৪ কোটি টকীয়া গাড়ীৰ পৰা ফ্লেট, বাংলোলৈ! কংগনাৰ সম্পত্তিৰ পৰিমাণ শুনিলে চকু কপালত উঠিব আপোনাৰ

কংগনাৰ তিনিখন গাড়ী আছে। ইয়াৰে মাৰ্চিডিজ মেবেকৰ দাম প্ৰায় ৩.৯১ কোটি টকা। ইয়াৰ উপৰিও কংগনাৰ ওচৰত প্ৰায় ৯৮ লাখ টকা মূল্যৰ BMW730LD আৰু ৫৮ লাখ টকাৰ মাৰ্চিডিজ এখনো আছে ।

৪ কোটি টকীয়া গাড়ীৰ পৰা ফ্লেট, বাংলোলৈ! কংগনাৰ সম্পত্তিৰ পৰিমাণ শুনিলে চকু কপালত উঠিব আপোনাৰ

কংগনা ৰাণাৱট

Updated On: 

15 May 2024 12:50 PM

অভিনয় এৰি এইবাৰ ৰাজনীতিলৈ ঢাপলি মেলিছে বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট। বিভিন্ন সময়ত বিতৰ্কৰ মাজত সোমাই থকা অভিনেত্ৰীগৰাকীয়ে এইবাৰ বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।  ২০২৪ চনৰ লোকসভা নিৰ্বাচনত অভিনেত্ৰীগৰাকীয়ে হিমাচল প্ৰদেশৰ মণ্ডীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ ৰাজনীতিত প্ৰত্যক্ষভাৱে অৰিহনা যোগাইছে। ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে কংগনা ৰাণাৱটে। দাখিল কৰা মনোনয়ন পত্ৰত নিজৰ সম্পত্তিৰ কথা উল্লেখ কৰিছে তেওঁ।  মনোনয়ন পত্ৰত অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰিছে নিজৰ বিৰুদ্ধে থকা গোচৰ, নগদ ধনৰ পৰিমাণৰ লগতে আন সম্পত্তি তথা আ-অলংকাৰৰ কথা।

তথ্য অনুসৰি জানিব পৰা মতে, কংগনা ৰাণাৱটৰ বিৰুদ্ধে ৮টা গোচৰ ৰুজু হৈ আছে। অভিনেত্ৰীগৰাকীৰ ওচৰত কেইবাটাও ফ্লেট থকাৰ লগতে মুম্বাইত এটা ঘৰ আৰু মনালীত এটা বাংলো আছে। কংগনা কোটি কোটি মূল্যৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ মালিক।  অৱশ্যে ইমান সম্পত্তিৰ মালিক হোৱাৰ পাছতো কংগনাৰ প্ৰায় ১৭ কোটি টকাৰ ঋণ আছে। বিনিময় কৰাৰ ক্ষেত্ৰত বহুত আগত আছে কংগনা। তেওঁৰ ওচৰত হাজাৰ হাজাৰ শ্বেয়াৰ আৰু কেইবাটাও এলআইচি পলিচি আছে।  মণ্ডী আসনৰ পৰা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ বাবে দাখিল কৰা মনোনয়নত কংগনাই নিজৰ সম্পত্তিৰ বিতং তথ্য দিছে।

মঙলবাৰে মণ্ডী উপাযুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ দাখিল কৰে কংগনা ৰাণাৱটে। মনোনয়নৰ সময়ত কংগনাক সংগ দিয়ে বিধানসভাৰ বিৰোধী দলপতি জয়ৰাম ঠাকুৰে। এই আসনখনৰ পৰা কংগ্ৰেছেৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে  বিক্ৰমাদিত্য সিঙে।

কিমান সম্পত্তি আছে কংগনাৰ ওচৰত

 

