ঘন জংঘলত চলিছিল অভিযান, হঠাৎ সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদবৰণ ভাৰতীয় সেনা জোৱানৰ
Jammu Kashmir Encounter: জম্মু-কাশ্মীৰৰ উধামপুৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষত শ্বহীদ হয় এজন জোৱান। শুকুৰবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হোৱা অনুসন্ধান অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ গুলীচালনাত আহত হয় জোৱানজন আৰু পিছত চিকিৎসালয়ত মৃত্যু হয়।

জম্মু-কাশ্মীৰ এনকাউণ্টাৰ
সন্ত্ৰাসবাদী নিৰ্মূলৰ বাবে প্ৰতিনিয়ত অভিযান অব্যাহত ৰাখিছে ভাৰতীয় সেনাই। বিশেষকৈ কাশ্মীৰ উপত্যকাৰ পৰা সঘনাই নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ গুলীয়াগুলীৰ খবৰ পোৱা যায়। ইয়াৰ মাজতে জম্মু-কাশ্মীৰৰ উধামপুৰত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত শ্বহীদ হ’ল এজন জোৱান।
উধামপুৰৰ উচ্চ অঞ্চলত চলি আছিল এক অনুসন্ধান অভিযান। অভিযানৰ সময়ত সন্ত্ৰাসবাদীয়ে সেনাবাহিনীৰ ওপৰত গুলীচালনা কৰাত এজন জোৱান আহত হয়। ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা জোৱানজনে অৱশেষত মৃত্যুক সাৱটি লয়।
বিষয়াসকলে জনোৱা মতে, শুকুৰবাৰে সন্ধিয়া উধমপুৰৰ দুডু-বসন্তগড় অঞ্চল আৰু ডোডাৰ ভাদেৰৱাহৰ সেউজ ধাৰ বনাঞ্চল সীমান্তত এক অনুসন্ধান অভিযান আৰম্ভ কৰা হয়। সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযান গ্ৰুপ (এছ অ’ জি)ৰ যৌথ উদ্যোগত এই অভিযান। তালাচীৰ সময়ত উগ্ৰপন্থীয়ে গুলীচালনা কৰাত এজন জোৱান আহত হয়। তেওঁলোকে জনোৱা মতে, জোৱানজনক চিকিৎসালয়লৈ লৈ যোৱাৰ সময়তে তেওঁৰ মৃত্যু হয়।
সন্ত্রাসবাদীৰ সন্ধান অব্যাহত
বিষয়াসকলে জনোৱা মতে, এনকাউণ্টাৰ ছাইটৰ আশে-পাশে থকা অঞ্চলত নিশাটোৰ ভিতৰতে কঠোৰ কৰ্ডন স্থাপন কৰা হয়। শনিবাৰে পুৱা পুনৰ আৰম্ভ হয় যৌথ অনুসন্ধান অভিযান। দুইৰ পৰা তিনিজন সন্ত্ৰাসবাদীয়ে বনাঞ্চলত আত্মগোপন কৰি থকাৰ সন্দেহ। বিষয়াসকলে জনোৱা মতে, ড্ৰ’ন আৰু ডগ স্কোৱাডৰ সহায়ত এই অনুসন্ধান অভিযান এতিয়াও অব্যাহত আছে।
শুকুৰবাৰে নিশাৰ পৰা সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ চলি থকা কিষ্টৱাৰতো সন্ত্ৰাসবাদীৰ সন্ধানৰ অভিযান আৰম্ভ কৰা হয়। অৱশ্যে এতিয়াও সন্ত্রাসবাদীৰ কোনো সন্ধান পোৱা নাই।
জৈছ সন্ত্ৰাসবাদী লুকাই থকাৰ খবৰ
উধামপুৰ অঞ্চলত দুইৰ পৰা তিনিজন জৈছ সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছে সেনা আৰু নিৰাপত্তা বাহিনীয়ে। এই তথ্যৰ ভিত্তিত সেনাই সমগ্ৰ অঞ্চলটোত তালাচী অভিযান চলাই আছে। বিষয়াসকলৰ মতে, কিছুদিনৰ পৰা এই সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশৰ চেষ্টা চলাই আহিছে। অৱশ্যে নিৰাপত্তা বাহিনীয়ে তেওঁলোকৰ এই প্ৰচেষ্টা বিফল কৰিছে। এই তালাচী অভিযানৰ সময়ত শ্ৰীনগৰকে ধৰি উপত্যকাৰ আঠটা স্থানতো আৰক্ষীয়ে তালাচী চলায়।