গৌৰী লংকেশ হত্যাকাণ্ডৰ অভিযুক্তক ফুলৰ মালাৰে আদৰণিঃ কোন এই অভিযুক্তকেইজন?

প্ৰখ্যাত সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী গৌৰী লংকেশ হত্যাকাণ্ডৰ মূল অভিযুক্তই জামিন লাভ কৰি কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছতে একাংশ হিন্দুত্ববাদী কৰ্মীয়ে গেৰুৱা বসন আৰু ফুলৰ মালা পিন্ধাই উষ্ম আদৰণি জনায়। হিন্দুত্ববাদী কৰ্মীসকলে লগতে এই অভিযুক্ত কেইজনক হিন্দুপন্থী কৰ্মী হোৱাৰ বাবেই লক্ষ্য কৰি লোৱা বুলি দাবী কৰে।

গৌৰী লংকেশ হত্যাকাণ্ডৰ অভিযুক্তক ফুলৰ মালাৰে আদৰণিঃ কোন এই অভিযুক্তকেইজন?

গৌৰী লংকেশ হত্যাকাণ্ডৰ মূল অভিযুক্তক উষ্ম আদৰণি

Published: 

14 Oct 2024 | 03:01 PM

প্ৰখ্যাত সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী গৌৰী লংকেশ হত্যাকাণ্ডৰ মূল অভিযুক্তই ইতিমধ্যে লাভ কৰিছে জামিন। পৰশুৰাম ৱাঘমাৰে আৰু মনোহৰ যাদৱৰ লগতে আন ছয়জনক ৯ অক্টোবৰত বিচাৰ আদালতে জামিন মঞ্জুৰ কৰাৰ পিছত ১১ অক্টোবৰত আটাইকেইজনকে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়ে। কাৰামুক্ত হোৱাৰ পিছতে অভিযুক্তসকলক ফুলৰ মালাৰে আদৰণি জনায় একাংশ হিন্দুত্ববাদী কৰ্মীয়ে। বিগত বছৰত এই গোচৰত কৰ্ণাটক উচ্চ ন্যায়ালয়ে আন এগৰাকী অভিযুক্ত মোহন নায়কক জামিন মঞ্জুৰ কৰিছিল।

ইফালে শেহতীয়াকৈ এই গোচৰত জামিন লাভ কৰা দুই মূল অভিযুক্ত পৰশুৰাম ৱাঘমাৰে আৰু মনোহৰ যাদৱক শনিবাৰে নিশা একাংশ হিন্দুত্ববাদী লোকে উষ্ম আদৰণই জনাই ছত্ৰপতি শিৱাজীৰ এক প্ৰতিমূৰ্তিৰ তললৈ লৈ যায়। হিন্দুত্ববাদী কৰ্মীসকলে দুই অভিযুক্তক ফুলৰ গেৰুৱা বসন আৰু মালা পিন্ধাই সন্মান জনাই ‘ভাৰত মাতা কি জয়’, ‘সনাতন ধৰ্ম কি জয়’ আদি শ্ল’গানেৰে আদৰণি জনায়।

এগৰাকী হিন্দুত্ববাদী কৰ্মীয়ে পৰশুৰাম ৱাঘমাৰে আৰু মনোহৰ যাদৱক এইদৰে আদৰণি জনোৱাৰ পিছত দুই অভিযুক্ত বিনা দোষত এইদৰে ছয়বছৰ কাৰাগাৰত বন্দী হৈ আছিল যদিও প্ৰকৃত অভিযুক্তসকল এতিয়াও জেলৰ বাহিৰত বুলি দাবী কৰে। কেৱল এয়াই নহয়, পৰশুৰাম ৱাঘমাৰে আৰু মনোহৰ যাদৱক আদৰণি জনোৱাটো তেওঁৰ বাবে গৌৰৱৰ বিষয় বুলিও ব্যক্তিগৰাকীয়ে কয়।