মনোনয়নত দাখিল কৰা তথ্য অনুসৰি কংগনাৰ হাতত নগদ ২ লাখ টকা আছে। ইয়াৰ লগতে তেওঁৰ ৮ টাকৈ বেংক একাউন্ট আছে। ইয়াৰে এটা একাউন্টত ১ কোটিতকৈ অধিক টকা জমা আছে। ইয়াৰোপৰিকং বাহিৰে তেওঁৰ আঠটা বেংক একাউণ্ট আছে, ইয়াৰে মাত্ৰ এটা একাউণ্ট আছে য’ত ১ কোটিতকৈ অধিক টকা জমা আছে।   কংগনাৰ ওচৰত মণিকৰ্ণিকা ফিল্মছৰ ৯৯৯৯ টা শ্বেয়াৰ আছে আৰু মণিকৰ্ণিকা স্পেচ কোম্পানীত কোটি কোটি টকা বিনিয়োগ কৰি ৰাখিছে ।  ইয়াৰ লগতে কংগনাৰ ৫০ টা এলআইচি আছে।  কংগনাই বহুলোকক লাখ লাখ টকাৰ ঋণ দি থৈছে।

কংগনাৰ তিনিখন গাড়ী আছে। ইয়াৰে মাৰ্চিডিজ মেবেকৰ দাম প্ৰায় ৩.৯১ কোটি টকা। ইয়াৰ উপৰিও কংগনাৰ ওচৰত প্ৰায় ৯৮ লাখ টকা মূল্যৰ BMW730LD আৰু ৫৮ লাখ টকাৰ মাৰ্চিডিজ এখনো আছে । ইয়াৰ উপৰিও কংগনাৰ চণ্ডীগড়ত ৪টা বাণিজ্যিক ইউনিট আছে, মুম্বাইৰ ৩০৭৫ বৰ্গফুটৰ ঘৰ, যাৰ মূল্য ২১ কোটিতকৈও অধিক। কংগনাৰ মনালীত ১৪৯৭১ বৰ্গফুটৰ এটা অট্টালিকাও, অৱশ্যে ই ব্যৱসায়িক। আৱাসিক সম্পত্তিৰ কথা ক’বলৈ গ’লে কংগনাৰ মুম্বাইত তিনিটা ফ্লেট আছে, যাৰ মূল্য প্ৰায়  ১৬ কোটি টকা আৰু মানালীত এটা বাংলো আছে যাৰ মূল্য প্ৰায় ১৫ কোটি টকা।

কংগনাৰ ওচৰত প্ৰায় ৬.৭০ কেজি সোণ আছে, যাৰ মূল্য ৫ কোটি টকা।  ইয়াৰ উপৰিও তেওঁৰ হাতত ৬০ কেজি ৰূপ,  ১৪ কেৰেটৰ হীৰা আছে। হীৰা টুকুৰাটোৰ মূল্য ৩ কোটিতকৈ অধিক । কংগনাৰ মুঠ সম্পত্তিৰ কথা কবলৈ গলে তেওঁৰ ওচৰত প্ৰায়   ৯১.৬৬ কোটি টকাৰ সম্পত্তি আছে। ইয়াৰে ২৮.৭৩ কোটি টকা স্থাৱৰ সম্পত্তি, বাকী ৬২.৯২ কোটি টকা অস্থাৱৰ সম্পত্তি। ইয়াৰ লগতে ১৭ কোটি টকাৰ ঋণ আছে।

 

দিনত শোৱাৰ অভ্যাস আছে নেকি? ই আপোনাৰ স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলায় জানক...
খাদ্যৰ সৈতে অতিৰিক্ত কেঁচা নিমখ খালে কি হ’ব পাৰে জানেনে? জানিলে আজিয়েই বাদ দিব এনে অভ্যাস
কেৱল কাহ নহয়, হাঁওফাঁওৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক পৰ্যায়ত এইসমূহ লক্ষণ দেখা যায়...
দশমীৰ পাছতেই কপাল ফুলিব এই ৩ ৰাশিৰ লোকৰ...