Kangana ranaut: ‘দেশৰ কোনো পিতৃ নাথাকে’: মহাত্মা গান্ধীক অপমান কংগনা ৰাণাৱটৰ, ক’লে…

kangana ranaut: পুনৰ বিতৰ্কত সোমাই পৰিছে অভিনেত্ৰী তথা সাংসদ কংগনা ৰাণাৱট। গান্ধী জয়ন্তীৰ দিনা বিতৰ্কিত পোষ্ট কৰাৰ পাছতেই উত্তপ্ত হৈ পৰিছে ৰাজনীতি। কংগনাই যেন বিপদ বঢ়াই আনিছে বিজেপিৰ।

Kangana ranaut: দেশৰ কোনো পিতৃ নাথাকে: মহাত্মা গান্ধীক অপমান কংগনা ৰাণাৱটৰ, কলে...

কংগনা ৰাণাৱট

Published: 

03 Oct 2024 11:20 AM

পুনৰ এবাৰ বিতৰ্কত সোমাই পৰিছে অভিনেত্ৰী তথা হিমাচল প্ৰদেশ মাণ্ডীৰ বিজেপি সাংসদ কংগনা ৰাণাৱট। মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম জয়ন্তীৰ দিনা সাংসদগৰাকীয়ে এনে এক পোষ্ট কৰে যাৰ পাছত উত্তপ্ত হৈ পৰে ৰাজনীতি। কংগনাৰ এই পোষ্টৰ পাছতেই কংগ্ৰেছে বিজেপিক লক্ষ্য কৰি লৈছে। কংগ্ৰেছ নেত্ৰীয়ে কংগানক নথুৰাড গডচেৰ অনুৰাগী বুলি উল্লেখ কৰিছে।

কি আছিল পোষ্টটোত

প্ৰতি বছৰে ২ অক্টোবৰৰ দিনটোত গান্ধী জয়ন্তী পালন কৰা হয়। এই দিনটোতেই ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ  জন্ম দিৱসো পালন কৰা হয়। ২০২৪ চনৰ ২ অক্টোবৰ আছিল মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জন্ম জয়ন্তী আৰু লাল বাহাদুৰ শাস্ত্ৰী ১২০ সংখ্যক জন্ম দিৱস। এই দিনটোতেই কংগনা ৰাণাৱটে ইনষ্টাগ্ৰামত এক পোষ্ট শ্বেয়াৰ কৰি লিখে যে- দেশৰ কোনো পিতৃ নাথাকে, দেশৰ লাল (সন্তানক কোৱা হয়) থাকে। ইয়াৰ লগতে তেওঁ লাল বাহাদুৰ শাস্ত্ৰীক স্মৰণ কৰে।  ইয়াৰ লগতে আন এটা পোষ্টত কংগনাই দেশৰ স্বচ্ছতা সম্পৰ্কীয় গান্ধীজীৰ উত্তৰাধিকাৰ আগুৱাই নিয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে।

পোষ্টটো

বৰ্তমান এই পোষ্টটো ইনষ্টাগ্ৰাম ষ্টৰীৰ পৰা নোহোৱা হৈ গৈছে। কংগনাৰ এই পোষ্টৰ পাছতেই কংগ্ৰেছ সাংসদগৰাকীক তীব্ৰ কটাক্ষ কৰে। কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনেটে কয় যে,বিজেপি সাংসদ কংগনাই মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকীত এনে ধৰণৰ মন্তব্য কৰিছে। গডছে উপাসকসকলে বাপু আৰু শাস্ত্ৰী জীৰ মাজত বৈষম্য কৰে। নৰেন্দ্ৰ মোদীয়ে নিজৰ দলৰ নতুন গডছে ভক্তক অন্তৰেৰে ক্ষমা কৰিবনে? লগতে তেওঁ কয় যে, জাতিৰ পিতা থাকে, সন্তান থাকে, শ্বহীদ থাকে। গতিকে সকলোকে সন্মান কৰা উচিত।