পৰশুৰাম ৱাঘমাৰে আৰু মনোহৰ যাদৱ হিন্দুপন্থী কৰ্মী হোৱাৰ বাবেই তেওঁলোকক লক্ষ্য কৰি লোৱা বুলিও দাবী কৰে ব্যক্তিজনে। উল্লেখ্য যে অভিযুক্ত পৰশুৰাম ৱাঘমাৰে আছিল এগৰাকী বডী বিল্ডাৰ। পেশীবহুল শৰীৰৰ বাবেই তেওঁ ‘বিল্ডাৰ’ হিচাপে পৰিচিত। তথ্য মতে, এক বিশেষ ঘটনাই পৰশুৰাম ৱাঘমাৰেক হিন্দুত্ববাদী কৰি তুলিছিল। ৱাঘমাৰেৰ মতে, তেওঁৰ চুবুৰীৰ এগৰাকী ১৪ বছৰীয়া কিশোৰক মুছলমান সম্প্ৰদায়ৰ একাংশ লোকে দুৰ্ব্যৱহাৰ কৰিছিল।

এনে আতিশয্যৰ পিছতে কিশোৰজনে আত্মহত্যা কৰে। এই ঘটনাই ৱাঘমাৰেক ‘নিজ ধৰ্মৰ বাবে যুঁজিবলৈ’ অধিক শক্তিশালী কৰি তুলিছিল বুলি দাবী কৰে। ইয়াৰ পিছত ৱাগমাৰেৰ বিৰুদ্ধে বহু গোচৰ ৰুজু হৈছে। তদুপৰি পাকিস্তানৰ পতাকা উত্তোলন কৰাৰ অভিযোগত ৱাগমাৰেক পূৰ্বেও গ্ৰেপ্তাৰ কৰা হৈছিল।

পৰশুৰাম ৱাঘমাৰে আৰু মনোহৰ যাদৱৰ লগতে আদালতে শেহতীয়াকৈ আমোল কালে, ৰাজেশ ডি বাংগেৰা, বাসুদেৱ সূৰ্যবংশী, ৰুশিকেশ দেৱদেকাৰ, গণেশ মিস্কিন আৰু অমিথ ৰামাচন্দ্ৰ বড্ডীক জামিন মঞ্জুৰ কৰিছিল। এই গোচৰৰ মাষ্টাৰমাইণ্ড আছিল আমোল কালে। পেছাত এগৰাকী অভিযন্তা আমোল কালে শেহতীয়া সময়ছোৱাত এগৰাকী কঠোৰ হিন্দুত্ববাদী কৰ্মী হিচাপে পৰিচিত হৈ পৰিছিল।

২০১০ চনত আটাইকেইগৰাকী অভিযুক্তৰ মাজত প্ৰথমবাৰৰ বাবে সাক্ষাৎ হৈছিল আৰু ইয়াৰ পিছৰে পৰা তেওঁলোকে অবিৰতভাৱে মিলিত হৈ আহিছে। ২০১৬ চনত এবাৰ এনে সাক্ষাতৰ সময়তে তেওঁলোকে গৌৰী লংকেশৰ এক ভাষণৰ ভিডিঅ’ চায় আৰু তেতিয়াই গৌৰী লংকেশক হত্যাৰ ষড়যন্ত্ৰৰ পৰিকল্পনা আৰম্ভ কৰে। এই সমগ্ৰ পৰিকল্পনাৰ মাষ্টাৰমাইণ্ড আছিল আমোল কালে। আনহাতে পৰিকল্পনা মতে শ্বুটাৰ আছিল পৰশুৰাম ৱাঘমাৰে আৰু ড্ৰাইভাৰ আছিল গণেশ মিছকিন।

এই পৰিকল্পনা মতেই ২০১৭ চনৰ ৫ ছেপ্টেম্বৰত বাংগালুৰুৰ ৰাজৰাজেশ্বৰী নগৰত সাংবাদিক গৌৰী লংকেশক ঘৰৰ বাহিৰতে হত্যা কৰা হয়। গভীৰ নিশা মটৰ চাইকেলেৰে সাংবাদিকগৰাকীৰ ঘৰৰ বাহিৰত উপস্থিত হৈ তিনি অভিযুক্তই গৌৰী লংকেশক গুলীয়াই হত্যা কৰে। এই হত্যাকাণ্ডৰ পিছতে সমগ্ৰ দেশত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছিল। দেশজুৰি এই ঘটনাৰ দোষীক শাস্তি প্ৰদানৰ দাবীৰ প্ৰতিবাদ গঢ়ি উঠিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...