মৃতদেহৰ গহনা লুটপাত! হাস্পতালত মৃত্যু হোৱা মহিলাৰ দেহৰ পৰা সোণৰ অলংকাৰ চুৰি কৰিলে কোনে?

কোনোবাই মৃতদেহৰ পৰা অলংকাৰ চুৰি কৰিব পাৰে বুলি আপোনাৰ বিশ্বাস হয় নে? আপুনি বিশ্বাস কৰকেই বা নকৰক! এনে এক ঘটনা সংঘটিত হৈছে এখন হাস্পতালত। চিচিটিভি কেমেৰাত বন্দী হ'ল চোৰৰ এই নিকৃষ্ট কাণ্ড।

মৃতদেহৰ গহনা লুটপাত! হাস্পতালত মৃত্যু হোৱা মহিলাৰ দেহৰ পৰা সোণৰ অলংকাৰ চুৰি কৰিলে কোনে?

হাস্পতালত চুৰিকাণ্ড

Published: 

01 Dec 2025 16:33 PM

অসমীয়াত এষাৰ প্ৰবচন আছে, “চোৰে নেৰে চোৰ প্ৰকৃতি কুকুৰে নেৰে ছাঁই, যাৰ যি প্ৰকৃতি মৰিলে লগত যায়।” সঁচাকৈ যিসকলৰ চুৰি কৰাৰ অভ্যাস থাকে, তেওঁলোকে কেতিয়াও সেই অভ্যাস পৰিহাৰ কৰিব নোৱাৰে। কিন্তু কোনোবাই মৃতদেহৰ পৰা অলংকাৰ চুৰি কৰিব পাৰে বুলি আপোনাৰ বিশ্বাস হয় নে? আপুনি বিশ্বাস কৰকেই বা নকৰক! এনে এক ঘটনা সংঘটিত হৈছে এখন হাস্পতালত। চিচিটিভি কেমেৰাত বন্দী হ’ল চোৰৰ এই নিকৃষ্ট কাণ্ড।

এই ঘটনা সংঘটিত হৈছে দেশৰ ৰাজধানী দিল্লীত। ৰাজধানী মহানগৰীখনৰ কৃষ্ণা নগৰস্থিত এখন ব্যক্তিগত হাস্পতালত এগৰাকী মহিলা ৰোগীৰ চিকিৎসাৰ সময়তে মৃত্যু ঘটে। কিন্তু সকলোকে হাইৰাণ কৰা কাণ্ডটো তেতিয়া সংঘটিত হ’ল যেতিয়া মৃত মহিলাগৰাকীৰ দেহৰ পৰা গহন চুৰি কৰা হ’ল। হাস্পতালখনৰ ভিতৰতে সংঘটিত হৈছে এই ঘটনা। যোৱা ১১ নৱেম্বৰতে সংঘটিত হৈছিল এই ঘটনা। ১২ নৱেম্বৰত মহিলাগৰাকীৰ পৰিয়ালে এই বিষয়ে আৰক্ষীক অৱগত কৰে। কিন্তু আজিহে আৰক্ষীয়ে এই গোচৰটো পঞ্জীয়ন কৰে।

দিল্লীৰ গোৱেল হাস্পতালত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা। অভিযোগ অনুসৰি যোৱা ১১ নৱেম্বৰৰ পুৱা প্ৰায় ৫ বজাত বয়স্ক মহিলাগৰাকীক সংকটজনক অৱস্থাত গোৱেল হাস্পতাললৈ অনা হৈছিল। তাত তেওঁক জৰুৰীকালীন কক্ষত ভৰ্তি কৰোৱা হয়। পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি প্ৰাৰম্ভিক চিকিৎসাৰ সময়ত মহিলাগৰাকীৰ দেহত থকা সোণৰ অলংকাৰসমূহ ঠিকেই আছিল। কিন্তু সন্ধিয়া ঠিক ৫.৪৫ বজাত মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক বুলি কৈ জিটিবি হাস্পতাললৈ প্ৰেৰণৰ নিৰ্দেশ দিয়া হয়। কিন্তু জিটিবি হাস্পতাললৈ নিয়াৰ সময়তেই তেওঁৰ মৃত্যু ঘটে।

পৰিয়ালৰ লোকে অভিযোগ তুলিছে যে মৃতদেহটো লৈ যোৱা সময়ত তেওঁলোকে দেখে যে মহিলাগৰাকীৰ কাণফুলিযোৰ নাই। তেওঁলোকে কয় যে হাস্পতালৰ কৰ্মচাৰীয়ে গহনাৰ কথা স্পষ্টকৈ একো নক’লে। ইফালে আৰক্ষীয়েও গোচৰ ৰুজু কৰাত কোনো আগ্ৰহ নেদেখুৱালে। পৰিয়ালৰ মতে অভিযোগ দিয়াৰ সময়ত আৰক্ষীয়ে কয় যে তেওঁলোকৰ হাতত আন বহুতো কাম আছে আৰু এনে কামৰ বাবে পৰ্যাপ্ত সময় নাই।

পৰিয়ালৰ লোকে তেতিয়া হাস্পতালৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰিবলৈ দাবী জনায়। যাতে, মহিলাগৰাকীৰ গহনবোৰ ক’ত কেনেকৈ নোহোৱা হ’ল সেয়া পোহৰলৈ আহে। তেওঁলোকে অভিযোগ তোলে যে হাস্পতালৰ কৰ্মচাৰীয়েই গহনা চুৰি কৰিছে। তাৰ পাচত চিচিটিভি ফুটেজ পৰীক্ষা কৰাত দেখা যায় যে হাস্পতালখনৰ এগৰাকী মহিলাকৰ্মীয়ে গহনা চুৰি কৰিছিল। তাৰ পাছতহে আৰক্ষীয়ে গোচৰ ৰুজু কৰে। ইফালে হাস্পতাল কৰ্তৃপক্ষই জনোৱা মতে, চৌৰ্যবৃত্তিত জড়িত মহিলাগৰাকীক ইতিমধ্যে বৰ্খাস্ত কৰা হৈছে। এই ভিডিঅ’টো সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হোৱা দেখা গৈছে।

শীতকালত ওজন নিয়ন্ত্ৰণৰ বাবে খাদ্যাভ্যাস কেনেকুৱা হ’ব লাগে ?
মহিলাৰ দেহত কৰ্কট ৰোগৰ ৫ টা লক্ষণ কি? জানক...
হাৰ্ট এটেক অহাৰ ১ মাহ পূৰ্বে দেখা দিয়ে এনে লক্ষণ! জানক...
শোৱা গাৰুৰ তলত এটা জালুক ৰাখিলে কি হ’ব? জানক...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...
লুৰিণজ্যোতি গগৈৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ...
নিশা ৰাজ্যিক চিৰিয়াখানাৰ পৰা ওলাই আহিল হৰিণ
ডিব্ৰুগড় বিমানবন্দৰত অভিনেত্রী ছানী লিয়নী