দুৰ্গোৎসৱৰ আনন্দৰ মাজতে অঘটনঃ দ্ৰুতবেগী বাহনৰ খুন্দাত সন্তান-ভতিজাসহ মহিলাৰ মৃত্যু

ৰাজস্থানৰ ৰাজধানী জয়পুৰত সংঘটিত হৈছে এক ভয়াৱহ হিট এণ্ড ৰানৰ ঘটনা। নিজ সন্তান আৰু ভতিজাৰ সৈতে এগৰাকী মহিলা পথ পাৰ হ’বলৈ অপেক্ষা কৰি থকাৰ সময়তে এখন দ্ৰুতবেগী বাহনে তিনিওকে মহতীয়াই নিয়ে। ইয়াৰ ফলত তিনিওৰে মৃত্যু হয়।

দুৰ্গোৎসৱৰ আনন্দৰ মাজতে অঘটনঃ দ্ৰুতবেগী বাহনৰ খুন্দাত সন্তান-ভতিজাসহ মহিলাৰ মৃত্যু

চিচিটিভি ফুটেজত দেখা পোৱা দুৰ্ঘটনা সংঘটিত কৰা বাহনখন

Published: 

11 Oct 2024 | 08:24 PM

দুৰ্গোৎসৱৰ আনন্দ পৰিলক্ষিত হৈছে সমগ্ৰ দেশত। শাৰদীয় এই উৎসৱৰ আনন্দ উপভোগ কৰিছে সকলোৱে। পিছে উৎসৱৰ এই আনন্দৰ মাজতে দেশত কেইবাটাও শোকাৱহ দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহিছে। প্ৰাণ হেৰুৱাইছে কেইবাজনো লোকে। ৰাজস্থানতো সংঘটিত হৈছে এনে এক শোকাৱহ ঘটনা। ৰাজ্যখনৰ ৰাজধানী জয়পুৰত সংঘটিত হৈছে এক ভয়াৱহ হিট এণ্ড ৰানৰ ঘটনা। এই দুৰ্ঘটনাত এখন ব্যক্তিগত বাহনৰ খুন্দাত প্ৰাণ হেৰুৱাইছে তিনিজনে। দ্ৰুতবেগী বাহনখনে মহতীয়াই নিয়াৰ ফলত নিজ সন্তান আৰু ভতিজাসহ মৃত্যু হৈছে এগৰাকী মহিলাৰ।

মহিলাগৰাকী ৰাস্তা পাৰ হ’বলৈ দুই শিশুৰ সৈতে ৰাস্তাৰ কাষতে থিয় হৈ আছিল আৰু তেনে সময়তে দ্ৰুতবেগী বাহনখনে তিনিওকে মহতীয়াই নিয়ে। দুৰ্ঘটনাৰ পিছত তিনিওজনকে চিকিৎসাৰ বাবে স্থানীয় এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও বাটতে তেওঁলোকৰ মৃত্যু হয়।  এই গোচৰত আৰক্ষীয়ে অভিযুক্ত চালকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ বাহনখন জিম্মাত লৈছে।

আনহাতে আৰক্ষীয়ে মৃত লোককেইজনৰ মৃতদেহ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। জয়পুৰৰ মনছাৰোভাৰ থানা এলেকাত সংঘটিত হৈছে এই ভয়াৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত মহিলাগৰাকীৰ লগতে তেওঁৰ ডেৰ বছৰীয়া কন্যা সন্তান আৰু ১০ বছৰীয়া ভতিজা শিশুটিৰ মৃত্যু হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত চালকজনক। অভিযুক্ত চালকজনৰ নাম বিপিন ছাইনী বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, গাড়ী চালকজনে অভাৰ স্পীডত চলাই আহিছিল বাহনখন। অভাৰ স্পীডিঙৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে। চিচিটিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত প্ৰকাশ কৰা মতে মূল পথৰ কাষতে পথৰ আনটো পাৰলৈ যোৱাৰ বাবে দুই শিশুৰ সৈতে অপেক্ষা কৰি আছিল মহিলাগৰাকী।

তেনে সময়তে দ্ৰুতবেগী থাৰ বাহনখনে আন এখন বাহন অভাৰটেক কৰি পথৰ কাষত ৰৈ থকা মহিলাগৰাকীৰ লগতে তেওঁৰ কন্যা সন্তান আৰু ভতিজা শিশুটিক মহতীয়াই নিয়ে। ইফালে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা পলাতক হৈ আছিল অভিযুক্ত চালকজন। চিচিটিভি ফুটেজৰ সহায়ত অভিযুক্তক চিনাক্ত কৰি পিছত গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনো জব্দ কৰা হৈছে।

শনিদেৱৰ পূজাত এইবোৰ অন্তৰ্ভুক্ত নকৰিব এইবোৰ বস্তু, অভাৱে দেখা দিব আপোনাক!
সৰস্বতী পূজা কেতিয়া? জানক শুভ সময়ৰ বিষয়ে...
পুৰুষৰ তুলনাত মহিলাৰ ওজন কিয় দ্ৰুত বৃদ্ধি পায়? ইয়াৰ মূল কাৰণবোৰ জানক
ঘৰৰ পৰা পইতাচোৰা দূৰ কৰাৰ ৫টা সহজ, ঘৰুৱা উপায়...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে