ সোমবাৰত ব্ৰত পালন কৰে। ইয়াৰ সমান্তৰালভাৱে আৰম্ভ হৈছে ব’ল ব’ম যাত্ৰা। এই যাত্ৰাৰ সময়ত কোনো নদীৰ পৰা পানী আনি ভক্তই শিৱ লিংগত জলাভিষেক কৰে। এইবাৰ ২ আগষ্টত সমাপ্ত হটব শাওণ মাহ।

বৰ্তমান বিভিন্ন বিবাদৰ মাজতে চৰ্চাত আছে কানৱাৰ যাত্ৰা। কানৱাৰিয়া বুলি কোৱা এই যাত্ৰাৰ ভক্তসকলে গংগাৰ পানী আনিবলৈ বহু দূৰ খোজ কাঢ়ে। এনে পৰিস্থিতিত কানৱাড়ীত যথেষ্ঠ  ভিৰ পৰিলক্ষিত হয়। এনেবোৰ কাৰণতে হৰিদ্বাৰ প্ৰশাসনে এটা ডাঙৰ সিদ্ধান্ত লৈছে। সেই নিৰ্দেশ অনুসৰি জিলাখনৰ বিদ্যালয়সমূহ বন্ধ থাকিব। ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ এসপ্তাহৰ বাবে বন্ধ থাকিব প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠদান। ইয়াৰোপৰি ভক্তৰ সুবিধাৰ্থে যান- বানৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা লোৱা হৈছে।

হৰিদ্বাৰ জিলাৰ দণ্ডাধীশ ধীৰাজ সিং গাব্ৰিয়ালে কয় যে ২৭ জুলাই পৰা ২ আগষ্টলৈ  জিলাখনৰ অংগনবাড়ী কেন্দ্ৰকে ধৰি সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহ বন্ধ থাকিব। প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বন্ধ থাকিব পাঠদান। তেওঁ কয় যে গংগাৰ পানী আনিবলৈ হৰিদ্বাৰৰ গংগাত যথেষ্ঠলোকৰ সমাগম হৈছে। আগন্তুক সময়ত এই ভিৰ আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱণা আছে। এনে দিশৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

উল্লেখ্য যে, এইবাৰৰ কানৱাৰ যাত্ৰাক লৈ যথেষ্ঠ বিবাদ হোৱা পৰিলক্ষিত হয়। প্ৰথমে আৰক্ষী প্ৰশাসন আৰু পাছত উত্তৰ প্ৰদেশ চৰকাৰে জাৰি কৰা এক নিৰ্দেশৰ পাছতেই এই বিবাদ আৰম্ভ হয়। এই নিৰ্দেশত কোৱা হয় যে, কানৱাৰ যাত্ৰা পথত পৰা সকলো হোটেল, ৰেষ্টুৰেন্টত নামপ্লেট লগোৱা বাধ্যতামূলক। এই নামপ্লেটত থাকিব লাগিব হোটেলৰ মালিকৰ নাম। ভক্তসকলৰ আস্থাৰ ওপৰত লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয় চৰকাৰে।

এই বিষয়টোৱে পাছত বিবাদৰ ৰূপ লয়। এটা বেচৰকাৰী সংস্থাই এই নিৰ্দেশ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰে।আবেদনৰ শুনানি গ্ৰহণ কৰি পৰৱৰ্তী শুনানি পৰ্যন্ত চৰকাৰৰ সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰে ন্যায়ালয়ে। শুনানিৰ সময়ত ন্যায়ালয়ে কয় যে, নামপ্লেট লগোৱাৰ কোনো প্ৰয়োজন নাই। অৱশ্যে খাদ্যৰ প্ৰকাৰ কি সেয়া উল্লেখ কৰাতো প্ৰয়োজনীয়। উত্তৰাখণ্ড চৰকাৰেও এই নিৰ্দেশনা দাখিল কৰিছিল। দুয়োখন চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে ন্যায়ালয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...