পহলগাম কাণ্ডত জড়িত স্থানীয় লোক! পাৰভেজ আৰু বছিৰে সহায় কৰিছিল পাকিস্তানৰ সন্ত্ৰাসবাদীক…
Pahalgam attack: পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে নিয়াই। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি স্থানীয় লোকে সহায় কৰিছিল পাকিস্তানৰ সন্ত্ৰাসবাদীক।

পহলগাম
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ দুমাহৰ পাছত এন আই এয়ে তদন্তত বৃহৎ সফলতা লাভ কৰিছে। এই তদন্তৰ মাজতে স্পষ্ট হৈ পৰিছে যে এই বৰ্বৰ কাণ্ডত কেৱল বিদেশী সন্ত্ৰাসবাদীয়ে নহয়, জড়িত আছিল স্থানীয় লোক। দেওবাৰে পহলগাম কাণ্ডত দুজন স্থানীয় লোকক নিয়া (NIA) ই গ্ৰেপ্তাৰ কৰাৰ পাছতে এই কথা প্ৰায় স্পষ্ট হৈ পৰে। অভিযোগ অনুসৰি, পহলগামৰ এই লোক দুজনে পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীক খাদ্য আৰু থকাৰ যোগাৰ কৰি দিছিল। আনকি অঞ্চলটো নিৰীক্ষণ কৰাৰ বাবে এই সন্ত্ৰাসবাদী ৩ জনক সহায় কৰিছিল স্থানীয় লোক দুজনে।
এই ধৃত লোকদুজন পাৰভেজ আহমেদ আৰু বছিৰ আহমেদ বুলি চিনাক্ত হৈছে। NIA ৰ তদন্তৰ পাছত এতিয়া স্পষ্ট হৈ পৰিছে যে বিদেশী সন্ত্ৰাসবাদীৰ লগতে স্থানীয় লোকো পহলগাম কাণ্ডৰ সৈতে জড়িত। গ্ৰেপ্তাৰ পাছতে আজি দুয়োকে আদালতত হাজিৰ কৰোৱা হয় । এন আই এয়ে জনোৱা মতে, দুয়োকে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭ৰ ১৯ নং ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে।
আশা কৰা হৈছে যে, গ্ৰেপ্তাৰ হোৱা এই দুজন লোকক সোধা-পোছা কৰি আৰক্ষীয়ে মূল দোষীক চিনাক্ত কৰিব পাৰিব। অৱশ্যে দুয়ো আৰক্ষীৰ জেৰাত কি কি তথ্য প্ৰকাশ কৰে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়। কিন্তু বৰ্তমানলৈকে কৰা তদন্তত পোহৰলৈ আহিছে যে এই দুয়োজনে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ সৈতে ভাৰত বিৰোধী ষড়যন্ত্ৰ ৰচাত যথেষ্ঠখিনি সহায় কৰিছিল। এই কাণ্ডত অন্য স্থানীয় লোক জড়িত আছে নে নাই সেয়া পৰৱৰ্তী সময়ত পোহৰলৈ আহিব।
উল্লেখ্য যে, ২২ এপ্ৰিলৰ জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হৈছিল ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। য’ত সন্ত্ৰাসবাদীয়ে ধৰ্ম সুধি ২৬ জন লোকক হত্যা কৰিছিল লগতে আহত হৈছিল বহুতো। তদন্তত পোহৰলৈ আহিছিল যে পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে এই কাণ্ড সংঘটিত কৰিছিল। তাৰ পাছতে ভাৰতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলাইছিল অপাৰেশ্যন সেন্দূৰ। এই অভিযানত ভাৰতে পি অ’ কে আৰু পাকিস্তানৰ কেইবাটাও সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিছিল য’ত ১০০ ৰো অধিক সন্ত্ৰাসবাদীৰ মৃত্যু হৈছিল।
ইয়াৰোপৰি কূটনৈতিক দিশটো ভাৰতে গ্ৰহণ কৰিছিল কেইবাটাও সিদ্ধান্ত। ইয়াৰ পাছতে দুই দেশৰ মাজত হয় যুদ্ধ বিৰতি। কিন্তু ভাৰতে স্পষ্ট কৰি কৈছে যে এতিয়াও সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অব্যাহত আছে অপাৰেশ্যন সেন্দূৰ। ইয়াৰ বিপৰীতে এই সমগ্ৰ ঘটনাৰ ওপৰত নিয়াই অব্যাহত ৰাখিছে তদন্ত। গতিকে পৰৱৰ্তী সময়ত আৰু ন ন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ ভাৰতক জালত পেলোৱাৰ চেষ্টা! বংগোপসাগৰক লৈ নতুন পৰিকল্পনা বাংলাদেশৰ, আঁঁৰত আছে নেকি চীন…