Jiribam Violence : উত্তপ্ত মণিপুৰ ! প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ নিৰাপত্তা বাহিনীক নিৰ্দেশ গৃহ বিভাগৰ…

গৃহ বিভাগে নিৰ্দেশনা জাৰি কৰি কয় যে, মণিপুৰৰ নিৰাপত্তা পৰিস্থিতি বিগত কিছুদিন ধৰি বেয়া হৈ আছে। ৰাজ্যখনৰ শান্তি-শৃংখলা বজাই ৰাখিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰাপত্তাবাহিনীক নিৰ্দেশ দিছে গৃহ বিভাগে । ইয়াৰ লগতে গুৰুত্বপূৰ্ণ গোচৰসমূহ ক্ষীপ্ৰ তদন্তৰ বাবে NIAক গতাই দিয়া হৈছে ।

Jiribam Violence : উত্তপ্ত মণিপুৰ ! প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ নিৰাপত্তা বাহিনীক নিৰ্দেশ গৃহ বিভাগৰ...

মণিপুৰৰ পৰিস্থিতি

Published: 

16 Nov 2024 16:29 PM

মণিপুৰৰ শেহতীয়া পৰিস্থিতিক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিৰাপত্তা বাহিনীলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে । মণিপুৰত নিয়োজিত সকলো নিৰাপত্তা বাহিনীক ৰাজ্যখনত আইন-শৃংখলা আৰু শান্তি ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে । উল্লেখ্য যে,যোৱা সোমবাৰে মণিপুৰৰ জিৰিবাম জিলাত চি আৰ পি এফৰ সৈতে উগ্ৰপন্থীৰ সংঘৰ্ষত ১১ জনকৈ সন্দেহযুক্ত উগ্ৰপন্থীৰ নিহত হৈছিল । ইয়াৰ এদিন পিছতে একেখন জিলাৰ পৰা অস্ত্ৰধাৰী উগ্ৰপন্থীয়ে মহিলা আৰু শিশুসহ ৬ জন সাধাৰণ নাগৰিকক অপহৰণ কৰে।

এই ঘটনা সংঘটিত হোৱাৰ পাছতে মণিপুৰৰ জিৰিবাম জিলাকে ধৰি ৰাজ্যখনৰ পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰিছে । শনিবাৰে গৃহ বিভাগে নিৰ্দেশনা জাৰি কৰি কয় যে, মণিপুৰৰ নিৰাপত্তা পৰিস্থিতি বিগত কিছুদিন ধৰি বেয়া হৈ আছে। ৰাজ্যখনৰ শান্তি-শৃংখলা বজাই ৰাখিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰাপত্তাবাহিনীক নিৰ্দেশ দিছে গৃহ বিভাগে । ইয়াৰ লগতে গুৰুত্বপূৰ্ণ গোচৰসমূহ ক্ষীপ্ৰ তদন্তৰ বাবে NIAক গতাই দিয়া হৈছে ।

গৃহ বিভাগৰ নিৰ্দেশনাত কোৱা হৈছে যে, নিৰাপত্তা বাহিনীক শান্তি-শৃংখলা পুনৰুদ্ধাৰৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়া হৈছে। হিংসাত্মক কাৰ্যকলাপত লিপ্ত হ’বলৈ চেষ্টা কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৰি দিছে নিৰাপত্তাবাহিনীয়ে ।

লগতে পঢ়ক: Silchar : জিৰিবামত নিহত সন্দেহযুক্ত উগ্ৰপন্থীৰ মৃতদেহকলৈ শিলচৰত উত্তপ্ত পৰিস্থিতি…

ইফালে,কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সাধাৰণ ৰাইজকো শান্তি-শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে উৰাবাতৰিত বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে । লগতে ৰাজ্যখনত আইন-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত নিৰাপত্তা বাহিনীক সহযোগ কৰিবলৈ অনুৰোধ জনাইছে গৃহ বিভাগে।

লগতে পঢ়ক: Manipur : জিৰিবামত সন্দেহযুক্ত তিনিটা মৃতদেহ উদ্ধাৰৰ পিছতে উত্তপ্ত হৈ পৰিছে ইম্ফল উপত্যকা…

উল্লেখ্য যে, যোৱা শুকুবাৰে জিৰিবাম জিলাত তিনি সন্দেহযুক্ত মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে ইম্ফল উপত্যকাৰ বিভিন্ন প্ৰান্তত শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে । উদ্ধাৰ হোৱা এই মৃতদেহ কেইটা যোৱা ১১ নৱেম্বৰ তাৰিখে জিৰিবাম জিলাত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত নিৰুদ্দেশ হোৱা ৬ জন লোকৰ মাজৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । সূত্ৰৰ খবৰ অনুসৰি, মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ বিয়পি পৰাৰ পাছতে উত্তপ্ত হৈ পৰিছে ইম্ফল উপত্যকা ।

লগতে পঢ়ক: Manipur : মণিপুৰৰ জিৰিবামত সন্দেহযুক্ত তিনিটা মৃতদেহ উদ্ধাৰ ! মৰণোত্তৰ পৰীক্ষাৰ বাবে কিয় অনা হ’ল শিলচৰ মেডিকেল কলেজলৈ…?

ভাল টোপনিৰ বাবে অতি উপকাৰী এইসমূহ খাদ্য, নিশা টোপনি নাহে যদি চাওক এতিয়াই
নাৰীৰ যৌন শক্তি বৃদ্ধি কৰে এইকেইবিধ খাদ্যই, জানি হ'ব আচৰিত!
পত্নী গৰ্ভৱতী হ’লে স্বামীয়ে কৰিব নালাগে এইবোৰ ভুল, প্ৰভাৱ পৰে সন্তানৰ ওপৰত!
এনে ফল ডায়েবেটিছ ৰোগীৰ বাবে হ’ব পাৰে উপযোগী, চাই লওক এতিয়াই
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী