দেশৰ মুখ্য ন্যায়াধীশৰ আসনত বি আৰ গাভাই, কি বিশেষ ক্ষমতা থাকে এজন মুখ্য ন্যায়াধীশৰ, দৰমহা কিমান?
ন্যায়াধীশ বি আৰ গাভাইক দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে । বৌদ্ধ ধৰ্ম অনুসৰণ কৰা প্ৰথমজন মুখ্য ন্যায়াধীশ গাভাই । তেওঁৰ কাৰ্যকাল হ'ব ৬ মাহ । দেশৰ মুখ্য ন্যায়াধীশক কিছুমান বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে । তেওঁলোকৰ নিযুক্তিৰ ব্যৱস্থাও আছে । দেশৰ মুখ্য ন্যায়াধীশৰ ক্ষমতা, দৰমহা আৰু পেঞ্চন সম্পৰ্কে জানো আহক-

দেশৰ মুখ্যন্যায়াধীশৰ আসনত বি আৰ গাভাই
বুধবাৰে দেশৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰে ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভায়ে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁক দেশৰ মুখ্য ন্যায়াধীশ হিচাপে শপত বাক্য পাঠ কৰোৱায় । বৌদ্ধ ধৰ্ম অনুসৰণ কৰা প্ৰথমজন মুখ্য ন্যায়াধীশ চি জে আই গাভাই । তেওঁৰ কাৰ্যকাল হ’ব ৬ মাহৰ । আমাৰ সংবিধানত মুখ্য ন্যায়াধীশকো বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে । তেওঁলোকৰ নিযুক্তিৰ ব্যৱস্থাও আছে ।
নিয়মত কোৱা হৈছে, CJI হ’বলৈ হ’লে তেওঁ ভাৰতৰ নাগৰিক হ’ব লাগিব । ৫ বছৰ উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব । ১০ বছৰ উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে কাম কৰাৰো অভিজ্ঞতা থাকিব লাগে এগৰাকী CJI ৰ । ইয়াৰ লগতে ৰাষ্ট্ৰপতিৰ দৃষ্টিত এজন সুনামধন্য আইনবিদকহে এই পদৰ বাবে যোগ্য বুলি গণ্য কৰা হয় । উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশক CJI হিচাপে মনোনীত কৰা হয় আৰু আদালতত সেৱা আগবঢ়োৱা সময়ৰ ওপৰত ভিত্তি কৰি তেওঁৰ জ্যেষ্ঠতা নিৰ্ধাৰণ কৰা হয় ।
CJI ৰ বিশেষ ক্ষমতা কি কি?
ভাৰতীয় সংবিধানত দেশৰ মুখ্য ন্যায়াধীশক (CJI) কিছু বিশেষ ক্ষমতাও দিয়া হৈছে । নিয়মত কোৱা হৈছে যে CJI এ “মাষ্টাৰ অৱ দ্য ৰষ্টাৰ” হিচাপেও কাম কৰে । অৰ্থাৎ ডাঙৰ ডাঙৰ গোচৰ বিশেষ বিচাৰপীঠলৈ পঠিয়াই উচ্চতম ন্যায়ালয়ত শুনানিৰ সময় নিৰ্ধাৰণ কৰাৰ ক্ষমতা তেওঁলোকৰ আছে ।
CJI কলেজিয়াম ব্যৱস্থাৰ মুৰব্বী । সেই কলেজিয়াম ব্যৱস্থা যিটোৰ ন্যায়াধীশ নিযুক্তিৰ পৰা বদলিলৈকে কৰ্তৃত্ব আছে । কিন্তু ভাৰতৰ সংবিধানত, সংসদৰ কোনো আইনত কলেজিয়াম ব্যৱস্থাৰ উল্লেখ নাই । উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ জৰিয়তে বিকশিত হোৱা এই ব্যৱস্থাটোক ‘জুজ কেছ’ বুলি কোৱা হয় । কলেজিয়াম ব্যৱস্থাটো দেশৰ মুখ্য ন্যায়াধীশ আৰু উচ্চতম ন্যায়ালয়ৰ চাৰিজন জ্যেষ্ঠ ন্যায়াধীশৰ এটা গোট । এই ব্যৱস্থাৰ ৫ জন ব্যক্তিয়ে মিলি উচ্চতম ন্যায়ালয়ত কোন ন্যায়াধীশ হ’ব সেইটো নিৰ্ণয় কৰে ।
উচ্চতম ন্যায়ালয়ৰ বিধি, ২০১৩ ত CJI ৰ প্ৰশাসনিক দায়িত্বৰ কথা উল্লেখ কৰা হৈছে । ‘মাষ্টাৰ অৱ দ্য ৰষ্টাৰ’ হিচাপে মুখ্য ন্যায়াধীশে আদালতৰ বিভিন্ন বিচাৰপীঠত গোচৰ আবণ্টন দিয়ে আৰু সংবিধান বিচাৰপীঠ গঠন কৰিবলৈ ন্যায়াধীশ নিৰ্বাচন কৰে, যিয়ে আইনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ সিদ্ধান্ত লয় । গোচৰ তালিকাভুক্ত কৰাৰ ক্ষমতাও মুখ্য ন্যায়াধীশৰ হাতত আছে ।
কিমান দৰমহা, পেঞ্চন আৰু সুবিধা কি কি লাভ কৰে?
দেশৰ মুখ্য ন্যায়াধীশে প্ৰতিমাহে ২.৮০ লাখ টকা দৰমহা পায় । প্ৰতি বছৰে পেঞ্চন হিচাপে ১৬.৮০ লাখ টকা লাভ কৰে । ইয়াৰ লগতে ২০ লাখ টকাৰ ডিয়াৰনেছ এলাৱেন্স আৰু গ্ৰেচুইটি দিয়া হয় । বহু সংবাদ মাধ্যমত দাবী কৰা হৈছে যে দৰমহাৰ উপৰিও CJI ক প্ৰতিমাহে ৪৫০০০ টকা সন্মানীয় ভাট্টা হিচাপে দিয়া হয় । একে সময়তে এককালীন ফাৰ্নিচিং ভাট্টা হিচাপে ১০ লাখ টকা দিয়া হয় ।
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে বাসস্থান হিচাপে দিল্লীৰ সৰ্বোচ্চ শ্ৰেণী অৰ্থাৎ টাইপ VIII বাংলো লাভ কৰে । এখন চৰকাৰী বাহনৰ ব্যৱস্থা কৰা থাকে চালকৰ সহিতে । ২৪ ঘণ্টীয়া নিৰাপত্তাৰ লগতে বাংলোটোত ঘৰুৱা কৰ্মচাৰী আৰু কেৰাণীৰো ব্যৱস্থা আছে । ইয়াৰ উপৰিও চৰকাৰী বাহনখনৰ বাবে প্ৰতিমাহে ২০০ লিটাৰ পৰ্যন্ত ইন্ধন আৰু পি এছ অ’ৰ ব্যৱস্থাও কৰা হয় । CJI এ ভ্ৰমণ ভাট্টাও লাভ কৰে ।
অৱসৰৰ পিছত প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে লাভ কৰিব পৰা সা-সুবিধাৰ সন্দৰ্ভত ২০২২ চনত সংশোধনী কৰা হৈছিল । কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশগৰাকীয়ে ৬ মাহৰ বাবে ভাড়াবিহীন টাইপ VII বাসস্থান লাভ কৰে । এই বাসস্থান সেইসকল সাংসদক দিয়া হয় যিসকল সাংসদ পূৰ্বে কেন্দ্ৰত মন্ত্ৰী হৈ আহিছে । অৱসৰৰ পিছত CJI-এ এবছৰৰ বাবে ২৪ ঘণ্টীয়া নিৰাপত্তা লাভ কৰে ।