দেশৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত ন্যায়াধীশ সূৰ্য কান্ত, এই দিনটোৰ পৰা পালন কৰিব দায়িত্ব

ইতিপূৰ্বে বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে কেন্দ্ৰীয় চৰকাৰক সূৰ্য কান্তক নিযুক্তি প্ৰদানৰ পৰামৰ্শ দিছিল। ইয়াৰ পিছত ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশ সূৰ্য কান্তৰ নাম শীৰ্ষ আদালতৰ মুখ্য ন্যায়াধীশ হিচাপে অনুমোদন জনাইছে।

দেশৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত ন্যায়াধীশ সূৰ্য কান্ত, এই দিনটোৰ পৰা পালন কৰিব দায়িত্ব

ন্যায়াধীশ সূৰ্য কান্ত

Updated On: 

30 Oct 2025 | 07:16 PM

দেশৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হৈছে ন্যায়াধীশ সূৰ্য কান্ত। অহা ২৪ নৱেম্বৰৰ পৰা ন্যায়াধীশ সূৰ্য কান্তই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব। ইতিপূৰ্বে বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে কেন্দ্ৰীয় চৰকাৰক সূৰ্য কান্তক নিযুক্তি প্ৰদানৰ পৰামৰ্শ দিছিল। ইয়াৰ পিছত ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশ সূৰ্য কান্তৰ নাম শীৰ্ষ আদালতৰ মুখ্য ন্যায়াধীশ হিচাপে অনুমোদন জনাইছে। কেন্দ্ৰীয় আইন আৰু ন্যায় তথা সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে এই সন্দৰ্ভত এটা পোষ্ট কৰিছে।

এই পোষ্টত অৰ্জুন ৰাম মেঘৱালে লিখিছে, “ভাৰতীয় সংবিধানে প্ৰদান কৰা ক্ষমতা ব্যৱহাৰ কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২০২৫ চনৰ ২৪ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্য কান্তক ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে। তেখেতলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো।”

 

বৰ্তমান উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি.আৰ. গাভাইৰ কাৰ্যকাল অহা ২৩ নৱেম্বৰত অন্ত পৰিব কাৰ্যকাল সমাপ্তিৰ পূৰ্বে গাভাইয়ে ন্যায়াধীশ সূৰ্য কান্তৰ নাম পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে প্ৰস্তাৱ দিছিল আৰু এই নামেই মুখ্য ন্যায়াধীশ হিচাপে অনুমোদিত হৈছে এতিয়া ২৪ নৱেম্বৰত ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব ন্যায়াধীশ সূৰ্য কান্তই

দেশৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ সূৰ্য কান্তই ২০২৭ চনৰফেব্ৰুৱাৰীলৈকে কাৰ্যনিৰ্বাহ কৰিব উল্লেখ্য যে ১৯৬২ চনৰ ১০ ফেব্ৰুৱাৰীত হাৰিয়ানাৰ হিছাৰ জিলাত জন্মগ্ৰহণ কৰিছিল ন্যায়াধীশ সূৰ্য কান্তই। হিছাৰৰ চৰকাৰী স্নাতকোত্তৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি ১৯৮৪ চনত ৰোহটকৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...