জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষীৰ এনকাউন্টাৰত নিহত ৩ সন্ত্ৰাসবাদী…
নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত ৩ জনকৈ সন্ত্ৰাসবাদী। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।

ভাৰতীয় সেনা
জম্মু-কাশ্মীৰৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰতীয় সেনা এলাৰ্ট মোডত আছে। সন্ত্ৰাসবাদীৰ গতিবিধি নিৰীক্ষণ কৰি সেনাই অভিযান চলাই গৈছে। ইয়াৰ মাজতে কাশ্মীৰ মণ্ডল আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে পুৱা জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত এনকাউন্টাৰৰ ঘটনা সংঘটিত হয়। য’ত তিনিজনকৈ সন্ত্ৰাসবাদী নিহত হয়।
দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ ট্ৰালৰ নাদিৰ গাঁৱত নিৰাপত্তাৰক্ষীয়ে অঞ্চলটো ঘেৰি ধৰি তালাচী অভিযান চলাইছিল। গভীৰ নিশালৈ চলা এই অভিযানৰ সময়ত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হয়। জানিব পৰা মতে, ২-৩ জন সন্ত্ৰাসবাদী নিৰাপত্তাৰক্ষীৰ জালত পৰিছে। এতিয়াও অভিযান চলি আছে।
এই অভিযানতে নিৰাপত্তাৰক্ষীয়ে ডাঙৰ সফলতা লাভ কৰে। য’ত ৩ জন সন্ত্ৰাসবাদী নিহত হয়। ভাৰতীয় সেনাই কয় যে,২০২৫ চনৰ ১৫ মে’ত আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত ভাৰতীয় সেনা, জম্মু-কাশ্মীৰ আৰক্ষী আৰু শ্ৰীনগৰ খণ্ডৰ চি আৰ পি এফে আৱন্তীপোৰাৰ ট্ৰালৰ নাদেৰত অনুসন্ধান অভিযান আৰম্ভ কৰে। ভাৰতীয় সেনাই সন্দেহজনক গতিবিধি পৰ্যবেক্ষণ কৰি প্ৰত্যাহ্বান জনোৱাৰ সময়তে সন্ত্ৰাসবাদীয়ে গুলীচালনা আৰম্ভ কৰে। সন্ত্ৰাসবাদীৰ গুলীচালনাত উচিত প্ৰত্য়ুত্তৰ দি সেনাই ২জন সন্ত্ৰাসবাদী নিহত কৰে।
অপাৰেশ্যন কেলাৰ
সমগ্ৰ দেশৰ লগতে জম্মু-কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ বাবে সেনাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। সেনাই জনোৱা মতে, পুলৱামাৰ লগতে মঙলবাৰে জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাৰ শুকৰু কেলৰৰ বনাঞ্চলত তালাচী অভিযান চলোৱা হৈছিল। এই অভিযানতো নিৰাপত্তাৰক্ষীয়ে ডাঙৰ সফলতা লাভ কৰিছিল। সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ তিনিজন সন্ত্ৰাসবাদীক নিৰাপত্তাৰক্ষীৰ হাতত নিহত হৈছিল।
ভাৰতীয় সেনাই জনোৱা মতে,শোকল কেলৰৰ সাধাৰণ অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে ৰাষ্ট্ৰীয় ৰাইফলছ ইউনিটৰ পৰা নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত ভাৰতীয় সেনাই অপাৰেচন কেলাৰ আৰম্ভ কৰিছিল। এই অভিযানৰ সময়তো নিৰাপত্তাৰক্ষীৰ ওপৰত প্ৰথমে সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰিছিল। তাৰ পাছতে নিৰাপত্তাৰক্ষী- সন্ত্ৰাসবাদীৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয়।
সূত্ৰ অনুসৰি জানিব পৰা মতে, এজন সন্ত্ৰাসাবাদী শ্বোপিয়ান জিলাৰ মহম্মদ ইউছুফ কুট্টেৰ পুত্ৰ শ্বাহিদ কুট্টে বুলি চিনাক্ত হৈছে। ২০২৪ চনৰ ৮ এপ্ৰিলত শ্ৰীনগৰৰ ডেনিছ ৰিজ’ৰ্টত সংঘটিত গুলীচালনা কাণ্ডত জড়িতশ্বাহিদ কেটেগৰী এ,লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী আছিল। ২০২৩ চনৰ ৮ মাৰ্চত তেওঁ সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰিছিল।২০২৪ চনৰ ১৮ মে’ত হিৰপোৰাত বিজেপি নেতা হত্যাকাণ্ডতো শ্বাহিত জড়িত আছিল। কেৱল ইমানেই নহয়, আৰু বহু সন্ত্ৰাসবাদী কাৰ্যকালাপত তেওঁ জড়িত আছিল।
দ্বিতীয়জন সন্ত্ৰাসবাদী শ্বোপিয়ানৰ ৱাণ্ডুনা মেলহোৰাৰ বাসিন্দা মহম্মদ শ্বাফি দাৰৰ পুত্ৰ আদনান শ্বাফি দাৰ বুলি চিনাক্ত হৈছিল। ২০২৪ চনৰ ১৮ অক্টোবৰত সন্ত্ৰাসবাদী সংগঠনটোত যোগদান কৰা আদনান আছিল কেটেগৰী চি লস্কৰৰ অপাৰেটিভ। ইয়াৰ বিপৰীতে আনজন সন্ত্ৰাসবাদীৰ চিনাক্ত এতিয়ালৈকে হোৱা নাই।
অন্য খবৰ পঢ়কঃ পাকিস্তানে উভতাই দিলে BSF জোৱান পিকে চাউক, ভাৰতে উভতালে ৰেঞ্জাৰক…