জম্মু-কাশ্মীৰলৈ পুনৰ বিশেষ ৰাজ্যৰ মৰ্যদা ঘূৰাই অনাৰ প্ৰতিপ্ৰুতি ! ইস্তাহাৰ প্ৰকাশ কৰি আৰু কি কি প্ৰতিশ্ৰুতি দিলে পিডিপিয়ে ?

Jammu and Kashmir Assembly Polls 2024: জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যদা পুনৰুদ্ধাৰৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আজি শনিবাৰে বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ কৰে পিডিপিয়ে। পিডিপিৰ এই ইস্তাহাৰত কেৱল জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যদা পুনৰুদ্ধাৰৰ প্ৰতিশ্ৰুতিয়েই নহয়, ভাৰত আৰু পাকিস্তানৰ মাজত কূটনৈতিক পদক্ষেপৰ পোষকতা কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে পিডিপিয়ে ।

জম্মু-কাশ্মীৰলৈ পুনৰ বিশেষ ৰাজ্যৰ মৰ্যদা ঘূৰাই অনাৰ প্ৰতিপ্ৰুতি ! ইস্তাহাৰ প্ৰকাশ কৰি আৰু কি কি প্ৰতিশ্ৰুতি দিলে পিডিপিয়ে ?

বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ পিডিপিৰ

Updated On: 

24 Aug 2024 | 05:53 PM

৩৭০ ৰ অনুচ্ছেদ বাতিলৰ পাছত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলৈ গৈ আছে জম্মু-কাশ্মীৰত । এইলৈ ইতিমধ্যে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে পিডিপিয়ে । উন্নয়নৰ উপৰিও পিডিপিৰ ইস্তাহাৰত বিশেষভাৱে স্থান লাভ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে । মনকৰিবলগীয়া যে, পিডিপিৰ ইস্তাহাৰত উল্লেখ থকা এই বিষয়সমূহে বহু সময়তে জম্মু-কাশ্মীৰৰ ৰাইজক প্ৰভাৱিত কৰি আহিছে আৰু অঞ্চলটোৰ ৰাজনৈতিক মহলটো ব্যাপক চৰ্চাত থাকে ।

জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যদা পুনৰুদ্ধাৰৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আজি শনিবাৰে বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ কৰে পিডিপিয়ে। পিডিপিৰ এই ইস্তাহাৰত কেৱল জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যদা পুনৰুদ্ধাৰৰ প্ৰতিশ্ৰুতিয়েই নহয়, ভাৰত আৰু পাকিস্তানৰ মাজত কূটনৈতিক পদক্ষেপৰ পোষকতা কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে পিডিপিয়ে ।

একেদৰে বাণিজ্য আৰু সামাজিক বিনিময়ৰ বাবে নিয়ন্ত্ৰণ ৰেখা (LoC)ৰ সিপাৰে সম্পূৰ্ণ সংযোগ স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছে পিডিপিয়ে । উল্লেখ্য যে, পিডিপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত পিডিপিৰ সভাপতি মেহবুবা মুফতিয়ে দলৰ জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত এই ইস্তাহাৰ প্ৰকাশ কৰে। পিডিপিয়ে প্ৰকাশ কৰা ‘জনতাৰ আকাংক্ষা’ নামৰ এই ইস্তাহাৰখনত আঞ্চলিক মুক্ত বাণিজ্য এলেকাৰ পোষকতা কৰাৰ কথা কোৱা হৈছে । একেদৰে সহযোগিতা মূলক অৰ্থনৈতিক বজাৰৰ পোষকতা কৰাৰো কথা কোৱা হৈছে পিডিপিৰ ইস্তাহাৰত ।

পিডিপিয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰা এই ইস্তাহাৰত জনসাধাৰণৰ সুৰক্ষা আইন (PSA), অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA) আৰু শত্ৰু আইন প্ৰত্যাহাৰৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে । একেদৰে জম্মু-কাশ্মীৰৰ ক্ষেত্ৰত প্ৰায়ে বিতৰ্কত সোমাই পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) প্ৰত্যাহাৰৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে পিডিপিয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...