কংগনাৰ এই মন্তব্যক বিজেপি নেতাইও গৰিহনা দিছে। পঞ্জাৱ বিজেপিৰ জ্যেষ্ঠ নেতা মনোৰঞ্জন কালিয়াই কয় যে, এই চুটি ৰাজনৈতিক জীৱনত কংগনাই বিতৰ্কিত মন্তব্য দিয়াৰ অভ্যাস গঢ়ি তুলিছে। কথা কোৱাৰ আগতে ভাবিব লাগে। কালিয়াই কয় যে, ৰাজনীতি তেওঁৰ ক্ষেত্ৰ নহয়। ৰাজনীতি এটা গুৰুতৰ বিষয়। তেওঁৰ এনে বিতৰ্কই দলৰ মাজতো অশান্তিৰ সৃষ্টি কৰিব।

উল্লেখ্য যে, প্ৰায়ে বিতৰ্কত থাকে কংগনা ৰাণাৱট। কিছুদিন পূৰ্বে কৃষকক লৈ বিতৰ্কিত মন্তব্য কৰিছিল অভিনেত্ৰীগৰাকীয়ে। এই মন্তব্যৰ পাছতেই উত্তপ্ত হৈ পৰিছিল ৰাজনীতি, যাৰ পাছত বিজেপিয়ে স্পষ্টীকৰণ দিব লগা হৈছিল যে কংগনাৰ এই মন্তব্যৰ লগত দলটোৰ কোনো সম্পৰ্ক নাই। ইয়াৰ লগতে কংগনাক এনে মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিছিল বিজেপিয়ে। পৰৱৰ্তী সময়ত কৃষি আইনক লৈ কৰা মন্তব্য সন্দৰ্ভত ক্ষমা খুজিছিল কংগনাই।

এই ঘটনাৰ এমাহ নৌহওতেই পুনৰ কংগনা ৰাণাৱটে এক বিতৰ্কিত মন্তব্য কৰিছে। মন কৰিবলগীয়া যে, কংগনা অহাৰ পাছত যেন বিজেপিৰ বিপদ বাঢ়িছেহে। নিতৌ ন ন বিতৰ্কৰ মাজলৈ নিজৰ লগতে দলকো টানি আনে অভিনেত্ৰী তথা সাংসদগৰাকীয়ে। গতিকে জাতিৰ পিতাক কৰা অপমানৰ পাছত দলটোৱে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেয়া লক্ষণীয় হ’ব।

Related Stories
কোনে বন্ধ কৰিছিল আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ইন্ধনৰ চুইচ? ২ পাইলটৰ মাজত হোৱা কথা-বতৰাক লৈ চৰ্চা…
সম্পত্তিৰ লোভ আৰু ১০ লাখ টকাৰ ভাড়াতীয়া শ্বুটাৰ! পত্নীৰ ষড়যন্ত্ৰৰ বলি হৈ চিৰদিনলৈ চকু মুদিলে পতিয়ে
চাংপোৰ ওপৰত চীনে গোপনে নিৰ্মাণ কৰিছে বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ…শংকা প্ৰকাশ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ
চৰাইৰ খুন্দাৰ বাবে সংঘটিত হৈছিল নেকি আহমেদাবাদ দুৰ্ঘটনা! প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য
হুৰমূৰকৈ বাগৰি পৰিল চাৰি মহলীয়া অট্টালিকা, আৱদ্ধ ১২ জন লোকঃ অব্যাহত উদ্ধাৰ অভিযান
আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত পোহৰলৈ ন-ন তথ্যঃ বিমান কোম্পানীৰ বিৰুদ্ধে লোৱা হ’ব নেকি ব্যৱস্থা!
জণ্ডিচৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? ইয়াৰ কাৰণ ক'লে চিকিৎসকে...
কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে কাজি নেমু কিমান উপকাৰী? জানক
পেটৰ আলচাৰে পিছলৈ গুৰুতৰ ৰূপ ল’ব পাৰে, ইয়াৰ প্ৰতিৰোধৰ উপায় জানক
শাওন মাহত ভুলতো নকৰিব এইসমূহ কাম, মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত হ’ব আপুনি!