ATSৰ জালত ISIৰ চোৰাংচোৱা! পাকিস্তানলৈ প্ৰেৰণ কৰিছিল ভাৰতৰ বহু গোপনীয় তথ্য

উত্তৰ প্ৰদেশ ATSয়ে গ্ৰেপ্তাৰ কৰিছে আইএছআইৰ এজেণ্ট ৰবীন্দ্ৰ কুমাৰক। ধনৰ বিনিময়ত তেওঁ ফিৰোজাবাদৰ অৰ্ডানেন্স ফেক্টৰীৰ গুৰুত্বপূৰ্ণ গোপনীয় তথ্য আইএছআইলৈ প্ৰেৰণ কৰিছিল। হানি ট্ৰেপিঙৰ জালত আৱদ্ধ হৈ নেহা শৰ্মা নামৰ এগৰাকী মহিলাৰ সংস্পৰ্শলৈ আহিছিল ৰবীন্দ্ৰ। নেহা শৰ্মা পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ এগৰাকী মহিলা চোৰাংচোৱা।

ATSৰ জালত ISIৰ চোৰাংচোৱা! পাকিস্তানলৈ প্ৰেৰণ কৰিছিল ভাৰতৰ বহু গোপনীয় তথ্য

আইএছআইৰ এজেণ্ট ৰবীন্দ্ৰ কুমাৰ

Published: 

14 Mar 2025 | 05:21 PM

শুকুৰবাৰে উত্তৰ প্ৰদেশৰ আগ্ৰাৰ পৰা পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআই এজেণ্টক গ্ৰেপ্তাৰ কৰিছে উত্তৰ প্ৰদেশ ATSয়ে। গ্ৰেপ্তাৰ হোৱা আইএছআই এজেণ্টজনৰ নাম ৰবীন্দ্ৰ কুমাৰ বুলি জানিব পৰা গৈছে। তেওঁ ফিৰোজাবাদ জিলাত অৱস্থিত অৰ্ডিনেন্স ফেক্টৰীত চাৰ্জমেনৰ পদত অধিষ্ঠিত। আইএছআইৰ হানি ট্ৰেপিঙৰ জালত বন্ধি হৈ পৰা ৰবীন্দ্ৰই তেওঁলোকৰ মহিলা চোৰাংচোৱালৈ অৰ্ডানেন্স ফেক্টৰীৰ বহু গুৰুত্বপূৰ্ণ গোপনীয় তথ্য প্ৰেৰণ কৰিছিল।

এই তথ্য প্ৰদান কৰি ATSৰ ADG নিলাব্জা চৌধুৰীয়ে জনোৱা মতে, গ্ৰেপ্তাৰ হোৱা ৰবীন্দ্ৰ কুমাৰ পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছ আইৰ হানি ট্ৰেপিঙৰ জৰিয়তে এগৰাকী মহিলা এজেণ্টে আবদ্ধ কৰি ৰাখিছিল। পূৰ্বে মহিলাগৰাকীয়ে ৰবীন্দ্ৰৰ আগত নেহা শৰ্মা বুলি পৰিচয় দিছিল। বহু বছৰৰ আগতে ফেচবুকৰ জৰিয়তে হৈছিল তেওঁলোকৰ বন্ধুত্ব। তেওঁ কয় যে, ফিৰোজাবাদৰ হজৰতপুৰত অৱস্থিত অৰ্ডানেন্স ফেক্টৰীৰ বহু গুৰুত্বপূৰ্ণ গোপনীয় তথ্য ৰবীন্দ্ৰই তেওঁৰ ম’বাইলৰ পৰা মহিলা এজেণ্ট নেহা শৰ্মালৈ প্ৰেৰণ কৰিছিল।

ATSৰ ADG নিলাব্জা চৌধুৰীয়ে সংবাদ মাধ্যমক জনোৱা মতে, তদন্তত দেখা গৈছে যে ৰবীন্দ্ৰ কুমাৰে অৰ্ডানেন্স ফেক্টৰীৰ দৈনিক উৎপাদন প্ৰতিবেদন, য’ত ড্ৰ’ন, গগনযান প্ৰকল্প আৰু অন্যান্য গোপনীয় তথ্য, স্ক্ৰীনিং কমিটীৰ গোপনীয় পত্ৰ আদি আইএছআইৰ চোৰাংচোৱা নেহা শৰ্মালৈ প্ৰেৰণ কৰিছিল। জানিব পৰা মতে, কথা-বতৰাৰ সময়ত মহিলাগৰাকীয়ে প্ৰকাশ কৰিছিল যে তেওঁ পাকিস্তানৰ চোৰাংচোৱা সংস্থাত কাম কৰে। কিন্তু তাৰ পাছত ধনৰ লোভত ৰবীন্দ্ৰ সিঙে নেহালৈ গোপনীয় নথি-পত্ৰ প্ৰেৰণ কৰিছিল।

আৰক্ষীৰ মতে, ৰবীন্দ্ৰই আইএছআইৰ এজেণ্ট নেহা শৰ্মাৰ নম্বৰ ‘চন্দন ষ্ট’ৰ কীপাৰ-২’ৰ নামত চেফ কৰি ৰাখিছিল। তেওঁৰ মোবাইল গেলেৰীৰ পৰা অৰ্ডানেন্স ফেক্টৰীৰ জ্যেষ্ঠ বিষয়া আৰু 51 গোৰ্খা ৰাইফলছৰ বিষয়াই কৰা লজিষ্টিক ড্ৰ’নৰ পৰীক্ষা সম্পৰ্কীয় তথ্যও  উদ্ধাৰ হৈছে। ইয়াৰ উপৰিও ATSৰ হাতত পৰিছে হোৱাটছএপৰ মেছেজ আৰু ৰবীন্দ্ৰ সিঙৰ মোবাইলৰ পৰা প্ৰেৰণ কৰা বহু গোপনীয় নথি-পত্ৰ । আগ্ৰাৰ পৰা সহযোগীসহ ৰবীন্দ্ৰ সিঙক গ্ৰেপ্তাৰ কৰিছে উত্তৰ প্ৰদেশ ATSয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব