Justice lady: এতিয়াৰ পৰা অন্ধ নহয় ‘ন্যায়ৰ দেৱী’, খুলি দিয়া হ’ল চকুৰ কাপোৰ, হাতত থাকিব সংবিধান…

Justice lady: এতিয়াৰ পৰা অন্ধ নহয় ন্যায়ৰ দেৱী! কিয়নো খুলি দিয়া হ'ল ন্যায় দেৱীৰ চকুত বান্ধি থোৱা কাপোৰ। উচ্চতম ন্যয়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Justice lady: এতিয়াৰ পৰা অন্ধ নহয় ন্যায়ৰ দেৱী, খুলি দিয়া হল চকুৰ কাপোৰ, হাতত থাকিব সংবিধান...

ন্যায় দেৱী

Published: 

17 Oct 2024 | 08:20 AM

ভাৰতৰ ন্যায়পালিকাত ডাঙৰ সাল-সলনি। এতিয়াৰ পৰা অন্ধ নহয় জাষ্টিছ লেডী (Justice lady) অৰ্থাৎ ন্যায়ৰ দেৱী। বছৰ বছৰ ধৰি ন্যায় দেৱীৰ চকুত বান্ধি থোৱা কাপোৰ খুলি দিয়া হ’ব লগতে হাতত থকা তৰোৱালৰ সলনি এতিয়াৰ পৰা দেখিবলৈ পোৱা যাব দেশৰ সংবিধান। দেশৰ কোনো আদালতে এতিয়ালৈকে ন্যায়ৰ প্ৰতিমূৰ্তিৰ সাল-সলনি কৰা নাই যদিও উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ পুথিভঁৰালত ন্যায়দেৱীৰ এক নতুন প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে গ্ৰহণ কৰিছে এই ঐতিহাসিক সিদ্ধান্ত।

এই ন্যায় দেৱীৰ মূৰ্তি পূৰ্বতকৈ পৃথক। কিয়নো পূৰ্বৰ ন্যায় দেৱীৰ চকুত কাপোৰ বন্ধা আছিল, এখন হাতত পাল্লা আৰু আনখন হাতত তৰোৱাল আছিল। কিন্তু নতুনকৈ স্থাপন কৰা ন্যায় দেৱীৰ চকুৰ কাপোৰ খুলি পেলোৱা হৈছে আৰু এখন হাতত তৰোৱালৰ সলনি আছে দেশৰ সংবিধান। কিছুমাহ পূৰ্বে দেশৰ আইন ব্যৱস্থাত ডাঙৰ সাল- সলনি কৰা হৈছিল। ব্ৰিটিছৰ দিনৰ পৰা চলি অহা কিছু আইন সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছল কেন্দ্ৰীয় চৰকাৰে। । এতিয়া ন্যয়াপালিকাইও ব্ৰিটিছৰ দিনৰ ব্যৱস্থা এৰি নতুনত্বক আঁকোৱালি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইয়াৰ দ্বাৰা দেশৰ উচ্চতম ন্যায়ালয়ে বাৰ্তা প্ৰেৰণ কৰিছে যে এতিয়াৰ পৰা আইন অন্ধ নহয়। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নিৰ্দেশত ন্যায় দেৱীৰ চকুৰ পৰা কাপোৰ খুলি পেলোৱা হৈছে আৰু হাতত তৰোৱালৰ সলনি সংবিধান ৰখা হৈছে।

কি আছিল অৰ্থ

ন্যায় দেৱীৰ হাতত থকা পাল্লাৰ অৰ্থ হ’ল ন্যায়ৰ দেৱীয়ে গোচৰৰ প্ৰমাণ আৰু তথ্য ওজন কৰি সিদ্ধান্ত লয়। তৰোৱালৰ অৰ্থ আছিল যে ন্যায় দ্ৰুত আৰু চূড়ান্ত হ’ব। আনহাতে চকুত কাপোৰ বান্ধি থোৱা বাবে বহুতে কৈছিল যে আইন অন্ধ।আদালতত দেখা পোৱা প্ৰতিমূৰ্তিটোক লেডী জাষ্টিচ মূৰ্তি বুলি কোৱা হয়।লেডী জাষ্টিছ অৰ্থাৎ হাতত পাল্লা আৰু তৰোৱাল লৈ চকুত পটি বান্ধি থকা ন্যায়ৰ দেৱীক ন্যায় ব্যৱস্থাত নৈতিকতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। ভগৱানে যেনেকৈ কোনো বৈষম্য নোহোৱাকৈ সকলোকে সমানে চায়, ঠিক তেনেদৰে ন্যায়ৰ দেৱীয়েও চায়। যাতে ন্যায়ৰ ওপৰত কোনো প্ৰভাৱ নপৰে।

এই মূৰ্তিটো ইজিপ্তৰ দেৱী মাট আৰু গ্ৰীক দেৱী থেমিছ বা ডাইক নামেৰে জনা যায়। মাতক ইজিপ্তৰ সমন্বয়, ন্যায়, আইন আৰু শান্তিৰ মতাদৰ্শৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। গ্ৰীচত থিমিছ সত্য আৰু আইন-শৃংখলাৰ প্ৰতীক, আনহাতে ডাইক ন্যায় আৰু নৈতিক শৃংখলাৰ প্ৰতীক হিচাপে জনা যায়।

পৌৰাণিক কাহিনী অনুসৰি ডিকি জিউছৰ কন্যা আছিল আৰু তেওঁ মানুহক ন্যায় প্ৰদান কৰিছিল। বৈদিক সংস্কৃতিত জিউছক দেয়োছ অৰ্থাৎ পোহৰৰ দেৱতা আৰু বৃহস্পতি অৰ্থাৎ জ্ঞানৰ দেৱতা বুলি কোৱা হৈছে। ডিকিৰ ৰোমান সমতুল্য আছিল দেৱী জাষ্টিচিয়া, যাক চকুত পটি বান্ধি চিত্ৰিত কৰা হৈছে।

কেতিয়া অনা হৈছিল ভাৰতলৈ

গ্ৰীচৰ পৰা এই মূৰ্তি ব্ৰিটিছে আনিছিল। ১৭ শতিকাত প্ৰথমবাৰৰ বাবে ব্ৰিটিছ অফিচাৰে ভাৰতলৈ এই মূৰ্তি আনিছিল। এইগৰাকী অফিচাৰ ন্যায়াসয়ক অধিকাৰী আছিল। ১৮ শতিকাত সাৰ্বজনীনভাৱে এই ন্যায় দেৱীক ব্যৱহাৰ কৰা হৈছিল। ভাৰত স্বাধীন হোৱাৰ পাছতো এই ন্যায় দেৱীক গ্ৰহণ কৰা হৈছিল।

 

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব