ধৰ্ম কি? হোটেলৰ সন্মুখত লিখিব লাগিব মালিকৰ নাম! উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল কোনে…

যি পথৰে কানৱাৰ যাত্ৰা চলিব সেই পথৰ খাদ্যৰ হোটেল, ৰেষ্টুৰেন্ট আদি সকলোৰে সন্মুখত লগাব লাগিব নামপ্লেট। তাত লিখা থাকিব লাগিব হোটেলখনৰ মালিকৰ নাম তথা পৰিচয়।

ধৰ্ম কি? হোটেলৰ সন্মুখত লিখিব লাগিব মালিকৰ নাম! উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল কোনে...

উচ্চতম ন্যায়ালয়

Published: 

21 Jul 2024 16:09 PM

পৱিত্ৰ শাওন মাহত ভগৱান শিৱৰ আৰধনা কৰিবলৈ সাজু হৈছে ভক্তপ্ৰাণ ৰাইজ। এই শাওন মাহতেই চলে কানৱাৰ যাত্ৰা। কিন্তু এই যাত্ৰাক লৈ এতিয়া দেশত সূচনা হৈছে নতুন বিতৰ্কৰ। এক নিৰ্দেশনাৰ বাবেই জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন । উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি যি পথৰে কানৱাৰ যাত্ৰা চলিব সেই পথৰ খাদ্যৰ হোটেল, ৰেষ্টুৰেন্ট আদি সকলোৰে সন্মুখত লগাব লাগিব নামপ্লেট। তাত লিখা থাকিব লাগিব হোটেলখনৰ মালিকৰ নাম তথা পৰিচয়।

চৰকাৰৰ এই নিৰ্দেশৰ পাছতেই জাঙুৰ খাই উঠিছে একাংশ। এই বিবাদ এতিয়া দল, সংগঠন, ব্যক্তি বিশেষৰ মাজতে সীমাবদ্ধ নাথাকি পাইছেগৈ উচ্চতম ন্যায়ালয়। এছ’চিয়েচন ফৰ প্ৰটেকচন অৱ চিভিল ৰাইটছ নামৰ এটা বেচৰকাৰী সংস্থাই চৰকাৰৰ এই নিৰ্দেশনাৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰিছে। এনজিঅটোৱে ২০ জুলাই পুৱা ৬ বজাত অনলাইনৰ জৰিয়তে আবেদন দাখিল কৰে। ২২ জুলাইত এই আবেদনৰ শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ হৃশিকেশ ৰায় আৰু ন্যায়াধীশ এছভিএন ভট্টীৰ বিচাৰপীঠে।

উল্লেখ্য যে, কানৱাৰ যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি মুজফ্ফৰ মগৰৰ ডিআইজিয়ে কানৱাৰৰ ৰাস্তাত থকা সকলো দোকানতে নামপ্লেট লগোৱাৰ নিৰ্দেশ জাৰ কৰিছিল। ইয়াৰ পাছতেই এই বিষয়টো বিবাদৰ মাজত আহিছিল। এই বিবাদ চলি থকাৰ মাজতে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে বৃহস্পতিবাৰে কয় যে, কানৱাৰা যাত্ৰাত ব্যৱহাৰ হোৱা প্ৰতিটো ৰাস্তাতেই হোটেল , ৰেষ্টুৰেন্টৰ মালিকে নামপ্লেট লগাব লাগিব। সমগ্ৰ উত্তৰ প্ৰদেশৰ বাবে জাৰি কৰা হয় এই নিৰ্দেশনা।  নিজ ধৰ্মৰ প্ৰতি বিশুদ্ধতা বজাই ৰখাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি চৰকাৰে কয়। লগতে নিৰ্দেশনাত উল্লেখ কৰে যে সকলো ধৰ্মৰ দৰে হিন্দু ধৰ্মৰলোকৰো নিজৰ ধৰ্মৰ প্ৰতি আস্থা বজাই ৰখাৰ অধিকাৰ আছে।

এই নিৰ্দেশনাৰ বহুতে সমৰ্থন কৰাৰ লগতে বিৰোধিতা কৰিছে বিৰোধী দলৰ লগতে বিজেপিৰ মিত্ৰ ৰাষ্ট্ৰীয় লোক দলে। ৰাষ্ট্ৰীয় লোক দলৰ অধ্যক্ষ জয়ন্ত চৌধুৰীয়ে কয় যে যদি সকলোৱে নিজৰ দোকানৰ সন্মুখত নাম লিখিব লাগে তেন্তে মেকডোনাল্জ আৰু বৰ্গাৰ কিঙে কি লিখিব? চৰকাৰে নিজৰ নিৰ্দেশনা উভতাই লব লাগে বুলিও তেওঁ কয়। ইয়াৰোপৰি সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱ, এ আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছি, আম আদমি পাৰ্টিৰ নেতা সঞ্জয় সিঙকে ধৰি বহু নেতাই ইয়াৰ বিৰোধিতা কৰিছে।

 

ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey